--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে কুকুৰতকৈ বিশ্বাসী আৰু প্ৰভুভক্ত আন কোনো নাই। কুকুৰবোৰ ইমানেই আনুগত্যশীল যে বছৰ বছৰ ধৰি মালিকৰ ঘৰৰ পৰা আঁতৰি থকাৰ পিছতো তেওঁক পাহৰি নাযায় আৰু সুযোগ পালেই তেওঁক লগ কৰিবলৈ যায়। শেহতীয়াকৈ এটা কুকুৰে চৰ্চা লাভ কৰিছে।  আয়াৰলেণ্ডৰ এটা কুকুৰে ভোকাতুৰ পেটেৰে ২৭ দিন ধৰি ৬৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পুৰণি মালিকক লগ কৰিবলৈ আহে। 

এক প্ৰতিবেদন অনুসৰি উত্তৰ আয়াৰলেণ্ডৰ ডুংগানন চহৰত এটা গোল্ডেন ৰিট্ৰিভাৰ কুকুৰে নিজৰ পুৰণি মালিকক লগ কৰিবলৈ ৬৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি সকলোকে আচৰিত কৰি তোলে। কুপাৰ নামৰ এই কুকুৰটোৰ মালিকৰ প্ৰতি থকা আনুগত্যই সকলোকে আৱেগিক কৰি তুলিছে।

কুপাৰক তেওঁৰ পূৰ্বৰ মালিকে পোহনীয়া জন্তুৰ দোকান এখনত বিক্ৰী কৰিছিল। কুপাৰক শেহতীয়াকৈ নাইজেল ফ্লেমিং নামৰ এজন ফটোগ্ৰাফাৰে কিনি লৈছিল আৰু তেওঁক নিজৰ ঘৰলৈ লৈ গৈছিল। য’ৰ পৰা কুকুৰটোৰ পুৰণি মালিকৰ ঘৰটো আছিল ৬৪ কিলোমিটাৰ দূৰৈৰ ট’বাৰম’ৰ চহৰত।

নতুন মালিকে কুপাৰক নিজৰ গাড়ীত উঠাই ফুৰাবলৈ লৈ গৈছিল। গাড়ীৰ দুৱাৰখন খুলি দিয়াৰ লগে লগে কুপাৰে তাৰ পৰা পলাই গৈছিল। গাড়ীৰ পৰা সি ইমান বেগেৰে দৌৰি গ’ল যে নাইজেলে একো ধৰিব নোৱাৰিলে। ইয়াৰ পাছত নাইজেলে লষ্ট প’ছ নামৰ এটা সংগঠনৰ সহায়ত কুকুৰটোক বিচাৰিবলৈ আৰম্ভ কৰে। কুপাৰক বিচাৰিবলৈ পোষ্টাৰ লগোৱা হৈছিল যদিও তাৰ বিষয়ে কোনো তথ্য পোৱা নগ’ল।

২৬ এপ্ৰিলত লষ্ট প’ছ সংগঠনে হঠাতে নাইজেল ফ্লেমিঙলৈ ফোন কৰি জনালে যে কুপাৰক ট’বাৰম’ৰত দেখা গৈছে। এই কথা শুনি নাইজেল আৰু সংগঠনটো স্তম্ভিত হৈ পৰে কাৰণ প্ৰায় ২৭ দিনত ৬৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি কুকুৰটোৱে নিজৰ পুৰণি ঘৰত উপস্থিত হৈছিল।

লষ্ট প’ছৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, যাত্ৰাৰ সময়ত কুকুৰটোৱে ৰাস্তা পাৰ হৈ, হাবি পাৰ হৈ, পথাৰ পাৰ হৈ, যান-জঁটৰ পৰা আঁতৰি থাকি, জনসাধাৰণৰ চকুৰ পৰা আঁতৰি থাকি ভোকত থাকিলে। একো নোখোৱাকৈয়ে ২৭ দিন ৬৪ কিলোমিটাৰ যাত্ৰা কৰি কুপাৰ উপস্থিত হল শৈশৱ পাৰ কৰা ঘৰখনত। তেওঁ কয় যে কুপাৰৰ উদ্ধাৰ অভিযানৰ অংশ হ’বলৈ পাই তেওঁ অতি সুখী।

কুপাৰ এতিয়া সম্পূৰ্ণ সুস্থ অৱস্থাত আছে। কুপাৰৰ এই কাহিনীয়ে এতিয়া সকলোকে আৱেগিক কৰি তুলিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস