--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে কুকুৰতকৈ বিশ্বাসী আৰু প্ৰভুভক্ত আন কোনো নাই। কুকুৰবোৰ ইমানেই আনুগত্যশীল যে বছৰ বছৰ ধৰি মালিকৰ ঘৰৰ পৰা আঁতৰি থকাৰ পিছতো তেওঁক পাহৰি নাযায় আৰু সুযোগ পালেই তেওঁক লগ কৰিবলৈ যায়। শেহতীয়াকৈ এটা কুকুৰে চৰ্চা লাভ কৰিছে।  আয়াৰলেণ্ডৰ এটা কুকুৰে ভোকাতুৰ পেটেৰে ২৭ দিন ধৰি ৬৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পুৰণি মালিকক লগ কৰিবলৈ আহে। 

এক প্ৰতিবেদন অনুসৰি উত্তৰ আয়াৰলেণ্ডৰ ডুংগানন চহৰত এটা গোল্ডেন ৰিট্ৰিভাৰ কুকুৰে নিজৰ পুৰণি মালিকক লগ কৰিবলৈ ৬৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি সকলোকে আচৰিত কৰি তোলে। কুপাৰ নামৰ এই কুকুৰটোৰ মালিকৰ প্ৰতি থকা আনুগত্যই সকলোকে আৱেগিক কৰি তুলিছে।

কুপাৰক তেওঁৰ পূৰ্বৰ মালিকে পোহনীয়া জন্তুৰ দোকান এখনত বিক্ৰী কৰিছিল। কুপাৰক শেহতীয়াকৈ নাইজেল ফ্লেমিং নামৰ এজন ফটোগ্ৰাফাৰে কিনি লৈছিল আৰু তেওঁক নিজৰ ঘৰলৈ লৈ গৈছিল। য’ৰ পৰা কুকুৰটোৰ পুৰণি মালিকৰ ঘৰটো আছিল ৬৪ কিলোমিটাৰ দূৰৈৰ ট’বাৰম’ৰ চহৰত।

নতুন মালিকে কুপাৰক নিজৰ গাড়ীত উঠাই ফুৰাবলৈ লৈ গৈছিল। গাড়ীৰ দুৱাৰখন খুলি দিয়াৰ লগে লগে কুপাৰে তাৰ পৰা পলাই গৈছিল। গাড়ীৰ পৰা সি ইমান বেগেৰে দৌৰি গ’ল যে নাইজেলে একো ধৰিব নোৱাৰিলে। ইয়াৰ পাছত নাইজেলে লষ্ট প’ছ নামৰ এটা সংগঠনৰ সহায়ত কুকুৰটোক বিচাৰিবলৈ আৰম্ভ কৰে। কুপাৰক বিচাৰিবলৈ পোষ্টাৰ লগোৱা হৈছিল যদিও তাৰ বিষয়ে কোনো তথ্য পোৱা নগ’ল।

২৬ এপ্ৰিলত লষ্ট প’ছ সংগঠনে হঠাতে নাইজেল ফ্লেমিঙলৈ ফোন কৰি জনালে যে কুপাৰক ট’বাৰম’ৰত দেখা গৈছে। এই কথা শুনি নাইজেল আৰু সংগঠনটো স্তম্ভিত হৈ পৰে কাৰণ প্ৰায় ২৭ দিনত ৬৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি কুকুৰটোৱে নিজৰ পুৰণি ঘৰত উপস্থিত হৈছিল।

লষ্ট প’ছৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, যাত্ৰাৰ সময়ত কুকুৰটোৱে ৰাস্তা পাৰ হৈ, হাবি পাৰ হৈ, পথাৰ পাৰ হৈ, যান-জঁটৰ পৰা আঁতৰি থাকি, জনসাধাৰণৰ চকুৰ পৰা আঁতৰি থাকি ভোকত থাকিলে। একো নোখোৱাকৈয়ে ২৭ দিন ৬৪ কিলোমিটাৰ যাত্ৰা কৰি কুপাৰ উপস্থিত হল শৈশৱ পাৰ কৰা ঘৰখনত। তেওঁ কয় যে কুপাৰৰ উদ্ধাৰ অভিযানৰ অংশ হ’বলৈ পাই তেওঁ অতি সুখী।

কুপাৰ এতিয়া সম্পূৰ্ণ সুস্থ অৱস্থাত আছে। কুপাৰৰ এই কাহিনীয়ে এতিয়া সকলোকে আৱেগিক কৰি তুলিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল