--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে হাতত লোৱা প্ৰজেক্ট চিতা বাঘৰ বাবে দুঃস্বপ্ন বুলি প্ৰমাণিত হৈছে। বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ দুটা চিতা পোৱালিৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে কুনো ৰাষ্ট্ৰীয় উদ্যানত আন এটা চিতা পোৱালিৰ মৃত্যু হৈছিল। আন এটা পোৱালিৰ অৱস্থা সংকটজনক হৈয়ে আছে, পোৱালিটোক বৰ্তমান পৰ্যবেক্ষণত ৰখা হৈছে। এই সকলোবোৰ পোৱালি মাইকী চিতা ‘জ্বালা’ৰ সন্তান।

এই তিনিটা পোৱালিৰ মৃত্যুকে ধৰি আফ্ৰিকাৰ দেশৰ পৰা ভাৰতলৈ অহা মুঠ ৬টা চিতা যোৱা ২ মাহত মৃত্যু হৈছে। প্ৰথম ৩ টা চিতা বিভিন্ন কাৰণত মৃত্যুবৰণ কৰে।চিতাৰ পোৱালি তিনিটাৰ মৃত্যুৰ কাৰণ প্ৰেছনোটৰ দ্বাৰা কোৱা হৈছে। কুনো ৰাষ্ট্ৰীয় উদ্যানে জাৰি কৰা প্ৰেছ নোট অনুসৰি ২৩ মে’ দিনটো আছিল ঋতুৰ আটাইতকৈ গৰম দিন। দিনটো আগবাঢ়ি যোৱাৰ লগে লগে গৰম বাঢ়ি আহিল আৰু তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলছিয়াছ পালে আৰু জ্বালাৰ পোৱালিবোৰৰ স্বাস্থ্যৰ অৱনতি ঘটিল। ৰোগীয়া পোৱালিটোক পৰ্যবেক্ষণৰ অধীনত ৰখা হৈছে। কমেও এমাহৰ বাবে পোৱালিটোক পৰ্যবেক্ষণত ৰখা হ’ব। যোৱা দুদিনৰ তুলনাত পোৱালিটোৰ অৱস্থাৰ উন্নতি হৈছে। কিন্তু সম্পূৰ্ণ সঠিক এতিয়ালৈকে নহয়। ইয়াৰ উপৰিও পোৱালিটোক মাতৃ জ্বালাৰ পৰা ১ মাহ আঁতৰত ৰখা হ’ব। জ্বালাৰ সকলো পোৱালি জন্মতে অতি দুৰ্বল বুলিও কোৱা হৈছিল।

এই ৰোগৰ পিছত মৃত্যু হোৱা চিতা পোৱালিবোৰৰ বয়স আছিল প্ৰায় আঠ সপ্তাহ। ৮ মহীয়া পোৱালি সাধাৰণতে অনুসন্ধিৎসু আৰু অহৰহ মাকক অনুসৰণ কৰা বিধৰ। এই পোৱালিবোৰে প্ৰায় ৮-১০ দিন আগতে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। প্ৰাপ্তি তথ্য অনুসৰি আফ্ৰিকাত চিতা পোৱালিৰ জীয়াই থকাৰ হাৰ সাধাৰণতে অতি কম। বৰ্তমান ষ্টেণ্ডাৰ্ড প্ৰট’কল অনুসৰি পোৱালিকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ কাম চলি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত