--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে হাতত লোৱা প্ৰজেক্ট চিতা বাঘৰ বাবে দুঃস্বপ্ন বুলি প্ৰমাণিত হৈছে। বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ দুটা চিতা পোৱালিৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে কুনো ৰাষ্ট্ৰীয় উদ্যানত আন এটা চিতা পোৱালিৰ মৃত্যু হৈছিল। আন এটা পোৱালিৰ অৱস্থা সংকটজনক হৈয়ে আছে, পোৱালিটোক বৰ্তমান পৰ্যবেক্ষণত ৰখা হৈছে। এই সকলোবোৰ পোৱালি মাইকী চিতা ‘জ্বালা’ৰ সন্তান।

এই তিনিটা পোৱালিৰ মৃত্যুকে ধৰি আফ্ৰিকাৰ দেশৰ পৰা ভাৰতলৈ অহা মুঠ ৬টা চিতা যোৱা ২ মাহত মৃত্যু হৈছে। প্ৰথম ৩ টা চিতা বিভিন্ন কাৰণত মৃত্যুবৰণ কৰে।চিতাৰ পোৱালি তিনিটাৰ মৃত্যুৰ কাৰণ প্ৰেছনোটৰ দ্বাৰা কোৱা হৈছে। কুনো ৰাষ্ট্ৰীয় উদ্যানে জাৰি কৰা প্ৰেছ নোট অনুসৰি ২৩ মে’ দিনটো আছিল ঋতুৰ আটাইতকৈ গৰম দিন। দিনটো আগবাঢ়ি যোৱাৰ লগে লগে গৰম বাঢ়ি আহিল আৰু তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলছিয়াছ পালে আৰু জ্বালাৰ পোৱালিবোৰৰ স্বাস্থ্যৰ অৱনতি ঘটিল। ৰোগীয়া পোৱালিটোক পৰ্যবেক্ষণৰ অধীনত ৰখা হৈছে। কমেও এমাহৰ বাবে পোৱালিটোক পৰ্যবেক্ষণত ৰখা হ’ব। যোৱা দুদিনৰ তুলনাত পোৱালিটোৰ অৱস্থাৰ উন্নতি হৈছে। কিন্তু সম্পূৰ্ণ সঠিক এতিয়ালৈকে নহয়। ইয়াৰ উপৰিও পোৱালিটোক মাতৃ জ্বালাৰ পৰা ১ মাহ আঁতৰত ৰখা হ’ব। জ্বালাৰ সকলো পোৱালি জন্মতে অতি দুৰ্বল বুলিও কোৱা হৈছিল।

এই ৰোগৰ পিছত মৃত্যু হোৱা চিতা পোৱালিবোৰৰ বয়স আছিল প্ৰায় আঠ সপ্তাহ। ৮ মহীয়া পোৱালি সাধাৰণতে অনুসন্ধিৎসু আৰু অহৰহ মাকক অনুসৰণ কৰা বিধৰ। এই পোৱালিবোৰে প্ৰায় ৮-১০ দিন আগতে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। প্ৰাপ্তি তথ্য অনুসৰি আফ্ৰিকাত চিতা পোৱালিৰ জীয়াই থকাৰ হাৰ সাধাৰণতে অতি কম। বৰ্তমান ষ্টেণ্ডাৰ্ড প্ৰট’কল অনুসৰি পোৱালিকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ কাম চলি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস