--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ দেওবাৰে নতুন সংসদ ভৱন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে ৭৫ টকীয়া মুদ্ৰা আৰু এটা বিশেষ স্মৃতিচাৰণ ডাক টিকটো মুকলি কৰা হয়। পুৰণি অট্টালিকাতকৈ নতুন সংসদ বহু দিশত পৃথক। নতুন সংসদ ভৱনটো নিৰ্মাণ কৰিবলৈ কিমান সময় লাগিছিল, লগতে কিমান খৰচ হৈছিল আৰু পুৰণিটোৰ পৰা কিমান বেলেগ সেই কথা বিষদভাৱে জানো আহক৷

টাটা প্ৰজেক্টছ লিমিটেডে নিৰ্মাণ কৰিছে সংসদৰ নতুন ভৱন। ইয়াত এটা গ্ৰেণ্ড কনষ্টিটিউচন হল, সদস্যৰ বাবে লাউঞ্জ, লাইব্ৰেৰী, কেইবাটাও কমিটী ৰুম, কেফে, ডাইনিং এৰিয়া আৰু পাৰ্কিঙৰ বাবে যথেষ্ট ঠাই আছে। ইয়াৰ ডিজাইন প্ৰস্তুত কৰিছে গুজৰাটৰ কোম্পানী HCP য়ে। খবৰ অনুসৰি নতুন ভৱনটো নিৰ্মাণৰ বাবে প্ৰায় ১২০০ কোটি টকা ব্যয় কৰা হৈছে।

নতুন ভৱনৰ লোকসভা চেম্বাৰত ৮৮৮ জন আৰু ৰাজ্যসভা চেম্বাৰত ৩৮৪ জন সদস্য বহিব পাৰিব। দুয়োটা সদনৰ যৌথ বৈঠক হ’লে মুঠ ১২৮০ জন সদস্যক লোকসভা চেম্বাৰত বহাৰ ব্যৱস্থা কৰা হৈছে। ২০২০ চনৰ ১০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ভৱনটোৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তিনি বছৰ নৌহওঁতেই নিৰ্মাণ সম্পূৰ্ণ হৈছিল। ৬৪,৫০০ বৰ্গমিটাৰত বিস্তৃত এই চাৰিমহলীয়া অট্টালিকাটো ত্ৰিকোণীয় আকৃতিৰ।

এই অট্টালিকাৰ তিনিটা মূল দুৱাৰ – জ্ঞান দ্বাৰ, শক্তি দ্বাৰ আৰু কৰ্মদ্বাৰ। ইয়াত ভিআইপি, সাংসদ আৰু দৰ্শনাৰ্থীৰ বাবে সুকীয়া প্ৰৱেশদ্বাৰ আছে। নতুন সংসদত লোকসভাৰ অধ্যক্ষৰ আসনৰ সমীপত স্থাপন কৰা হৈছে ঐতিহাসিক ৰাজদণ্ড ‘ছেংগোল’। জাতীয় পক্ষী ময়ুৰৰ বিষয়বস্তুৰ ওপৰত লোকসভা কক্ষ আৰু জাতীয় ফুল পদ্মৰ বিষয়বস্তুৰ ওপৰত ৰাজ্যসভা কক্ষ নিৰ্মাণ কৰা হৈছে।

নতুন আৰু পুৰণি সংসদ ভৱনৰ তুলনা কৰিলে ১৯২৭ চনত প্ৰায় ৬ বছৰত পুৰণি সংসদ ভৱন সম্পূৰ্ণ হয়। আনহাতে নতুন ভৱনটো তিনি বছৰ নৌহওঁতেই সম্পূৰ্ণ হয়৷পুৰণি অট্টালিকাটো বৰ্তমানৰ প্ৰয়োজনীয়তাৰ বাবে অপৰ্যাপ্ত হোৱাৰ লগতে বহাৰ ব্যৱস্থাও সংকীৰ্ণ হৈ পৰিছিল। সেইবাবেই নতুন অট্টালিকাটো নিৰ্মাণ কৰা হ’ল। ৫৬৬ মিটাৰ ব্যাসৰ এই পুৰণি ভৱনটোত লোকসভাত ৫৫০ জন আৰু ৰাজ্যসভাত ২৫০ জন সদস্যৰ ক্ষমতা আছে। প্ৰায় এশ বছৰ পুৰণি এই অট্টালিকাটোত দুয়োটা সদনৰ যৌথ বৈঠকৰ সময়ত অধিক ঠাইৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল বাবে নতুন ভৱনটো নিৰ্মাণ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement