--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে নেপালী কংগ্ৰেছৰ ৰামচন্দ্ৰ পৌড়েল। নেপালৰ নিৰ্বাচন আয়ুক্তই প্ৰকাশ কৰা অনুসৰি, পৌড়েলে ৩৩,৮০২টা নিৰ্বাচনী ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী সুভাষ চন্দ্ৰ নেমবাঙে ১৫,৫১৮টা নিৰ্বাচনী ভোট লাভ কৰে।

প্ৰধানমন্ত্ৰী প্ৰচন্দৰ নেতৃত্বত আঠদলীয় মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী আছিল পৌডেল, আনহাতে নেম্বাং চিপিএন-ইউএমএলৰ সৈতে জড়িত আছিল। 

নেপালৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ফেডাৰেল সংসদৰ ৩১৩ জন সদস্যই ভোটদানত অংশগ্ৰহণ কৰাৰ বিপৰীতে প্ৰদেশ বিধানসভাৰ ৫১৮ জন সদস্যই ৰাষ্ট্ৰপতি বাছনি কৰাৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

কাঠমাণ্ডুৰ নতুন বানেশ্বৰৰ নেপালৰ সংসদ ভৱনত অনুষ্ঠিত হয় ভোটদান। হিমালয় ৰাষ্ট্ৰৰ নিৰ্বাচন আয়োগে ফেডাৰেল সংসদ সদস্য আৰু প্ৰদেশ বিধানসভাৰ সদস্যসকলৰ বাবে দুটা পৃথক ভোটকেন্দ্ৰ স্থাপন কৰিছিল হলটোত।

নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিশ্চিত কৰিছে যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সন্ধিয়া ৭ বজাত (এন এছ টি) ঘোষণা কৰা হ’ব।

উল্লেখ্য যে ৭৮ বৰ্ষীয় ৰামচন্দ্ৰ পৌডেল নেপালৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদ হিচাপে সুপৰিচিত৷ ১৯৪৪ চনৰ ছেপ্টেম্বৰ মাহত নেপালৰ তানাহুত জন্মলাভ কৰিছিল তেওঁ৷

ইয়াৰ পূৰ্বে তেওঁ উপ-প্ৰধানমন্ত্ৰী আৰু নেপালৰ প্ৰতিনিধি সদনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।। ২০২২ চনৰ সাধাৰণ নিৰ্বাচনত পৌডেল সংসদৰ সদস্য হিচাপে নতুনকৈ নিৰ্বাচিত হৈছিল৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
হোটেল ৰুমত মৃত অৱস্থাত উদ্ধাৰ মালয়ালম অভিনেতা কলাভৱন নভাছ, আৰক্ষীৰ তদন্ত অব্যাহত
মাজনিশা ভোকাতুৰ শিশুৰ চিৎকাৰে কঁপাইছে গাজা
ট্ৰাম্পে ভাৰতক ‘মৃত অৰ্থনীতি’ বুলি অভিহিত কৰাৰ পাছত প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
বিপদত অনিল আম্বানী!