--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে নেপালী কংগ্ৰেছৰ ৰামচন্দ্ৰ পৌড়েল। নেপালৰ নিৰ্বাচন আয়ুক্তই প্ৰকাশ কৰা অনুসৰি, পৌড়েলে ৩৩,৮০২টা নিৰ্বাচনী ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী সুভাষ চন্দ্ৰ নেমবাঙে ১৫,৫১৮টা নিৰ্বাচনী ভোট লাভ কৰে।

প্ৰধানমন্ত্ৰী প্ৰচন্দৰ নেতৃত্বত আঠদলীয় মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী আছিল পৌডেল, আনহাতে নেম্বাং চিপিএন-ইউএমএলৰ সৈতে জড়িত আছিল। 

নেপালৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ফেডাৰেল সংসদৰ ৩১৩ জন সদস্যই ভোটদানত অংশগ্ৰহণ কৰাৰ বিপৰীতে প্ৰদেশ বিধানসভাৰ ৫১৮ জন সদস্যই ৰাষ্ট্ৰপতি বাছনি কৰাৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

কাঠমাণ্ডুৰ নতুন বানেশ্বৰৰ নেপালৰ সংসদ ভৱনত অনুষ্ঠিত হয় ভোটদান। হিমালয় ৰাষ্ট্ৰৰ নিৰ্বাচন আয়োগে ফেডাৰেল সংসদ সদস্য আৰু প্ৰদেশ বিধানসভাৰ সদস্যসকলৰ বাবে দুটা পৃথক ভোটকেন্দ্ৰ স্থাপন কৰিছিল হলটোত।

নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিশ্চিত কৰিছে যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সন্ধিয়া ৭ বজাত (এন এছ টি) ঘোষণা কৰা হ’ব।

উল্লেখ্য যে ৭৮ বৰ্ষীয় ৰামচন্দ্ৰ পৌডেল নেপালৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদ হিচাপে সুপৰিচিত৷ ১৯৪৪ চনৰ ছেপ্টেম্বৰ মাহত নেপালৰ তানাহুত জন্মলাভ কৰিছিল তেওঁ৷

ইয়াৰ পূৰ্বে তেওঁ উপ-প্ৰধানমন্ত্ৰী আৰু নেপালৰ প্ৰতিনিধি সদনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।। ২০২২ চনৰ সাধাৰণ নিৰ্বাচনত পৌডেল সংসদৰ সদস্য হিচাপে নতুনকৈ নিৰ্বাচিত হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ