--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত দুটাকৈ কাৰ্যকাল অন্ত পেলাই বিচিচিআইৰ পৰা প্ৰস্থান কৰা বংগ মহাৰাজ সৌৰভ গাংগুলীৰ স্থানত বিচিচিআইৰ নতুন সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ৰ’জাৰ বিন্নীয়ে। বিশ্বৰ আটাইতকৈ ধনৱন্ত ক্ৰিকেট ব'ৰ্ড হিচাপে খ্যাত বিচিচিআইৰ শীৰ্ষ পদৰ বাবে মনোনয়ন দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী হিচাপে বিন্নীয়ে আজি দায়িত্ব গ্ৰহণ কৰাৰ পাছতে মুম্বাইত অনুষ্ঠিত হোৱা বিচিচিআইৰ ৯১ তম বাৰ্ষিক সাধাৰণ সভাত অংশ লয়। 

বৈঠকৰ পাছতে বিন্নীয়ে  সভাপতি হিচাপে তেওঁৰ পৰিকল্পনাৰ এক আভাস দিয়ে। মুখ্যতঃ দুটা বিষয়ত বিন্নীয়ে অধিক গুৰুত্ব আৰোপ কৰা হ’ব বুলি জানিবলৈ দিয়ে। আঘাতৰ সমস্যাই ভাৰাক্ৰান্ত কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ আঘাত প্ৰতিৰোধৰ ওপৰতে প্ৰধানকৈ গুৰুত্ব দিব বিচাৰে বুলি বিন্নীয়ে উল্লেখ কৰে। 

"বিচিচিআইৰ সভাপতি হিচাপে মই মুখ্যতঃ দুটা বিষয়ত গুৰুত্ব দিব বিচাৰো। প্ৰথমতে,  খেলুৱৈসকলৰ আঘাত প্ৰতিৰোধ। যশপ্ৰীত বুমৰাহ বিশ্বকাপৰ ঠিক পূৰ্বে আঘাতপ্ৰাপ্ত হৈছিল, যাৰ ফলত সমগ্ৰ পৰিকল্পনা প্ৰভাৱিত হৈছিল। দ্বিতীয়তে, মই দেশৰ পিটছবোৰত গুৰুত্ব দিব বিচাৰো।"— বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত বিন্নীয়ে কয়।

উল্লেখ্য যে ভাৰতৰ বেগী বলিং আক্ৰমণৰ এসময়ৰ অন্যতম প্ৰধান তাৰকা বিন্নীয়ে ২৭ খন টেষ্ট মেচ আৰু ৭২ খন এদিনীয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। সোঁহাতৰ পেচাৰ গৰাকীয়ে টেষ্টত ৪৭ টা উইকেট লাভ কৰাৰ লগতে এদিনীয়াত ৭৭ টা উইকেট দখল কৰিছিল। ১৯৮৩ চনৰ বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে ১৮ টা উইকেট লাভ কৰি ভাৰতৰ প্ৰথম বিশ্বকাপ বিজয়ত তেওঁ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল বিন্নীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement