--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত দুটাকৈ কাৰ্যকাল অন্ত পেলাই বিচিচিআইৰ পৰা প্ৰস্থান কৰা বংগ মহাৰাজ সৌৰভ গাংগুলীৰ স্থানত বিচিচিআইৰ নতুন সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ৰ’জাৰ বিন্নীয়ে। বিশ্বৰ আটাইতকৈ ধনৱন্ত ক্ৰিকেট ব'ৰ্ড হিচাপে খ্যাত বিচিচিআইৰ শীৰ্ষ পদৰ বাবে মনোনয়ন দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী হিচাপে বিন্নীয়ে আজি দায়িত্ব গ্ৰহণ কৰাৰ পাছতে মুম্বাইত অনুষ্ঠিত হোৱা বিচিচিআইৰ ৯১ তম বাৰ্ষিক সাধাৰণ সভাত অংশ লয়। 

বৈঠকৰ পাছতে বিন্নীয়ে  সভাপতি হিচাপে তেওঁৰ পৰিকল্পনাৰ এক আভাস দিয়ে। মুখ্যতঃ দুটা বিষয়ত বিন্নীয়ে অধিক গুৰুত্ব আৰোপ কৰা হ’ব বুলি জানিবলৈ দিয়ে। আঘাতৰ সমস্যাই ভাৰাক্ৰান্ত কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ আঘাত প্ৰতিৰোধৰ ওপৰতে প্ৰধানকৈ গুৰুত্ব দিব বিচাৰে বুলি বিন্নীয়ে উল্লেখ কৰে। 

"বিচিচিআইৰ সভাপতি হিচাপে মই মুখ্যতঃ দুটা বিষয়ত গুৰুত্ব দিব বিচাৰো। প্ৰথমতে,  খেলুৱৈসকলৰ আঘাত প্ৰতিৰোধ। যশপ্ৰীত বুমৰাহ বিশ্বকাপৰ ঠিক পূৰ্বে আঘাতপ্ৰাপ্ত হৈছিল, যাৰ ফলত সমগ্ৰ পৰিকল্পনা প্ৰভাৱিত হৈছিল। দ্বিতীয়তে, মই দেশৰ পিটছবোৰত গুৰুত্ব দিব বিচাৰো।"— বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত বিন্নীয়ে কয়।

উল্লেখ্য যে ভাৰতৰ বেগী বলিং আক্ৰমণৰ এসময়ৰ অন্যতম প্ৰধান তাৰকা বিন্নীয়ে ২৭ খন টেষ্ট মেচ আৰু ৭২ খন এদিনীয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। সোঁহাতৰ পেচাৰ গৰাকীয়ে টেষ্টত ৪৭ টা উইকেট লাভ কৰাৰ লগতে এদিনীয়াত ৭৭ টা উইকেট দখল কৰিছিল। ১৯৮৩ চনৰ বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে ১৮ টা উইকেট লাভ কৰি ভাৰতৰ প্ৰথম বিশ্বকাপ বিজয়ত তেওঁ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল বিন্নীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু