--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ভাৰতীয় দল প্ৰেৰণ কৰা নহয় বুলি স্পষ্ট ঘোষণা কৰাৰ লগতে বিচিচিআইৰ সচিব তথা এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী জয় শ্বাহে ২০২৩ চনৰ এছিয়া কাপ নিৰপেক্ষ স্থানত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰাৰ পিছতে ক্ৰমশ: চুবুৰীয়া দেশ দুখনৰ ক্ৰিকেট ব'ৰ্ডৰ মাজত সংঘাতৰ লক্ষণে গা কৰি উঠিছে। এই সংঘাতৰ প্ৰাথমিক লক্ষণ হিচাপে এইবাৰ অহা বৰ্ষত ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ বৰ্জনৰ ভাবুকি দিছে পাকিস্তান ক্ৰিকেট  ব’ৰ্ডে। 

পিচিবিৰ অধ্যক্ষ ৰামিজ ৰাজাৰ এক ঘনিষ্ঠ সূত্ৰই শ্বাহৰ বক্তব্যৰ পিছতে পিচিবিয়ে ভাৰতত অনুষ্ঠিত হোৱা ৫০ অভাৰৰ আইচিচি বিশ্বকাপৰ পৰা আঁতৰি যোৱাৰ কথা চিন্তা কৰিছে বুলি উল্লেখ কৰিছে। পিচিবিৰ এগৰাকী জেষ্ঠ বিষয়াৰ মন্তব্য অনুসৰি পিচিবিয়ে ভালদৰে জানে যে যদি পাকিস্তানে এই শীৰ্ষ টুৰ্ণামেণ্ট সমূহত পাকিস্তানে ভাৰতৰ সৈতে প্ৰতিদ্বন্দিতা নকৰে, তেতিয়া আইচিচি আৰু এচিচি ইভেণ্টসমূহ লোকচানৰ সন্মুখীন হ'ব লাগিব।

সূত্ৰটোৱে লগতে জয় শ্বাহে কি ক্ষমতাৰ আধাৰত এছিয়া কাপ পাকিস্তানৰ পৰা ইউ.এ.ই.- লৈ স্থানান্তৰ কৰিব বিচাৰি বিবৃতি দিছে সেই লৈও প্ৰশ্ন তোলে। সূত্ৰটোৰ মতে এছিয়া কাপ আয়োজনৰ অধিকাৰ এচিচিৰ কাৰ্যবাহী পৰিষদে প্ৰদান কৰিছে আৰু ইয়াত অধ্যক্ষৰ কোনো ভূমিকা নাই। সেয়ে এচিচিৰ অধ্যক্ষ জয় শ্বাহৰ এই সন্দৰ্ভত বিবৃতি দিয়াৰ কোনো অধিকাৰ নাই বুলি পিচিবিৰ সূত্ৰটোৱে লগতে কয়। 

অৱশ্যে পিচিবিয়ে জয় শ্বাহৰ বক্তব্যৰ ওপৰত আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ব’ৰ্ডৰ এগৰাকী মুখপাত্ৰৰ ভাষ্য অনুসৰি এই মুহূৰ্তত পিচিবিৰ ক'বলগীয়া একো নাই। পিচিবিৰ অধ্যক্ষ ৰামিজ ৰাজাই এই বিষয়ত এচিচিলৈ এক পত্ৰ প্ৰেৰণ কৰিব আৰু শ্বাহৰ বিবৃতিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে অহা মাহত মেলবৰ্ণত অনুষ্ঠিত হ'বলগীয়া এচিচি বোৰ্ডৰ এখন জৰুৰী বৈঠক দাবী কৰিব বুলি জানিব পৰা গৈছে।কিন্তু যদি এচিচিৰ সভাপতি জয় শ্বাহে পুনৰ এনে বিবৃতি দিয়, তেন্তে পাকিস্তান এচিচিৰ সদস্য হিচাপে থকাৰ কোনো প্ৰয়োজন নাই বুলি সূত্ৰটোৱে লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক