--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপি নেতৃত্বাধীন এনডিএই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি কেইবাটাও প্ৰতিষ্ঠানৰ এগজিট পলে প্ৰকাশ কৰিছে। কিন্তু এক্সিট পলৰ এনে দাবী মুঠেও মানি ল’ব খোজা নাই কংগ্ৰেছে। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আনকি ভোটগণনাৰ পূৰ্বৰ দিনটোতে হৈ আছে আশাবাদী।  দুটা দশকৰ পূৰ্বে বেছিভাগ এগজিট প’লে ইংগিত দিছিল যে বিজেপিয়ে কেন্দ্ৰত পুনৰ ক্ষমতালৈ আহিব। কংগ্ৰেছৰ নাম গোন্ধই তেনে এগজিট পলত নাছিল। কিন্তু ফলাফলৰ পিছত দেখা গৈছিল যে ইউ পি এয়ে বিজেপি নেতৃত্বাধীন এন ডি এক বহু পিছ পেলাই থৈ গৈছে। সেই সময়ত এগজিট পলৰ দাবী ভুল প্ৰমাণিত কৰি  ইউ পি এৰ চৰকাৰ হৈছিল। ২০ বছৰৰ মূৰত একে ঘটনাৰে পুনৰাবৃত্তি ঘটিব বুলি পৰম আশাবাদী কংগ্ৰেছ নেততৃত্ব। সেয়ে কিবা এটা যাদুকৰী ফলাফলৰ বাবে  অপেক্ষা কৰি আছে কংগ্ৰেছে। আনকি ছোনিয়া গান্ধীয়েও মানি লোৱা নাই এইবাৰৰ এগজিট পল।

এইবাৰ পুনৰ কাৰ্যতঃ সকলো এগজিট প’লত বিজেপি নেতৃত্বাধীন এন ডি এৰ বৃহৎ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছে। একাধিক এগজিট প’লত দাবী কৰা হৈছে যে এন ডি এৰ আসনৰ সংখ্যাই ৪০০ৰ ঘৰ  অতিক্ৰম কৰিব পাৰে। কিন্তু ছোনিয়া গান্ধীয়ে  সেইবোৰ মানি ল’বলৈ অস্বীকাৰ কৰিছে। এগজিট প’লৰ ফলাফল সন্দৰ্ভত সোধাত তেওঁ স্পষ্টকৈ কয় যে ‘এগজিট প’লত দেখুওৱা ফলাফল হুবহু বিপৰীত হ’ব বুলি আমি অতি আশাবাদী। ধৈৰ্য ধৰক , চাওক কি হয়।” উল্লেখ্য যেতিয়া বেছিভাগ এক্সিট প’লে ‘ইণ্ডিয়া শ্বাইনিং’ শ্ল’গানেৰে অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে নিশ্চয়কৈ পুনৰ উভতি আহিব বুলি ইংগিত দিছিল, তেতিয়াও ছোনিয়া গান্ধী নিৰুৎসাহিত অথবা  বিচলিত হোৱা  নাছিল।

কংগ্ৰেছে অৱশ্যে ইতিমধ্যে এগজিট প’লৰ ফলাফলক অস্বীকাৰ  কৰিছে। যেতিয়া ৰাহুল গান্ধীক এই  বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ হাঁহি হাঁহি উত্তৰ দিছিল, "এয়া এগজিট প'ল নহয়, ই মোদী প'ল।" কংগ্ৰেছ নেতাগৰাকীৰ ভাষাত, "ইয়াক 'মোডী প'ল' বুলি কোৱা হয়, এগজিট প'ল নহয়। এয়া হৈছে 'মোদী মিডিয়া প'ল'। কল্পনাৰ আশ্ৰয়লৈ কৰা এক সমীক্ষা।”
কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে দাবী কৰা মতে, "ৰাজ্যখনৰ দুই তৃতীয়াংশ আসন কংগ্ৰেছে পাব।" ৰাজস্থান প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি গোবিন্দ সিঙে  দাবী কৰিছে যে কংগ্ৰেছে কমেও ১১-১২ খন আসনত জয়ী হোৱাটো নিশ্চিত। একেদৰে মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ  ৰাজ্যিক সভাপতি নানা পাটোলে ইণ্ডিয়া মিত্ৰজোঁটে ৰাজ্যখনৰ ৩৮-৪০খন আসন লাভ কৰিব বুলি দাবী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ