--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপি নেতৃত্বাধীন এনডিএই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি কেইবাটাও প্ৰতিষ্ঠানৰ এগজিট পলে প্ৰকাশ কৰিছে। কিন্তু এক্সিট পলৰ এনে দাবী মুঠেও মানি ল’ব খোজা নাই কংগ্ৰেছে। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আনকি ভোটগণনাৰ পূৰ্বৰ দিনটোতে হৈ আছে আশাবাদী।  দুটা দশকৰ পূৰ্বে বেছিভাগ এগজিট প’লে ইংগিত দিছিল যে বিজেপিয়ে কেন্দ্ৰত পুনৰ ক্ষমতালৈ আহিব। কংগ্ৰেছৰ নাম গোন্ধই তেনে এগজিট পলত নাছিল। কিন্তু ফলাফলৰ পিছত দেখা গৈছিল যে ইউ পি এয়ে বিজেপি নেতৃত্বাধীন এন ডি এক বহু পিছ পেলাই থৈ গৈছে। সেই সময়ত এগজিট পলৰ দাবী ভুল প্ৰমাণিত কৰি  ইউ পি এৰ চৰকাৰ হৈছিল। ২০ বছৰৰ মূৰত একে ঘটনাৰে পুনৰাবৃত্তি ঘটিব বুলি পৰম আশাবাদী কংগ্ৰেছ নেততৃত্ব। সেয়ে কিবা এটা যাদুকৰী ফলাফলৰ বাবে  অপেক্ষা কৰি আছে কংগ্ৰেছে। আনকি ছোনিয়া গান্ধীয়েও মানি লোৱা নাই এইবাৰৰ এগজিট পল।

এইবাৰ পুনৰ কাৰ্যতঃ সকলো এগজিট প’লত বিজেপি নেতৃত্বাধীন এন ডি এৰ বৃহৎ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছে। একাধিক এগজিট প’লত দাবী কৰা হৈছে যে এন ডি এৰ আসনৰ সংখ্যাই ৪০০ৰ ঘৰ  অতিক্ৰম কৰিব পাৰে। কিন্তু ছোনিয়া গান্ধীয়ে  সেইবোৰ মানি ল’বলৈ অস্বীকাৰ কৰিছে। এগজিট প’লৰ ফলাফল সন্দৰ্ভত সোধাত তেওঁ স্পষ্টকৈ কয় যে ‘এগজিট প’লত দেখুওৱা ফলাফল হুবহু বিপৰীত হ’ব বুলি আমি অতি আশাবাদী। ধৈৰ্য ধৰক , চাওক কি হয়।” উল্লেখ্য যেতিয়া বেছিভাগ এক্সিট প’লে ‘ইণ্ডিয়া শ্বাইনিং’ শ্ল’গানেৰে অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে নিশ্চয়কৈ পুনৰ উভতি আহিব বুলি ইংগিত দিছিল, তেতিয়াও ছোনিয়া গান্ধী নিৰুৎসাহিত অথবা  বিচলিত হোৱা  নাছিল।

কংগ্ৰেছে অৱশ্যে ইতিমধ্যে এগজিট প’লৰ ফলাফলক অস্বীকাৰ  কৰিছে। যেতিয়া ৰাহুল গান্ধীক এই  বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ হাঁহি হাঁহি উত্তৰ দিছিল, "এয়া এগজিট প'ল নহয়, ই মোদী প'ল।" কংগ্ৰেছ নেতাগৰাকীৰ ভাষাত, "ইয়াক 'মোডী প'ল' বুলি কোৱা হয়, এগজিট প'ল নহয়। এয়া হৈছে 'মোদী মিডিয়া প'ল'। কল্পনাৰ আশ্ৰয়লৈ কৰা এক সমীক্ষা।”
কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে দাবী কৰা মতে, "ৰাজ্যখনৰ দুই তৃতীয়াংশ আসন কংগ্ৰেছে পাব।" ৰাজস্থান প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি গোবিন্দ সিঙে  দাবী কৰিছে যে কংগ্ৰেছে কমেও ১১-১২ খন আসনত জয়ী হোৱাটো নিশ্চিত। একেদৰে মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ  ৰাজ্যিক সভাপতি নানা পাটোলে ইণ্ডিয়া মিত্ৰজোঁটে ৰাজ্যখনৰ ৩৮-৪০খন আসন লাভ কৰিব বুলি দাবী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু