--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন ২০২৪ৰ কাইলৈ ​​অৰ্থাৎ ৪ জুনত কৰা হ’ব ভোট গণনা। পুনৰ এখন নতুন চৰকাৰৰ বাবে কাইলৈ জনা যাব জনতাৰ ৰায়।  নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কাইলৈ  ৫৪৩টা লোকসভা সমষ্টিৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব। কেন্দ্ৰত পৰৱৰ্তী চৰকাৰ  নিৰ্ধাৰণ কৰিবলগীয়া  লোকসভা নিৰ্বাচন ২০২৪ৰ ফলাফলৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিকে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

৪ জুন, মঙলবাৰে লোকসভা নিৰ্বাচন ২০২৪ৰ ভোট গণনাৰ লগতে একেলগে অনুষ্ঠিত হোৱা ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোট গণনাও অনুষ্ঠিত হ’ব।  ইতিমধ্যে  ২ জুনত  ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা  নিৰ্বাচনৰ ভোট গণনা কৰা হৈছে।নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মঙলবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ৰাজ্যিক নিৰ্বাচনৰ ভোটগণনা আৰু গণনা সম্পূৰ্ণ নোহোৱালৈকে সেয়া চলি থাকিব। 

প্ৰতিটো সমষ্টিৰ লোকসভা নিৰ্বাচন ২০২৪ ৰ ফলাফল জানিবলৈ যিকোনো ব্যক্তিয়ে   নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইট – results.eci.gov.in ত ছাৰ্চ কৰিব পাৰে। ৱেবছাইটত কোনো এগৰাকী ব্যক্তিয়ে নিজৰ ৰাজ্যখন  নিৰ্বাচন কৰি  প্ৰয়োজনীয়  সমষ্টিৰ ভোটগণনাৰ তথ্য লাভ কৰিব পাৰিব।  কোন প্ৰাৰ্থী আগবাঢ়ি আছে আৰু কোন পিছ পৰি আছে ইত্যাদি কথাবোৰো ৱেবছাইটত জানিব পৰা যাব। কাইলৈ ভোটাৰ হেল্পলাইন এপতো ফলাফল  উপলব্ধ হ'ব । এই এপটো  প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement