--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন ২০২৪ৰ কাইলৈ ​​অৰ্থাৎ ৪ জুনত কৰা হ’ব ভোট গণনা। পুনৰ এখন নতুন চৰকাৰৰ বাবে কাইলৈ জনা যাব জনতাৰ ৰায়।  নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কাইলৈ  ৫৪৩টা লোকসভা সমষ্টিৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব। কেন্দ্ৰত পৰৱৰ্তী চৰকাৰ  নিৰ্ধাৰণ কৰিবলগীয়া  লোকসভা নিৰ্বাচন ২০২৪ৰ ফলাফলৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিকে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

৪ জুন, মঙলবাৰে লোকসভা নিৰ্বাচন ২০২৪ৰ ভোট গণনাৰ লগতে একেলগে অনুষ্ঠিত হোৱা ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোট গণনাও অনুষ্ঠিত হ’ব।  ইতিমধ্যে  ২ জুনত  ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা  নিৰ্বাচনৰ ভোট গণনা কৰা হৈছে।নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মঙলবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ৰাজ্যিক নিৰ্বাচনৰ ভোটগণনা আৰু গণনা সম্পূৰ্ণ নোহোৱালৈকে সেয়া চলি থাকিব। 

প্ৰতিটো সমষ্টিৰ লোকসভা নিৰ্বাচন ২০২৪ ৰ ফলাফল জানিবলৈ যিকোনো ব্যক্তিয়ে   নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইট – results.eci.gov.in ত ছাৰ্চ কৰিব পাৰে। ৱেবছাইটত কোনো এগৰাকী ব্যক্তিয়ে নিজৰ ৰাজ্যখন  নিৰ্বাচন কৰি  প্ৰয়োজনীয়  সমষ্টিৰ ভোটগণনাৰ তথ্য লাভ কৰিব পাৰিব।  কোন প্ৰাৰ্থী আগবাঢ়ি আছে আৰু কোন পিছ পৰি আছে ইত্যাদি কথাবোৰো ৱেবছাইটত জানিব পৰা যাব। কাইলৈ ভোটাৰ হেল্পলাইন এপতো ফলাফল  উপলব্ধ হ'ব । এই এপটো  প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী