--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি দুটা দশকৰ পাছতো পূৰণ নোহোৱাত সৰ্ব্ব অসম ছাত্ৰ সন্থাই (আছু) তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

গুৱাহাটী: দুটা দশকৰো অধিক সময় পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাৰ্ষিক বান আৰু গৰাখহনীয়া সমস্যাসমূহক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়ালৈকে সেই প্ৰতিশ্ৰুতি কেৱল কাগজতে সীমাবদ্ধ হৈ আছে আৰু বাস্তৱত ইয়াৰ কোনো কাৰ্যকৰী পদক্ষেপ দেখা পোৱা নাই বুলি সৰ্ব্ব অসম ছাত্ৰ সন্থাই (আছু) অভিযোগ কৰিছে। ছাত্ৰ সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ এই স্থিতিৰ তীব্ৰ সমালোচনা কৰিছে।

উল্লেখ্য যে, ২০০৫ চনৰ ৫ মে’ত তেতিয়াৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে গুৱাহাটীত এক ত্ৰিপাক্ষিক বৈঠকৰ অধ্যক্ষতা কৰিছিল। অসম চুক্তি ৰূপায়ণৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে আছুৰ প্ৰতিনিধিসকলো উপস্থিত আছিল। সেই বৈঠকত ড° সিঙে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাসমূহক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গ্ৰহণ কৰি এক স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এই বিষয়ে চৰকাৰে বাতৰি কাকতত বিজ্ঞাপনো প্ৰকাশ কৰিছিল।

আছুৰ সভাপতি উৎপল শৰ্মাই এটা সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয় যে, কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি এই সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে পদক্ষেপ ল’ব লাগিছিল, কিন্তু বাস্তৱত তেনে কোনো পদক্ষেপ পৰিলক্ষিত হোৱা নাই। তেওঁ লগতে কয় যে, কেন্দ্ৰই এই সমস্যাসমূহৰ ওপৰত বৈজ্ঞানিক গৱেষণা চলোৱাৰ লগতে পৰ্যাপ্ত পুঁজি যোগান ধৰিব লাগিছিল। ৰাজ্য চৰকাৰৰ একক প্ৰচেষ্টাৰে এই সমস্যা সমাধান কৰাটো সম্ভৱ নহয়, গতিকে কেন্দ্ৰই আগবাঢ়ি আহিব লাগিব। এই অঞ্চলৰ সকলো ৰাজ্যৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তেহে এই সমস্যাৰ এক স্থায়ী সমাধান সম্ভৱ বুলি তেওঁ মত প্ৰকাশ কৰে।

আছুৱে জোৰ দি কৈছে যে, বান আৰু গৰাখহনীয়াৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ততাই অসমৰ জনসাধাৰণক গভীৰভাৱে ক্ষতিগ্ৰস্ত কৰিছে। এই সমস্যাসমূহৰ লগত জড়িত জনসাধাৰণৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষাৰ বাবে অতি শীঘ্ৰেই কেন্দ্ৰই কাৰ্যকৰী পদক্ষেপ লোৱাটো জৰুৰী বুলি সংগঠনটোৱে দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক