--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ তিছ হাজাৰী  আদালতত সংঘটিত গুলীচালনা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বুধবাৰে দুপৰীয়া প্ৰায় ১.৩০  বজাত, দিল্লীৰ তিছ হাজাৰী আদালতত গুলীচালনাৰ ঘটনাটো ঘটে। জানিব পৰা মতে  আদালত চৌহদত কমেও ন ৰাউণ্ড গুলীচালনা কৰা হয়। খবৰ অনুসৰি গুলীচালনাৰ ঘটনাটো অধিবক্তা একাংশৰ  মাজত কোনো কথাকলৈ হোৱা  মতবিৰোধৰ ফলতে হৈছিল। 

অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। পূৰ্বেও  দিল্লীৰ আদালত চৌহদত কেইবাবাৰো গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।  পূৰ্বৰ ঘটনাবোৰত কেইবাজনো লোক আহত হৈছিল। বুধবাৰে  আদালত চৌহদত হোৱা গুলীচালনাৰ ঘটনাত  আদালতৰ কৰ্মচাৰীৰ মাজত আতংক বিয়পি পৰে।  ঘটনাৰ খবৰ পোৱাৰ পিছতে  আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। ঘটনাটোত জড়িত অধিবক্তা কেইজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। 

চলিত বৰ্ষৰ এপ্ৰিল মাহতো  দিল্লীৰ চাকেট আদালতত গুলীচালনাৰ ঘটনা সংঘটিত  হৈছিল। এজন লোকে  তেওঁৰ পত্নীৰ ওপৰত গুলী চালনা কৰিছিল।  লোক নে  আদালত চৌহদতে পত্নীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। লোক জনে  পূৰ্ব পৰিকল্পিত ভাৱে উকীলৰ পোছাক পিন্ধি আদালতলৈ আহিছিল। পিছত এয়া  প্ৰকাশ পাইছিল যে অভিযুক্তজন এসময়ত পেছাত এজন উকীল আছিল। তেওঁক বাৰ কাউন্সিলে বিভিন্ন অভিযোগত নিলম্বিত কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান