--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ তিছ হাজাৰী  আদালতত সংঘটিত গুলীচালনা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বুধবাৰে দুপৰীয়া প্ৰায় ১.৩০  বজাত, দিল্লীৰ তিছ হাজাৰী আদালতত গুলীচালনাৰ ঘটনাটো ঘটে। জানিব পৰা মতে  আদালত চৌহদত কমেও ন ৰাউণ্ড গুলীচালনা কৰা হয়। খবৰ অনুসৰি গুলীচালনাৰ ঘটনাটো অধিবক্তা একাংশৰ  মাজত কোনো কথাকলৈ হোৱা  মতবিৰোধৰ ফলতে হৈছিল। 

অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। পূৰ্বেও  দিল্লীৰ আদালত চৌহদত কেইবাবাৰো গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।  পূৰ্বৰ ঘটনাবোৰত কেইবাজনো লোক আহত হৈছিল। বুধবাৰে  আদালত চৌহদত হোৱা গুলীচালনাৰ ঘটনাত  আদালতৰ কৰ্মচাৰীৰ মাজত আতংক বিয়পি পৰে।  ঘটনাৰ খবৰ পোৱাৰ পিছতে  আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। ঘটনাটোত জড়িত অধিবক্তা কেইজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। 

চলিত বৰ্ষৰ এপ্ৰিল মাহতো  দিল্লীৰ চাকেট আদালতত গুলীচালনাৰ ঘটনা সংঘটিত  হৈছিল। এজন লোকে  তেওঁৰ পত্নীৰ ওপৰত গুলী চালনা কৰিছিল।  লোক নে  আদালত চৌহদতে পত্নীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। লোক জনে  পূৰ্ব পৰিকল্পিত ভাৱে উকীলৰ পোছাক পিন্ধি আদালতলৈ আহিছিল। পিছত এয়া  প্ৰকাশ পাইছিল যে অভিযুক্তজন এসময়ত পেছাত এজন উকীল আছিল। তেওঁক বাৰ কাউন্সিলে বিভিন্ন অভিযোগত নিলম্বিত কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস