--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে ৰজাই ভালপায় যাক...। দিল্লীৰ বিত্থালভাই পেটেল অৰ্থাৎ ভিপি হাউচত দিনৰ পিছত দিন ধৰি সাংদৰ বাবে নিৰ্ধাৰিত ফ্লেটত আৰ এছ এছ-অনুমোদিত সংগঠনৰ কাৰ্যালয় স্থাপন কৰাৰ কথাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  ভিপি হাউচ লুটিয়েন্স বাংলো জোনৰ (এলবিজেড) এক গুৰুত্বপূৰ্ণ অংশ। ২৩.৬০  বৰ্গ কিলোমিটাৰ এলেকাত  বিস্তৃত  এই এলেকাটো হৈছে  ৰাষ্ট্ৰীয় ৰাজধানীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ  অঞ্চলবোৰৰ ভিতৰৰে  এটা। 

এই এলেকাত প্ৰায় ৪,০০০  বিভিন্ন প্ৰকাৰৰ ফ্লেট আছে যিবোৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, সাংসদ, মন্ত্ৰী, বিচাৰক আৰু অন্যান্য উচ্চ পৰ্যায়ৰ বিষয়াসকলক আৱণ্টন কৰা হয়।ইয়াৰ ভিতৰত আছে টাইপ-১, টাইপ-২, টাইপ-৩, টাইপ-৪, টাইপ-৫ ফ্লেট, টাইপ-৫ বাংলো, টাইপ-৬ ফ্লেট, টাইপ-৬ বাংলো, টাইপ-৭ ফ্লেট, টাইপ-৭বাংলো, টাইপ-৮ বাংলো, এমপি ফ্লেট, বিশেষ প্ৰকাৰৰ ফ্লেট, বি-টাইপ ফ্লেট, ডাবল চুইট হোষ্টেল আৰু একক চুইট হোষ্টেল আদি। 

১৯৬৭  চনত  নগৰ উন্নয়ন মন্ত্ৰালয়ে ভিপি হাউচৰ পাঁচ মহলীয়া ভৱনত ১৭৬  টা ফ্লেট নিৰ্মাণ কৰিছিল। ইয়াৰ ভিতৰত চাৰিটা সংসদীয় অধ্যয়ন প্ৰতিষ্ঠানক আৰু বাকীখিনি বৰ্তমানৰ সাংসদসকলক আৱণ্টন কৰা হৈছে। কিন্তু আজি বেছিভাগ ফ্লেটত কোনো  সাংসদ অথবা তেওঁৰ পৰিয়ালে বাস কৰা নাই। জানিব পৰা মতে এই ফ্লেটবোৰত আৰ এছ এছ-অনুমোদিত সংগঠন, এবিভিপিৰ কাৰ্যালয়, চৰকাৰৰ অনুগত নিউজ চেনেল   আৰু কিছুমান বেচৰকাৰী সংগঠনৰ কাৰ্যালয়হে আছে।ইয়াত কাৰ্যালয় থকা  জনম টিভি হৈছে কেৰালাত মুখ্য কাৰ্যালয় থকা সংঘ সমৰ্থিত নিউজ চেনেল। 

ইয়াৰ বাহিৰেও, ইয়াত এনে বহু পৰিয়ালে বাস কৰে যাৰ সাংসদসকলৰ সৈতে কোনো সম্পৰ্কই নাই। সাংসদসকলৰ বাবে নিৰ্মাণ কৰা ফ্লেটবোৰ কেনেদৰে এই লোকসকলক আৱণ্টন কৰা হৈছে তাকেলৈ ৰহস্যৰ সৃষ্টি হৈছে। সাংসদৰ ফ্লেটত আৰ এছ এছ-অনুমোদিত সংগঠনৰ দৰে সংগঠনৰ কাৰ্যালয় কিদৰে স্থাপন কৰিব পাৰিলে তাকেলৈয়ো প্ৰশ্ন উত্থাপন হৈছে। 




 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস