--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে ৰজাই ভালপায় যাক...। দিল্লীৰ বিত্থালভাই পেটেল অৰ্থাৎ ভিপি হাউচত দিনৰ পিছত দিন ধৰি সাংদৰ বাবে নিৰ্ধাৰিত ফ্লেটত আৰ এছ এছ-অনুমোদিত সংগঠনৰ কাৰ্যালয় স্থাপন কৰাৰ কথাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  ভিপি হাউচ লুটিয়েন্স বাংলো জোনৰ (এলবিজেড) এক গুৰুত্বপূৰ্ণ অংশ। ২৩.৬০  বৰ্গ কিলোমিটাৰ এলেকাত  বিস্তৃত  এই এলেকাটো হৈছে  ৰাষ্ট্ৰীয় ৰাজধানীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ  অঞ্চলবোৰৰ ভিতৰৰে  এটা। 

এই এলেকাত প্ৰায় ৪,০০০  বিভিন্ন প্ৰকাৰৰ ফ্লেট আছে যিবোৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, সাংসদ, মন্ত্ৰী, বিচাৰক আৰু অন্যান্য উচ্চ পৰ্যায়ৰ বিষয়াসকলক আৱণ্টন কৰা হয়।ইয়াৰ ভিতৰত আছে টাইপ-১, টাইপ-২, টাইপ-৩, টাইপ-৪, টাইপ-৫ ফ্লেট, টাইপ-৫ বাংলো, টাইপ-৬ ফ্লেট, টাইপ-৬ বাংলো, টাইপ-৭ ফ্লেট, টাইপ-৭বাংলো, টাইপ-৮ বাংলো, এমপি ফ্লেট, বিশেষ প্ৰকাৰৰ ফ্লেট, বি-টাইপ ফ্লেট, ডাবল চুইট হোষ্টেল আৰু একক চুইট হোষ্টেল আদি। 

১৯৬৭  চনত  নগৰ উন্নয়ন মন্ত্ৰালয়ে ভিপি হাউচৰ পাঁচ মহলীয়া ভৱনত ১৭৬  টা ফ্লেট নিৰ্মাণ কৰিছিল। ইয়াৰ ভিতৰত চাৰিটা সংসদীয় অধ্যয়ন প্ৰতিষ্ঠানক আৰু বাকীখিনি বৰ্তমানৰ সাংসদসকলক আৱণ্টন কৰা হৈছে। কিন্তু আজি বেছিভাগ ফ্লেটত কোনো  সাংসদ অথবা তেওঁৰ পৰিয়ালে বাস কৰা নাই। জানিব পৰা মতে এই ফ্লেটবোৰত আৰ এছ এছ-অনুমোদিত সংগঠন, এবিভিপিৰ কাৰ্যালয়, চৰকাৰৰ অনুগত নিউজ চেনেল   আৰু কিছুমান বেচৰকাৰী সংগঠনৰ কাৰ্যালয়হে আছে।ইয়াত কাৰ্যালয় থকা  জনম টিভি হৈছে কেৰালাত মুখ্য কাৰ্যালয় থকা সংঘ সমৰ্থিত নিউজ চেনেল। 

ইয়াৰ বাহিৰেও, ইয়াত এনে বহু পৰিয়ালে বাস কৰে যাৰ সাংসদসকলৰ সৈতে কোনো সম্পৰ্কই নাই। সাংসদসকলৰ বাবে নিৰ্মাণ কৰা ফ্লেটবোৰ কেনেদৰে এই লোকসকলক আৱণ্টন কৰা হৈছে তাকেলৈ ৰহস্যৰ সৃষ্টি হৈছে। সাংসদৰ ফ্লেটত আৰ এছ এছ-অনুমোদিত সংগঠনৰ দৰে সংগঠনৰ কাৰ্যালয় কিদৰে স্থাপন কৰিব পাৰিলে তাকেলৈয়ো প্ৰশ্ন উত্থাপন হৈছে। 




 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান