--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এক ভয়াৱহ ভূমিকম্প! এইবাৰ এক ভয়াৱহ ভূমিকম্পত কঁপি উঠিল নিউজিলেণ্ড। নিউজিলেণ্ডত ৭.১ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। ইউ এছ জি এছৰ এক বিবৃতি অনুসৰি বৃহস্পতিবাৰে (১৬ মাৰ্চ) পুৱা নিউজিলেণ্ডৰ উত্তৰ কেৰমাডেক দ্বীপপুঞ্জ অঞ্চলত ৭.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। ১০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ সৃষ্টি হয়। যিহেতু এই ভূমিকম্পটো সাগৰত সংঘটিত হৈছিল, গতিকে ভূমিকম্পৰ কেন্দ্ৰৰ পৰা ৩০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছুনামী হ’ব পাৰে বুলি বিশেষজ্ঞসকলে আশংকা কৰিছে। 

বাতৰি লিখা পৰালৈকে ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। নিউজিলেণ্ডৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে অৱশ্যে ভূমিকম্পৰ পাছত চুনামিৰ আশংকা নাই বুলি সদৰী কৰিছে। 

যোৱা মাহৰ আৰম্ভণিতে তুৰস্ক আৰু ছিৰিয়াত হোৱা ভয়াৱহ ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল। ছিৰিয়া আৰু তুৰস্ক দুয়োখন দেশেই ইয়াক শতিকাৰ আটাইতকৈ ডাঙৰ ভূমিকম্প বুলি অভিহিত কৰিছিল।

এক তথ্য অনুসৰি ছিৰিয়া-তুৰস্কত ভূমিকম্পৰ ফলত মুঠ ৪৭ হাজাৰতকৈ অধিক অট্টালিকা ধ্বংস বা ক্ষতিগ্ৰস্ত হৈছে আৰু ১ লাখ ৯৬ হাজাৰতকৈ অধিক লোকক ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা উলিয়াই অনা হৈছে। প্ৰায় ৪৭ হাজাৰ লোকে হেৰুৱালে প্ৰাণ। ভূমিকম্পৰ ফলত বিদ্যালয়, চিকিৎসালয় আৰু অন্যান্য চিকিৎসা, প্ৰসূতি আৰু শিক্ষাৰ সা-সুবিধাকে ধৰি অত্যাৱশ্যকীয় সেৱাসমূহ ধ্বংস হৈছে। এই দুৰ্যোগৰ ফলত বিশেষকৈ শিশু আৰু মহিলাসকল ক্ষতিগ্ৰস্ত হৈছে।

এটা মূল্যায়ন অনুসৰি সাতটাৰ ভিতৰত এটা পৰিয়াল স্বাস্থ্য কেন্দ্ৰইহে কাম কৰি আছে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ তথ্য অনুসৰি ২ লাখৰো অধিক গৰ্ভৱতী মহিলাই কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী