--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এক ভয়াৱহ ভূমিকম্প! এইবাৰ এক ভয়াৱহ ভূমিকম্পত কঁপি উঠিল নিউজিলেণ্ড। নিউজিলেণ্ডত ৭.১ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। ইউ এছ জি এছৰ এক বিবৃতি অনুসৰি বৃহস্পতিবাৰে (১৬ মাৰ্চ) পুৱা নিউজিলেণ্ডৰ উত্তৰ কেৰমাডেক দ্বীপপুঞ্জ অঞ্চলত ৭.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। ১০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ সৃষ্টি হয়। যিহেতু এই ভূমিকম্পটো সাগৰত সংঘটিত হৈছিল, গতিকে ভূমিকম্পৰ কেন্দ্ৰৰ পৰা ৩০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছুনামী হ’ব পাৰে বুলি বিশেষজ্ঞসকলে আশংকা কৰিছে। 

বাতৰি লিখা পৰালৈকে ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। নিউজিলেণ্ডৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে অৱশ্যে ভূমিকম্পৰ পাছত চুনামিৰ আশংকা নাই বুলি সদৰী কৰিছে। 

যোৱা মাহৰ আৰম্ভণিতে তুৰস্ক আৰু ছিৰিয়াত হোৱা ভয়াৱহ ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল। ছিৰিয়া আৰু তুৰস্ক দুয়োখন দেশেই ইয়াক শতিকাৰ আটাইতকৈ ডাঙৰ ভূমিকম্প বুলি অভিহিত কৰিছিল।

এক তথ্য অনুসৰি ছিৰিয়া-তুৰস্কত ভূমিকম্পৰ ফলত মুঠ ৪৭ হাজাৰতকৈ অধিক অট্টালিকা ধ্বংস বা ক্ষতিগ্ৰস্ত হৈছে আৰু ১ লাখ ৯৬ হাজাৰতকৈ অধিক লোকক ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা উলিয়াই অনা হৈছে। প্ৰায় ৪৭ হাজাৰ লোকে হেৰুৱালে প্ৰাণ। ভূমিকম্পৰ ফলত বিদ্যালয়, চিকিৎসালয় আৰু অন্যান্য চিকিৎসা, প্ৰসূতি আৰু শিক্ষাৰ সা-সুবিধাকে ধৰি অত্যাৱশ্যকীয় সেৱাসমূহ ধ্বংস হৈছে। এই দুৰ্যোগৰ ফলত বিশেষকৈ শিশু আৰু মহিলাসকল ক্ষতিগ্ৰস্ত হৈছে।

এটা মূল্যায়ন অনুসৰি সাতটাৰ ভিতৰত এটা পৰিয়াল স্বাস্থ্য কেন্দ্ৰইহে কাম কৰি আছে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ তথ্য অনুসৰি ২ লাখৰো অধিক গৰ্ভৱতী মহিলাই কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ