--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সচাকৈয়ে অসহনীয়! সভ্য সমাজৰ  অসভ্য আচৰণ। আজিও সমাজৰ পৰা  আঁতৰি যোৱা নাই যৌতুক প্ৰথাৰ দৰে ঘৃণনীয় কাৰ্য । এতিয়াও  যৌতুকৰ প্ৰথাৰ বহু বোৱাৰীক কৰা নিৰ্যাতনৰ ঘটনাই জোঁকাৰি যায় আমাৰ সমাজ ব্যৱস্থাক।  পুনৰ ছুইচাইড নোটত স্বামী আৰু স্বামী পৰিয়ালৰ সকলোৱে যৌতুকৰ বাবে অহৰহ নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি এগৰাকী ২৭ বছৰীয়া মহিলাই আত্মহত্যা কৰে। এই ঘটনা সংঘটিত হৈছে তামিলনাডুৰ কল্লাকুৰিচিত । চুইচাইড নোটখনৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ স্বামীসহ ৭জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

এবছৰ পূৰ্বে প্ৰেমিক দস্তেকাৰ (২৭)ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আফছা নামৰ যুৱতীগৰাকীয়ে। দুয়োটা পৰিয়ালে  অনুমোদন জনোৱাৰ পাছতহে এই বিবাহ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইফালে আফছাই তেওঁৰ ছুইচাইড নোটত অভিযোগ কৰিছে যে তেওঁৰ স্বামী আৰু শহুৰেকে যৌতুকৰ বাবে বাৰে বাৰে নিৰ্যাতন চলাইছিল।

দুমাহ পূৰ্বে আফছাই এগৰাকী কন্যা সন্তান প্ৰসৱ কৰিছিল। পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে তেতিয়াৰ পৰাই তেওঁ অতি মানসিক চাপত ভুগিছিল কাৰণ তেওঁৰ স্বামীৰ পৰিয়ালে ছোৱালী সন্তান জন্ম দিয়াৰ বিৰোধী আছিল।

ইফালে যৌতুক  দিয়াৰ পাছতো বাৰে বাৰে আফছাৰ  ওপৰত চলিছিল নিৰ্যাতন‌। চিঠিখনত আফচাই কৈছে যে তেওঁলোকৰ বিয়াৰ পাছত তেওঁ স্বামীৰ সৈতে মাত্ৰ এসপ্তাহহে থাকিবলৈ পাইছিল। পত্ৰখনত আৰু উল্লেখ কৰা হৈছে যে যৌতুকৰ বাবে স্বামীৰ পৰিয়ালে একাধিকবাৰ প্ৰহাৰ কৰিছিল। চিঠিখনত তেওঁ কৈছিল যে ইতিমধ্যে সকলো যৌতুক শহুৰেকৰ পৰিয়ালক দিয়া হৈছে।

এই যৌতুক সমূহৰ ভিতৰত আছিল ৫০ টা ছ’ভাৰেইন সোণ, এখন ৰয়েল এনফিল্ড বাইক, আৰু ১ লাখ টকা নগদ ধন যিবোৰ উদ্ধাৰ কৰি শিশুটিৰ ভৱিষ্যতৰ বাবে তেওঁৰ নৱজাত ছোৱালীজনীক দিব পৰা যাব বুলি মৃত্যুৰ আগেই লিখি গৈছে। আফছাই উল্লেখ কৰে যে এই সকলোবোৰ বস্তু তেওঁৰ শহুৰেকৰ পৰিয়ালে কাঢ়ি লৈ গৈছে

তেওঁৰ ওপৰত নিৰ্যাতনৰ বহুবাৰ আত্মহত্যাৰ চেষ্টা কৰা গৈছিল আনকি বায়েকৰ নিৰ্দেশত স্বামীয়ে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে দুৰ্ভগীয়া মহিলাগৰাকীয়ে।  তদুপৰি তেওঁ চিঠিখনত উল্লেখ কৰিছে যে ইয়াৰ পূৰ্বে তেওঁ একাধিকবাৰ আত্মহত্যাৰ চেষ্টা কৰিছিল। যোৱা দুমাহ ধৰি আফছা তেওঁৰ মাতৃৰ পৰিয়ালতে আছিল।

চিঠিখনত কৈছে যে শাহুৱেকে আফছাৰ স্বামী দস্তকেৰক ছোৱালী সন্তানৰ পৰা মুক্তি পাবলৈ কৈছিল। অৰ্থাৎ ছোৱালী সন্তানৰ বিৰোধিতা কৰিছিল পৰিয়ালটোৱে। আফছাকো দস্তকৰৰ ঘৰলৈ ঘূৰাই নিয়াৰ বাবে নগদ ১লাখ টকাৰ পুনৰ দাবী কৰিছিল অভিযুক্ত পৰিয়ালটোৱে । ইফালে মৃত্যু ঘোষণাৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণৰ আওতালৈ আহিব লাগিব বুলি বোম্বাইৰ উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছে।

আফছাই পূৰ্বেও‌ আত্মহত্যাৰ চেষ্টা কৰিছিল ।‌ শেষত উপায়হীন হৈ  পুনৰ আত্মহত্যাৰ চেষ্টা কৰে আফছা। আফছাৰ মাতৃয়ে নিজৰ কন্যা অসুস্থ বুলি জানি চুবুৰীয়াৰ সহায়ত ততাতৈয়াকৈ  থিৰুকোভিলুৰ  চৰকাৰী সাধাৰণ চিকিৎসালয়লৈ লৈ যায়। অৱশ্যে বাটতে আফছাই অকাল মৃত্যুক সাৱটি লয় ।

ইয়াৰ পাছতে তথ্য লাভ কৰা থিৰুকোভিলুৰ আৰক্ষীয়ে আফছাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ আনুষ্ঠানিকতাৰ বাবে মুণ্ডিয়ামবকম চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আফছাই মৃত্যুৰ পূৰ্বে লিখা টোকাটোত স্বামী, শহুৱেক, শাহুৱেক, শহুৰেকৰ পৰিয়ালৰ আন কেইজনমান সদস্যকে ধৰি সাতজনৰ নাম উল্লেখ কৰিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৭ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত ৰাখিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
শিৱসাগৰৰ দিখৌ নদীত মৃতদেহ উদ্ধাৰ