--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আলোক আৰাধেৰ নেতৃত্বত এখন সংমণ্ডল বিচাৰপীঠে বেংগালুৰু বাসিন্দা মঞ্জুনাথ এছ হালাৱাৰে দাখিল কৰা জনস্বাৰ্থৰ গোচৰ (পিআইএল)ৰ শুনানি গ্ৰহণ কৰে। আবেদনখনত কোৱা হৈছে যে আজান মুছলমানসকলৰ এক অত্যাৱশ্যকীয় ধৰ্মীয় প্ৰথা, কিন্তু আজানৰ শব্দই আন ধৰ্ম অনুসৰণ কৰাসকলক বিচলিত কৰে।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে লাউডস্পীকাৰ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। বিষয়টো শুনানি গ্ৰহণ কৰি আদালতে কয় যে লাউডস্পীকাৰত ‘আজান’ অন্য ধৰ্মৰ লোকৰ মৌলিক অধিকাৰ উলংঘা কৰা নহয়। অৱশ্যে লাউডস্পীকাৰৰ সৈতে জড়িত ‘শব্দ প্ৰদূষণ নিয়ম’ কাৰ্যকৰী কৰাৰ লগতে কম্প্লাইয়েন্স ৰিপৰ্ট দাখিল কৰিবলৈ আদালতে কৰ্তৃপক্ষক নিৰ্দেশ দিছে। দৰাচলতে ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আলোক আৰাধেৰ নেতৃত্বত এখন সংমণ্ডল বিচাৰপীঠে বেংগালুৰু বাসিন্দা মঞ্জুনাথ এছ হালাৱাৰৰ জনস্বাৰ্থৰ গোচৰ (পিআইএল)ৰ শুনানি গ্ৰহণ কৰিছিল। আবেদনখনত কোৱা হৈছে যে আজান মুছলমানসকলৰ এক অত্যাৱশ্যকীয় ধৰ্মীয় প্ৰথা, কিন্তু আজানৰ শব্দই আন ধৰ্ম অনুসৰণ কৰাসকলক বিচলিত কৰে।

উচ্চ ন্যায়ালয়ে নিজৰ আদেশত কয় যে, "ভাৰতীয় সংবিধানৰ ২৫ আৰু ২৬ নং অনুচ্ছেদত সহনশীলতাৰ নীতি সন্নিৱিষ্ট কৰা হৈছে, যিটো ভাৰতীয় সভ্যতাৰ এক বৈশিষ্ট্য। সংবিধানৰ ২৫ (১) অনুচ্ছেদত তেওঁলোকৰ ধৰ্ম স্বীকাৰ কৰাৰ আৰু প্ৰচাৰ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে।" কিন্তু ওপৰৰ অধিকাৰটো নিৰপেক্ষ অধিকাৰ নহয়, বৰঞ্চ জনশৃংখলা, নৈতিকতা, স্বাস্থ্যৰ লগতে ভাৰতীয় সংবিধানৰ ৩ নং খণ্ডৰ অন্যান্য বিধানৰ অধীনতো ইয়াৰ ওপৰত বাধা আৰোপ কৰা হৈছে।"

আদালতে কয় যে আজানৰ শব্দই আবেদনকাৰীৰ লগতে অন্য ধৰ্মৰ ব্যক্তিক দিয়া মৌলিক অধিকাৰ উলংঘা কৰে বুলি কৰা যুক্তি মানি ল’ব নোৱাৰি। কিন্তু নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত লাউডস্পীকাৰ বজোৱাৰ অনুমতি দিয়া নহ’ব বুলি উল্লেখ কৰি শব্দ প্ৰদূষণ আৰু লাউডস্পীকাৰ ব্যৱহাৰ নিষিদ্ধকৰণ সম্পৰ্কীয় নিয়ম কাৰ্যকৰী কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে আদালতে।

আঠ সপ্তাহৰ ভিতৰত অনুসৰণ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশনা

 উল্লেখযোগ্য যে ২০২২ চনৰ ১৭ জুনত উচ্চ ন্যায়ালয়ৰ আন এখন সংমণ্ডল বিচাৰপীঠে কৰ্তৃপক্ষক লাউডস্পীকাৰ আৰু ৰাজহুৱা সম্বোধন ব্যৱস্থাৰ অপব্যৱহাৰ ৰোধ কৰাৰ বাবে অভিযান চলাবলৈ নিৰ্দেশ দিছিল। এতিয়া আদালতে বিষয়াসকলক আঠ সপ্তাহৰ ভিতৰত এই আদালতৰ সন্মুখত কম্প্লাইয়েন্স ৰিপৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু