--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱনৰ হেঁপাহত সময়ে দুয়োকে পুনৰ ওচৰ চপাই আনিলে৷ তেওঁলোকৰ প্ৰেমৰ আত্মিক অনুভৱে লগ দিলে নিয়তিকো৷ দুটা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা প্ৰাণ বচাই তেওঁলোক এতিয়া ইজনে-সিজনৰ বাহুবন্ধনত৷ যেন নৱজীৱন পালে এই প্ৰেমাস্পদে৷ 

একেদিনাই দুটা পৃথক বিমান দুৰ্ঘটনাৰ দুয়োৰে জীৱনৰক্ষা পৰিছিল। ৩০ বছৰীয়া ষ্টেফানো পিৰেলি আৰু তেওঁৰ বাগদত্তা ২২ বছৰীয়া এণ্টোনিটা ডেমাচি বন্ধুবৰ্গৰ সৈতে চাভোনালৈ দুখন পৃথক বিমানত গৈ আছিল৷ আৰু আকাশমাৰ্গতে জীৱনৰ প্ৰতি ভাবুকিপূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হৈছিল দুয়ো৷

ষ্টেফানো এখন বেলেগ বিমানত আছিল, যিখন দুৰ্ভাগ্যবশতঃ বিকল হৈ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। আনহাতে, এণ্টোনিটাৰ বিমানখনে ষ্টেফানোৰ দুৰ্ঘটনাস্থলীৰ পৰা মাত্ৰ ২৫ মাইল দূৰত ইটালীৰ বুচানোত সমস্যাৰ সন্মুখীন হৈছিল৷ 

আশ্চৰ্যজনকভাৱে, ষ্টেফানো কোনোধৰণৰ আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰক্ষা পৰিছিল৷ আনহাতে এণ্টোনিটা সামান্য আঘাতপ্ৰাপ্ত হৈছিল। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে তেওঁলোকক ধ্বংসাৱশেষৰ পৰা দ্ৰুতগতিত উদ্ধাৰ কৰে৷

মূৰত আঘাতপ্ৰাপ্ত এণ্টোনিটাৰ পাইলট পাওলো ৰোটণ্ডোকে ধৰি প্ৰেমাস্পদ আৰু পাইলটসকলক চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ