--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকৰ বিৰুদ্ধে  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন হৈছে৷ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা ‘হিউমেন ৰাইট্‌ছ ৱাচ্ছে’ নিজৰ এখন প্ৰতিবেদনত উল্লেখ কৰে যে ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধৰ পাছত ছ’চিয়েল মিডিয়া কোম্পানী মেটাই পদ্ধতিগতভাৱে ইনষ্টাগ্ৰাম আৰু ফেচবুকক লক্ষ্য কৰি লৈছে। 

উল্লেখ্য যে,এই যুদ্ধত প্ৰায় ২০ হাজাৰ পেলেষ্টাইনী নিহত হোৱাৰ খবৰ পোৱা গৈছে।মানৱ অধিকাৰ গোটটোৱে 'মেটছ ব্ৰকেন প্ৰমিজছ: চিষ্টেমিক চেঞ্চৰশ্বিপ অৱ পেলেষ্টাইন কন্টেন্ট অন ইনষ্টাগ্ৰাম এণ্ড ফেচবুক' শীৰ্ষক প্ৰতিবেদনত পেলেষ্টাইনক সমৰ্থন কৰা কণ্ঠক অন্যায়ভাৱে দমন আৰু আঁতৰোৱাৰ এক আৰ্হি হিচাপে নথিভুক্ত কৰিছে৷

প্ৰতিবেদনখনত কোৱা হৈছে যে মেটাৰ ‘ছেন্সৰশ্বিপৰ ছটা ডাঙৰ আৰ্হি চিনাক্ত কৰা হৈছে, ইয়াৰ ভিতৰত 'পোষ্টসমূহৰ আঁতৰোৱা', পেলেষ্টাইনী একাউণ্টসমূহ নিলম্বন বা মচি পেলোৱা,পেলেষ্টাইনী বিষয়বস্তুৰ সৈতে জড়িত হ'ব নোৱাৰা অথবা একাউণ্ট অনুসৰণ বা টেগ কৰিব নোৱাৰা আদি লক্ষণেই মূলতঃ দেখা গৈছে৷

হিউমেন ৰাইটছ ৱাচ্ছৰ ভাৰপ্ৰাপ্ত সহযোগী প্ৰযুক্তি আৰু মানৱ অধিকাৰ সঞ্চালক ডেব্ৰা ব্ৰাউনে কয় যে, “মেটাৰ পেলেষ্টাইনী সমৰ্থক বিষয়বস্তুৰ চেন্সৰশ্বিপে আঘাতৰ ওপৰত অপমান যোগ কৰিছে, যিটো কাৰ্যই অসহনীয় অত্যাচাৰ আৰু দমনৰ সময়ত পেলেষ্টাইনৰ প্ৰকাশভংগীক স্তব্ধ কৰি ৰাখিছে।”

প্ৰতিবেদনখনত অভিযোগ কৰা হৈছে যে মেটাই হিংসাত্মক বিষয়বস্তু, হিংসা আৰু উচটনি, ঘৃণামূলক ভাষণ, নগ্নতা আৰু যৌন কাৰ্যকলাপৰ ক্ষেত্ৰতো নিজৰ নীতি ‘ভুলকৈ প্ৰয়োগ’ কৰিছিল।

তদুপৰি যোৱা অক্টোবৰ মাহত সংবাদ সংস্থা আল জাজিৰাই এক বিশ্লেষণত ইজৰাইলৰ যুদ্ধৰ মাজতে ছ’চিয়েল মিডিয়াৰ দৈত্যই পেলেষ্টাইন সমৰ্থক কণ্ঠক চেঞ্চৰ কৰি আছে নেকি বুলি প্ৰশ্ন কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা