--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকৰ বিৰুদ্ধে  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন হৈছে৷ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা ‘হিউমেন ৰাইট্‌ছ ৱাচ্ছে’ নিজৰ এখন প্ৰতিবেদনত উল্লেখ কৰে যে ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধৰ পাছত ছ’চিয়েল মিডিয়া কোম্পানী মেটাই পদ্ধতিগতভাৱে ইনষ্টাগ্ৰাম আৰু ফেচবুকক লক্ষ্য কৰি লৈছে। 

উল্লেখ্য যে,এই যুদ্ধত প্ৰায় ২০ হাজাৰ পেলেষ্টাইনী নিহত হোৱাৰ খবৰ পোৱা গৈছে।মানৱ অধিকাৰ গোটটোৱে 'মেটছ ব্ৰকেন প্ৰমিজছ: চিষ্টেমিক চেঞ্চৰশ্বিপ অৱ পেলেষ্টাইন কন্টেন্ট অন ইনষ্টাগ্ৰাম এণ্ড ফেচবুক' শীৰ্ষক প্ৰতিবেদনত পেলেষ্টাইনক সমৰ্থন কৰা কণ্ঠক অন্যায়ভাৱে দমন আৰু আঁতৰোৱাৰ এক আৰ্হি হিচাপে নথিভুক্ত কৰিছে৷

প্ৰতিবেদনখনত কোৱা হৈছে যে মেটাৰ ‘ছেন্সৰশ্বিপৰ ছটা ডাঙৰ আৰ্হি চিনাক্ত কৰা হৈছে, ইয়াৰ ভিতৰত 'পোষ্টসমূহৰ আঁতৰোৱা', পেলেষ্টাইনী একাউণ্টসমূহ নিলম্বন বা মচি পেলোৱা,পেলেষ্টাইনী বিষয়বস্তুৰ সৈতে জড়িত হ'ব নোৱাৰা অথবা একাউণ্ট অনুসৰণ বা টেগ কৰিব নোৱাৰা আদি লক্ষণেই মূলতঃ দেখা গৈছে৷

হিউমেন ৰাইটছ ৱাচ্ছৰ ভাৰপ্ৰাপ্ত সহযোগী প্ৰযুক্তি আৰু মানৱ অধিকাৰ সঞ্চালক ডেব্ৰা ব্ৰাউনে কয় যে, “মেটাৰ পেলেষ্টাইনী সমৰ্থক বিষয়বস্তুৰ চেন্সৰশ্বিপে আঘাতৰ ওপৰত অপমান যোগ কৰিছে, যিটো কাৰ্যই অসহনীয় অত্যাচাৰ আৰু দমনৰ সময়ত পেলেষ্টাইনৰ প্ৰকাশভংগীক স্তব্ধ কৰি ৰাখিছে।”

প্ৰতিবেদনখনত অভিযোগ কৰা হৈছে যে মেটাই হিংসাত্মক বিষয়বস্তু, হিংসা আৰু উচটনি, ঘৃণামূলক ভাষণ, নগ্নতা আৰু যৌন কাৰ্যকলাপৰ ক্ষেত্ৰতো নিজৰ নীতি ‘ভুলকৈ প্ৰয়োগ’ কৰিছিল।

তদুপৰি যোৱা অক্টোবৰ মাহত সংবাদ সংস্থা আল জাজিৰাই এক বিশ্লেষণত ইজৰাইলৰ যুদ্ধৰ মাজতে ছ’চিয়েল মিডিয়াৰ দৈত্যই পেলেষ্টাইন সমৰ্থক কণ্ঠক চেঞ্চৰ কৰি আছে নেকি বুলি প্ৰশ্ন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ