--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি দ্ৰুত হাৰত অৱনমন ঘটিছে মাৰ্কিন ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল বেংকৰ নীতিৰ পৰিৱৰ্তনৰ বাবে ভাৰতৰ মুদ্ৰাৰ মূল্য ডলাৰৰ হিচাপত হ্ৰাস হৈয়েই  আছে। আজিও ভাৰতীয় টকাৰ  মূল্য অভিলেখ হাৰত হ্ৰাস পাইছে। ডলাৰৰ মূল্য প্ৰথমবাৰৰ বাবে ৮৩ টকা অতিক্ৰম কৰে। আজিৰ দিনটোতএক ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে  ৮৩ টকা ৬ পইচা।

 বৃহস্পতিবাৰে টকাৰ মূল্য পুনৰ ৬ পইচা হ্ৰাস পায়। আজি পুৱা টকাৰ মূল্য ৬ পইচা হ্ৰাস পোৱাত ডলাৰৰ তুলনাত টকাৰ মূল্য হৈছে ৮৩ টকা ৬ পইচা । কেৱল ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাই নহয়, আজি শ্বেয়াৰ বজাৰত মন্দাৱস্থাৰ ইঙ্গিতো পোৱা গৈছে। 

আজি পুৱা  শ্বেয়াৰ বজাৰ আৰম্ভ হোৱাৰ পিছত চেনচেক্স সূচক এটা ষ্ট্ৰোকত প্ৰায় ৩৫০  পইণ্ট হ্ৰাস পায়। নিফটি ৯০ পইণ্ট হ্ৰাস পায়। শ্বেয়াৰৰ বেছিভাগ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰে।খাৰুৱা তেলৰ মূল্য নিৰন্তৰ বৃদ্ধি, বিশ্বব্যাপী বিত্তীয় মন্দাৱস্থাৰ আশংকা, বিদেশী বিনিয়োগৰ অভাৱ আদি। পৰিসংখ্যা অনুসৰি, কেৱল এই বছৰেই টকাৰ মূল্য ১০.৬ শতাংশ হ্ৰাস পাইছে। 

যোৱা আঠ বছৰত এই হ্ৰাস ২৫ শতাংশতকৈও অধিক হৈছে। এনেদৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাই গৈ থাকিলে ভাৰতীয় অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে বিজ্ঞ মহলে। ইয়াৰ ফলত দেশত বিনিয়োগ হ্ৰাস পোৱাৰ লগতে মুদ্ৰাস্ফীতিও বৃদ্ধি পাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী