--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি দ্ৰুত হাৰত অৱনমন ঘটিছে মাৰ্কিন ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল বেংকৰ নীতিৰ পৰিৱৰ্তনৰ বাবে ভাৰতৰ মুদ্ৰাৰ মূল্য ডলাৰৰ হিচাপত হ্ৰাস হৈয়েই  আছে। আজিও ভাৰতীয় টকাৰ  মূল্য অভিলেখ হাৰত হ্ৰাস পাইছে। ডলাৰৰ মূল্য প্ৰথমবাৰৰ বাবে ৮৩ টকা অতিক্ৰম কৰে। আজিৰ দিনটোতএক ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে  ৮৩ টকা ৬ পইচা।

 বৃহস্পতিবাৰে টকাৰ মূল্য পুনৰ ৬ পইচা হ্ৰাস পায়। আজি পুৱা টকাৰ মূল্য ৬ পইচা হ্ৰাস পোৱাত ডলাৰৰ তুলনাত টকাৰ মূল্য হৈছে ৮৩ টকা ৬ পইচা । কেৱল ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাই নহয়, আজি শ্বেয়াৰ বজাৰত মন্দাৱস্থাৰ ইঙ্গিতো পোৱা গৈছে। 

আজি পুৱা  শ্বেয়াৰ বজাৰ আৰম্ভ হোৱাৰ পিছত চেনচেক্স সূচক এটা ষ্ট্ৰোকত প্ৰায় ৩৫০  পইণ্ট হ্ৰাস পায়। নিফটি ৯০ পইণ্ট হ্ৰাস পায়। শ্বেয়াৰৰ বেছিভাগ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰে।খাৰুৱা তেলৰ মূল্য নিৰন্তৰ বৃদ্ধি, বিশ্বব্যাপী বিত্তীয় মন্দাৱস্থাৰ আশংকা, বিদেশী বিনিয়োগৰ অভাৱ আদি। পৰিসংখ্যা অনুসৰি, কেৱল এই বছৰেই টকাৰ মূল্য ১০.৬ শতাংশ হ্ৰাস পাইছে। 

যোৱা আঠ বছৰত এই হ্ৰাস ২৫ শতাংশতকৈও অধিক হৈছে। এনেদৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাই গৈ থাকিলে ভাৰতীয় অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে বিজ্ঞ মহলে। ইয়াৰ ফলত দেশত বিনিয়োগ হ্ৰাস পোৱাৰ লগতে মুদ্ৰাস্ফীতিও বৃদ্ধি পাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক