--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয় আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত ৰিয়ান পৰাগৰ দুৰ্দান্ত প্ৰদৰ্শন। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈ থকা তৃতীয়খন এদিনীয়া টীম ইণ্ডিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি এই মেচত ভাৰত পৰাস্ত হয় তেন্তে এই চিৰিজতো ভাৰত পৰাস্ত হ’ব। ভাৰতে যিকোনো প্ৰকাৰে জয়ী হোৱাটো প্ৰয়োজন। সেয়েহে অধিনায়ক ৰোহিত শৰ্মাই দলত পৰিৱৰ্তন আনিছে। তৃতীয় এদিনীয়াত ঋষভ পন্ত আৰু ৰিয়ান পৰাগে সুযোগ লাভ কৰিছে।

ভাৰতীয় দলৰ হৈ এদিনীয়া ক্ৰিকেটৰ মূল একাদশত স্থান পোৱা প্ৰথমগৰাকী অসমীয়া হিচাপে চিহ্নিত হৈছে ৰিয়ান পৰাগ।বলিঙত ৰিয়ানৰ দুৰ্দান্ত প্ৰদৰ্শন । শ্ৰীলংকাৰ অ’পেনাৰ অবিষ্কা ফাৰ্নাণ্ডোক শতক সম্পূৰ্ণ কৰিবলৈ নিদিলে ৰিয়ানে আৰু ৯৬ ৰানত পেভিলিয়নলৈ তেঁওক প্ৰেৰণ কৰে। ফাৰ্নাণ্ডোৱে ১০২টা বলত ৯টা চাৰি আৰু দুটা ছয় লয়। ফাৰ্নাণ্ডোৱে নিজৰ শতকলৈ মাত্ৰ চাৰিখোজৰ বাবে থমকি ৰয়। যদি তেওঁ শতক সম্পূৰ্ণ কৰিলেহেঁতেন তেন্তে এদিনীয়া খেলত তেওঁৰ চতুৰ্থ শতক হ’লহেঁতেন।

অবিষ্কা ফাৰ্নাণ্ডোৰ পিছত ৰিয়ান পৰাগে চৰিথ আচালাংকাক নিজৰ বলি কৰিছিল। তেওঁ চৰিথ আচালাংকাক এল বি ডব্লিউত আউট কৰি দিয়ে। যাৰ বাবে আচালাংকাই ১২টা বলত মাত্ৰ ১০ ৰানৰ ইনিংছ খেলিব পাৰিছিল। এই দুটা উইকেট টিম ইণ্ডিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়ত আহিছিল। এটা সময়ত ১৭১ ৰানত ১ উইকেট হেৰুৱাই শ্ৰীলংকা শক্তিশালী অৱস্থাত আছিল। ইয়াৰ পৰাই ৰিয়ান পৰাগে দলটোক ৩ উইকেটত ১৮৩ ৰানলৈ লৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ