--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয় আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত ৰিয়ান পৰাগৰ দুৰ্দান্ত প্ৰদৰ্শন। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈ থকা তৃতীয়খন এদিনীয়া টীম ইণ্ডিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি এই মেচত ভাৰত পৰাস্ত হয় তেন্তে এই চিৰিজতো ভাৰত পৰাস্ত হ’ব। ভাৰতে যিকোনো প্ৰকাৰে জয়ী হোৱাটো প্ৰয়োজন। সেয়েহে অধিনায়ক ৰোহিত শৰ্মাই দলত পৰিৱৰ্তন আনিছে। তৃতীয় এদিনীয়াত ঋষভ পন্ত আৰু ৰিয়ান পৰাগে সুযোগ লাভ কৰিছে।

ভাৰতীয় দলৰ হৈ এদিনীয়া ক্ৰিকেটৰ মূল একাদশত স্থান পোৱা প্ৰথমগৰাকী অসমীয়া হিচাপে চিহ্নিত হৈছে ৰিয়ান পৰাগ।বলিঙত ৰিয়ানৰ দুৰ্দান্ত প্ৰদৰ্শন । শ্ৰীলংকাৰ অ’পেনাৰ অবিষ্কা ফাৰ্নাণ্ডোক শতক সম্পূৰ্ণ কৰিবলৈ নিদিলে ৰিয়ানে আৰু ৯৬ ৰানত পেভিলিয়নলৈ তেঁওক প্ৰেৰণ কৰে। ফাৰ্নাণ্ডোৱে ১০২টা বলত ৯টা চাৰি আৰু দুটা ছয় লয়। ফাৰ্নাণ্ডোৱে নিজৰ শতকলৈ মাত্ৰ চাৰিখোজৰ বাবে থমকি ৰয়। যদি তেওঁ শতক সম্পূৰ্ণ কৰিলেহেঁতেন তেন্তে এদিনীয়া খেলত তেওঁৰ চতুৰ্থ শতক হ’লহেঁতেন।

অবিষ্কা ফাৰ্নাণ্ডোৰ পিছত ৰিয়ান পৰাগে চৰিথ আচালাংকাক নিজৰ বলি কৰিছিল। তেওঁ চৰিথ আচালাংকাক এল বি ডব্লিউত আউট কৰি দিয়ে। যাৰ বাবে আচালাংকাই ১২টা বলত মাত্ৰ ১০ ৰানৰ ইনিংছ খেলিব পাৰিছিল। এই দুটা উইকেট টিম ইণ্ডিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়ত আহিছিল। এটা সময়ত ১৭১ ৰানত ১ উইকেট হেৰুৱাই শ্ৰীলংকা শক্তিশালী অৱস্থাত আছিল। ইয়াৰ পৰাই ৰিয়ান পৰাগে দলটোক ৩ উইকেটত ১৮৩ ৰানলৈ লৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু