--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰ অপবিত্র কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কংগ্ৰেছ শাসনলৈ আহিলেই সেয়ে ৰাম মন্দিৰৰ শুদ্ধিকৰণ কৰা হ’ব। এই প্ৰতিশ্ৰুতি দিছে  মহাৰাষ্ট্ৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি নানা পাটোলে। পাটোলে  ঘোষণা কৰিছে যে যদি কেন্দ্ৰত ভাৰত মিত্ৰজোঁট ক্ষমতালৈ আহে তেন্তে ৰাম মন্দিৰ বিশুদ্ধ কৰা হ'ব। তেওঁ কয় যে মোদীয়ে কোনো ধৰ্মীয় ৰীতি-নীতি অনুসৰণ নকৰাকৈয়ে মন্দিৰ উদ্বোধন কৰি ৰাম জন্মভূমিক অপবিত্র কৰিছে।

উল্লেখ্য ইমান দিনে বিজেপিয়ে ৰাম মন্দিৰৰ বিষয়টোকলৈ ৰাজনৈতিক লাভালাভ আদায়ৰ চেষ্টা কৰিছিল যদিও এতিয়া কংগ্ৰেছেও ৰাম মন্দিৰক এক ৰাজনৈতিক লাভ আদায়ৰ  বিষয় কৰি তুলিলে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কেৱল মন্দিৰ নিৰ্মাণৰ কৃতিত্বই লোৱা নাই, ৰাম মন্দিৰকলৈ একে সময়তে  কংগ্ৰেছকো আক্ৰমণ কৰি গৈছে। 

এদিন পূৰ্বে মোদীয়ে নিজেই কৈছিল যে কংগ্ৰেছে শাসনলৈ অহাৰ পিছত ৰাম মন্দিৰ বন্ধ কৰাৰ পৰিকল্পনা কৰিছে। মোদীৰ মন্তব্যৰ  প্ৰত্যুত্তৰ দিবলৈ গৈয়েই হয়তো  নানা পাটোলে ৰাম মন্দিৰৰ 'অশুদ্ধ' হোৱাৰ কথাটো উত্থাপন কৰিছে।  পাটোলে কয়  "মোদীয়ে কোনো নিয়ম অনুসৰণ কৰা নাই। ভাৰত মিত্ৰজোঁটে প্ৰধানমন্ত্ৰীৰ ভুল সংশোধন কৰিব। যদি বিৰোধী ক্ষমতালৈ আহে, ৰাম মন্দিৰ বিশুদ্ধ কৰা হ'ব’’। নানা পাটোলে লগতে কয়  যে দেশৰ চাৰিওজন শংকৰাচাৰ্যই এনেদৰে মন্দিৰৰ উদ্বোধনৰ বিৰোধিতা কৰিছিল। তেওঁলোকেও ৰাম মন্দিৰটো শুদ্ধ কৰিব। ৰাম দৰবাৰ তাত প্ৰতিষ্ঠা কৰা হ'ব। ”


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ