--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: দূৰদৰ্শনত আৰম্ভ হৈছে ‘স্বৰাজঃ ভাৰত কে স্বাধীন সংগ্ৰাম কী সমগৰ গাথা’ নামৰ এখন বিশেষ ধাৰাবাহিক। দেওবাৰে নিশা ৯ বজাত এই ধাৰাবাহিকখন চাব...

স্বাধীনতাৰ ৭৫ বছৰ উদযাপন উপলক্ষে দেশত চলি আছে ‘আজাদি কা অমৃত মহোৎসৱ’। দেশৰ বহু স্বাধীনতা সংগ্ৰামীয়ে প্ৰাণ ত্যাগ কৰিলে, যাৰ বহুজনৰ বিষয়ে আজিৰ প্ৰজন্মই সচেতন নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই ‘অজ্ঞাত’ বিপ্লৱীসকলক লৈ দূৰদৰ্শনত নিৰ্মিত নতুন ধাৰাবাহিকখন চাবলৈ দেশবাসীক আহ্বান জনায়।

দূৰদৰ্শনত আৰম্ভ হোৱা এই বিশেষ ধাৰাবাহিকখনৰ নাম ‘স্বৰাজঃ ভাৰত কে স্বাধীন সংগ্ৰাম কী সমগ্ৰ গাথা’। প্ৰতি দেওবাৰে নিশা ৯ বজাত এই ধাৰাবাহিকখন প্ৰচাৰিত হ’ব, য’ত স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা বহু অজ্ঞাত বিপ্লৱীৰ কাহিনীৰ ওপৰত আলোকপাত কৰা হৈছে। ইংৰাজী, তামিল, তেলেগু, কানাড়া, মালয়ালম, মাৰাঠী, গুজৰাটী, ওড়িয়া, বাংলা, অসমীয়া ভাষালৈ অনুবাদ কৰা হৈছে এই ৭৫টা খণ্ডৰ ধাৰাবাহিকখন।

সেই ধাৰাবাহিকখনৰ বিষয়বস্তুৰ ওপৰত দেওবাৰৰ ৰেডিঅ’ অনুষ্ঠান 'মন কী বাত'ত মোদীয়ে কয় যে, "দেশৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা আগবঢ়োৱা বিপ্লৱীসকলৰ বিষয়ে নৱপ্ৰজন্মৰ বাবে জানিবলৈ এয়া এক মহান পদক্ষেপ। আপোনালোক সকলোকে অনুৰোধ কৰিছো, ধাৰাবাহিকখন চাব , তাৰ পাছত আমাৰ দেশৰ এই সকলো বিপ্লৱীৰ নতুন জাগৰণ হ'ব।"

জানিব পৰা মতে ৰাণী আব্ব্ক্কা, বক্ষি জগবন্ধু, তিৰোত সিং, সিধু মুৰ্মু, কানহু মুৰ্মু, শিৱপ্পা নায়ক, কানহোজী আংগ্ৰে, তিলকা মাঝিদ আদি বিপ্লৱীক সেই ধাৰাবাহিকখনত আলোকপাত কৰা হৈছে।

১৭ আগষ্টত দূৰদৰ্শনত সম্প্ৰচাৰিত ধাৰাবাহিকখনৰ বিশেষ প্ৰদৰ্শনীত অংশ লৈছিল প্ৰধানমন্ত্ৰীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, বিজেপিৰ সভাপতি জে পি নাড্ডাও উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী