--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: দূৰদৰ্শনত আৰম্ভ হৈছে ‘স্বৰাজঃ ভাৰত কে স্বাধীন সংগ্ৰাম কী সমগৰ গাথা’ নামৰ এখন বিশেষ ধাৰাবাহিক। দেওবাৰে নিশা ৯ বজাত এই ধাৰাবাহিকখন চাব...

স্বাধীনতাৰ ৭৫ বছৰ উদযাপন উপলক্ষে দেশত চলি আছে ‘আজাদি কা অমৃত মহোৎসৱ’। দেশৰ বহু স্বাধীনতা সংগ্ৰামীয়ে প্ৰাণ ত্যাগ কৰিলে, যাৰ বহুজনৰ বিষয়ে আজিৰ প্ৰজন্মই সচেতন নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই ‘অজ্ঞাত’ বিপ্লৱীসকলক লৈ দূৰদৰ্শনত নিৰ্মিত নতুন ধাৰাবাহিকখন চাবলৈ দেশবাসীক আহ্বান জনায়।

দূৰদৰ্শনত আৰম্ভ হোৱা এই বিশেষ ধাৰাবাহিকখনৰ নাম ‘স্বৰাজঃ ভাৰত কে স্বাধীন সংগ্ৰাম কী সমগ্ৰ গাথা’। প্ৰতি দেওবাৰে নিশা ৯ বজাত এই ধাৰাবাহিকখন প্ৰচাৰিত হ’ব, য’ত স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা বহু অজ্ঞাত বিপ্লৱীৰ কাহিনীৰ ওপৰত আলোকপাত কৰা হৈছে। ইংৰাজী, তামিল, তেলেগু, কানাড়া, মালয়ালম, মাৰাঠী, গুজৰাটী, ওড়িয়া, বাংলা, অসমীয়া ভাষালৈ অনুবাদ কৰা হৈছে এই ৭৫টা খণ্ডৰ ধাৰাবাহিকখন।

সেই ধাৰাবাহিকখনৰ বিষয়বস্তুৰ ওপৰত দেওবাৰৰ ৰেডিঅ’ অনুষ্ঠান 'মন কী বাত'ত মোদীয়ে কয় যে, "দেশৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা আগবঢ়োৱা বিপ্লৱীসকলৰ বিষয়ে নৱপ্ৰজন্মৰ বাবে জানিবলৈ এয়া এক মহান পদক্ষেপ। আপোনালোক সকলোকে অনুৰোধ কৰিছো, ধাৰাবাহিকখন চাব , তাৰ পাছত আমাৰ দেশৰ এই সকলো বিপ্লৱীৰ নতুন জাগৰণ হ'ব।"

জানিব পৰা মতে ৰাণী আব্ব্ক্কা, বক্ষি জগবন্ধু, তিৰোত সিং, সিধু মুৰ্মু, কানহু মুৰ্মু, শিৱপ্পা নায়ক, কানহোজী আংগ্ৰে, তিলকা মাঝিদ আদি বিপ্লৱীক সেই ধাৰাবাহিকখনত আলোকপাত কৰা হৈছে।

১৭ আগষ্টত দূৰদৰ্শনত সম্প্ৰচাৰিত ধাৰাবাহিকখনৰ বিশেষ প্ৰদৰ্শনীত অংশ লৈছিল প্ৰধানমন্ত্ৰীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, বিজেপিৰ সভাপতি জে পি নাড্ডাও উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু