--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; কাইলৈ গণেশ চতুৰ্থী৷ তথাপি কাইলৈ বেংগালুৰু ইদগাহ ময়দানত গণেশ চতুৰ্থী উদযাপন কৰা নহ’ব৷ কিয়নো, কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে৷ 

কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৰ্ণাটকৰ হুব্বালি জিলাৰ এটা ঈদগাহ ময়দানত পালন কৰিবলগীয়া গণেশ চতুৰ্থী ৰীতি-নীতিৰ বিৰুদ্ধে এখন আৱেদনৰ শুনানি গ্ৰহণ কৰিছিল। ন্যায়াধীশ অশোক এছ কিনাগীৰ কক্ষত শুনানি অনুষ্ঠিত হৈছিল। উচ্চতম ন্যায়ালয়ে বেংগালুৰুৰ চামৰাজপেটৰ ঈদগাহ ময়দানত গণেশ চতুৰ্থী উদযাপন স্থগিত ৰখাৰ কেইঘণ্টামান পাছত উচ্চ ন্যায়ালয়ৰ শুনানি অনুষ্ঠিত হয়৷

আজিৰ স্থিতিক দুয়োপক্ষই বজাই ৰাখিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশনাযোগে সদৰী কৰিছে৷ তিনিজনীয়া বিচাৰপীঠে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই কৰ্ণাটক ৱাকফ বোৰ্ডে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছি, যিয়ে গণেশ চতুৰ্থী উদযাপনৰ বাবে ইদগাহ ময়দান ব্যৱহাৰৰ অনুমতি দিছিল।

২৬ আগষ্টত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক চামাৰাজপেটত ইদগাহ ময়দানৰ ব্যৱহাৰ বিচাৰি বাংগালুৰুৰ উপায়ুক্তই লাভ কৰা আবেদনসমূহৰ ওপৰত উপযুক্ত নিৰ্দেশ বিবেচনা আৰু পাছ কৰিবলৈ অনুমতি দিছিল।

হুবলি-ধাৰৱাড পৌৰ নিগমে (এইচডিএমচি) হুবলিৰ ইদগাহ ময়দানত তিনিদিনৰ বাবে গণপতি মূৰ্তি স্থাপনৰ অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে। নিৰ্বাচিত প্ৰতিনিধি আৰু বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ পাছত সোমবাৰে স্থানীয় মেয়ৰ ইৰেশ আনচাটাগেৰীয়ে এই সন্দৰ্ভত এক বিবৃতি প্ৰদান কৰে।

এক প্ৰতিবেদনত কোৱা হৈছে যে এই বিষয়টোত সিদ্ধান্ত ল'বলৈ নাগৰিক সংস্থাৰ দ্বাৰা গঠন কৰা এখন সদন সমিতিৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লোৱা হৈছিল। এক বিবাদৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মুছলমানসকলক বছৰত দুবাৰকৈ খেলপথাৰত প্ৰাৰ্থনা কৰাৰ অনুমতি দিয়া হয়৷ আনহাতে নাগৰিক সংস্থাই স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ সময়ত এই ঈদগাহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী