--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ দ্বাৰা প্ৰকাশিত শেহতীয়া তথ্য অনুসৰি, ২০২১চনত মহিলাৰ বিৰুদ্ধে অপৰাধ আগৰ বছৰৰ তুলনাত ১৫.৩শতাংশ বৃদ্ধি পাইছে৷ ২০২০চনত ৩,৭১,৫০৩ টা গোচৰৰ পিছত যোৱা বছৰ৪,২৮,২৭৮  টা গোচৰ পঞ্জীয়ন কৰা হৈছিল।

এন চি আৰ বিৰ প্ৰতিবেদনে লগতে দেখুৱাইছে যে মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ (প্ৰতি ১ লাখ জনসংখ্যাত ঘটনাৰ সংখ্যা) ২০২০ চনৰ ৫৬.৫ শতাংশৰ পৰা ২০২১ চনত ৬৪.৫ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰে বেছিভাগ ঘটনা 'স্বামী বা তেওঁৰ আত্মীয়ৰ দ্বাৰা নিষ্ঠুৰতা' শ্ৰেণীত পৰে৷ ইয়াৰে ১৭.৬ শতাংশ অপহৰণ আৰু ১৭.৬ শতাংশ ধৰ্ষণ ৷ 
প্ৰতিবেদন অনুসৰি, যোৱা তিনি বছৰত সামান্য হ্ৰাস হোৱা স্বত্বেও, ২০২১ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সৰ্বাধিক হাৰ অসমত পঞ্জীয়ন কৰা হৈছিল। ৰাজ্যখনে যোৱা বছৰ এনে ধৰণৰ ২৯,০০০ ৰো অধিক ঘটনা নথিভুক্ত কৰিছিল।

 আন শীৰ্ষ ৰাজ্যবোৰৰ ভিতৰত আছে উৰিষ্যা, হাৰিয়ানা, তেলেংগানা আৰু ৰাজস্থান। অসমৰ দৰে ৰাজস্থানতো এনে ঘটনাৰ সংখ্যা সামান্য হ্ৰাস পাইছে৷  আনহাতে আন তিনিখন ৰাজ্যতো(উৰিষ্যা, হাৰিয়ানা আৰু তেলেংগানা)এনে ঘটনাৰ হাৰ বৃদ্ধি পাইছে।

প্ৰতিবেদনখনে ২০২১ চনত পঞ্জীয়ন কৰা প্ৰকৃত গোচৰৰ সংখ্যাৰ হিচাপত উত্তৰ প্ৰদেশক শীৰ্ষত(৫৬,০৮৩টা গোচৰ) স্থান দিছে ৷  মহিলাৰ বিৰুদ্ধে সৰ্বাধিক সংখ্যক অপৰাধ নথিভুক্ত কৰা আন ৰাজ্যবোৰৰ ভিতৰত আছে ৰাজস্থান, মহাৰাষ্ট্ৰ, পশ্চিম বংগ আৰু উৰিষ্যা।

ৰাজস্থানত ২০২১ চনত বাবে ধৰ্ষণৰ হাৰ সৰ্বাধিক আছিল ৷ ১৬.৪ শতাংশ ধৰ্ষণ আৰু যোৱা বছৰ ৬,৩৩৭ টা  পঞ্জীয়নভুক্ত গোচৰৰ সৈতে ৰাজস্থান শীৰ্ষস্থানত আছিল। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পিছত যোৱা বছৰ এই ৰাজ্যসমূহত ২০০০ ৰো অধিক গোচৰ ৰুজু হৈছিল। ৰাজস্থানতো ২০২১ চনত সৰ্বাধিক সংখ্যক নাবালক ছোৱালীধৰ্ষণ কৰা হৈছিল আৰু ১,৪৫৩ টা গোচৰ ৰুজু কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে