--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেতিয়া হাড় দুৰ্বল হয়, তেতিয়াই শৰীৰটোত নানা ধৰণৰ বিষ, জঠৰতা আদিৰ দৰে সমস্যাই দেখা দিয়ে৷ মানুহৰ বয়স বৃদ্ধিৰ লগে লগে নানা সমস্যাই শৰীৰত দেখা দিয়া আৰম্ভ কৰে৷ কিন্তু বয়সৰ অনুপাততকৈ কম সময়তে বিভিন্ন কাৰণত প্ৰায়ে অসুস্থ হৈ থকা দেখিবলৈ পোৱা যায়৷ ইয়াৰ মূলতে আছে পুষ্টিকৰ খাদ্য গ্ৰহণ৷ যদিহে আপুনি দীঘলীয়া সময়ৰ বাবে সুস্থ হৈ থাকিব বিচাৰে, আপোনাৰ হাড় শক্তিশালী কৰাটো অতিকৈ প্ৰয়োজনীয়। বয়স বাঢ়ি অহাৰ লগে লগে হাড় দুৰ্বল হোৱাটো স্বাভাৱিক, কিন্তু আজিকালি কম বয়সৰ মানুহবোৰো হাড়ৰ দুৰ্বলতাত ভুগি আছে।

হাড় দুৰ্বল হোৱাৰ বিভিন্ন কাৰণৰ ভিতৰত বিশেষকৈ কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱত হোৱা দেখা যায়৷ বিশেষজ্ঞসকলৰ মতে অখাদ্য আৰু দুৰ্বল জীৱনশৈলীৰ সৈতে সম্পৰ্কিত কিছুমান বেয়া অভ্যাসে হাড় দুৰ্বল কৰে। ইয়াৰ ভিতৰত বিশেষকৈ অত্যাধিক সুৰা পানে স্বাস্থ্যত বিশেষভাৱে প্ৰভাৱ পেলায়৷ অত্যাধিক সুৰা পান কৰিলে কেলচিয়াম শোষণ কৰাৰ ক্ষমতা হ্ৰাস হয় শৰীৰত।

ইয়াৰ উপৰি অধিক পৰিমাণত কফি খালো হাড় দুৰ্বল হ'ব পাৰে। কিয়নো কফিত কেফেইন অধিক হাৰত থাকে, যি হাড়ত থকা কেলচিয়ামৰ স্তৰ হ্ৰাস কৰে।
অত্যাধিক হাৰত নিমখ খালেও হাড় দুৰ্বল হোৱা দেখা যায়৷ কিয়নো নিমখ বেছিকৈ খালে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা কেলচিয়াম নিষ্কাশন হয়। ই লাহে লাহে হাড়বোৰ দুৰ্বল কৰে। গতিকে অত্যাধিক নিমখ খোৱা পৰিহাৰ কৰা উচিত।

অধিক হাৰত শীতল পানীয় সেৱন কৰিলে হাড় দুৰ্বল হ'ব পাৰে৷ শীতল পানীয়ত থকা চ'ডাৰে তেজত কেলচিয়ামৰ পৰিমাণ হ্ৰাস হয় আৰু ফছফেটৰ পৰিমাণ বৃদ্ধি হয়, যি হাড়বোৰক পৰ্যাপ্ত কেলচিয়াম প্ৰদান কৰাত বাধা দিয়ে, যাৰ ফলত হাড় দুৰ্বল হয়।

ধূমপানৰ অভ্যাসে হাড় দুৰ্বল কৰিব পাৰে। ধূমপানে হাড়ৰ কোষবোৰ ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত হাড় দুৰ্বল হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ