--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেতিয়া হাড় দুৰ্বল হয়, তেতিয়াই শৰীৰটোত নানা ধৰণৰ বিষ, জঠৰতা আদিৰ দৰে সমস্যাই দেখা দিয়ে৷ মানুহৰ বয়স বৃদ্ধিৰ লগে লগে নানা সমস্যাই শৰীৰত দেখা দিয়া আৰম্ভ কৰে৷ কিন্তু বয়সৰ অনুপাততকৈ কম সময়তে বিভিন্ন কাৰণত প্ৰায়ে অসুস্থ হৈ থকা দেখিবলৈ পোৱা যায়৷ ইয়াৰ মূলতে আছে পুষ্টিকৰ খাদ্য গ্ৰহণ৷ যদিহে আপুনি দীঘলীয়া সময়ৰ বাবে সুস্থ হৈ থাকিব বিচাৰে, আপোনাৰ হাড় শক্তিশালী কৰাটো অতিকৈ প্ৰয়োজনীয়। বয়স বাঢ়ি অহাৰ লগে লগে হাড় দুৰ্বল হোৱাটো স্বাভাৱিক, কিন্তু আজিকালি কম বয়সৰ মানুহবোৰো হাড়ৰ দুৰ্বলতাত ভুগি আছে।

হাড় দুৰ্বল হোৱাৰ বিভিন্ন কাৰণৰ ভিতৰত বিশেষকৈ কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱত হোৱা দেখা যায়৷ বিশেষজ্ঞসকলৰ মতে অখাদ্য আৰু দুৰ্বল জীৱনশৈলীৰ সৈতে সম্পৰ্কিত কিছুমান বেয়া অভ্যাসে হাড় দুৰ্বল কৰে। ইয়াৰ ভিতৰত বিশেষকৈ অত্যাধিক সুৰা পানে স্বাস্থ্যত বিশেষভাৱে প্ৰভাৱ পেলায়৷ অত্যাধিক সুৰা পান কৰিলে কেলচিয়াম শোষণ কৰাৰ ক্ষমতা হ্ৰাস হয় শৰীৰত।

ইয়াৰ উপৰি অধিক পৰিমাণত কফি খালো হাড় দুৰ্বল হ'ব পাৰে। কিয়নো কফিত কেফেইন অধিক হাৰত থাকে, যি হাড়ত থকা কেলচিয়ামৰ স্তৰ হ্ৰাস কৰে।
অত্যাধিক হাৰত নিমখ খালেও হাড় দুৰ্বল হোৱা দেখা যায়৷ কিয়নো নিমখ বেছিকৈ খালে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা কেলচিয়াম নিষ্কাশন হয়। ই লাহে লাহে হাড়বোৰ দুৰ্বল কৰে। গতিকে অত্যাধিক নিমখ খোৱা পৰিহাৰ কৰা উচিত।

অধিক হাৰত শীতল পানীয় সেৱন কৰিলে হাড় দুৰ্বল হ'ব পাৰে৷ শীতল পানীয়ত থকা চ'ডাৰে তেজত কেলচিয়ামৰ পৰিমাণ হ্ৰাস হয় আৰু ফছফেটৰ পৰিমাণ বৃদ্ধি হয়, যি হাড়বোৰক পৰ্যাপ্ত কেলচিয়াম প্ৰদান কৰাত বাধা দিয়ে, যাৰ ফলত হাড় দুৰ্বল হয়।

ধূমপানৰ অভ্যাসে হাড় দুৰ্বল কৰিব পাৰে। ধূমপানে হাড়ৰ কোষবোৰ ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত হাড় দুৰ্বল হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ