--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঢ়া-শুনা কৰি এটা ডিগ্ৰী লৈ মানুহে সদায় চাকৰিৰ পিছত দৌৰে৷ চাকৰি বিচাৰি হাবাথুৰি খায়। এয়াই আজিৰ বাস্তৱ৷ অৱশ্যে মাজে সময়ে কৃষি কৰ্মৰ মাজেৰে স্বাৱলম্বী হোৱা দুই-এটা খবৰে সংবাদ শিৰোনাম দখল কৰে যদিও বাস্তৱ ক্ষেত্ৰত সেয়া তেনেই নগণ্য৷ তদুপৰি অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে বুলিও এটা বদনাম আছে৷ মানুহৰ এটা ধাৰণা আছে যে, চৰকাৰী চাকৰি কৰিবই লাগিব, সেয়া নহ’লে কোম্পানীৰ চাকৰিয়েই হলেও হ’ব, মুঠতে চাকৰি এটা লাগিবই৷

কিন্তু ব্যৱসায়ৰ মাজেৰেও যে মানুহ স্বাৱলম্বী হ’ব পাৰে, সফল হ’ব পাৰে সেই কথা সততে কোনেও নাভাবে৷ সামন্যতম মূলধনেৰে মানুহে নিজাকৈ আৰম্ভ কৰিব পাৰে এটা ক্ষুদ্ৰ ব্যৱসায়, লাগে মাথোঁ নিজৰ সদিচ্ছা আৰু অকণমান ৰিস্ক ল’ব পৰা মানসিকতা৷ FLIPKART ৰ নিছিনা এটা কোম্পানীয়ে মাত্ৰ ৫ লাখ টকা বিনিয়োগেৰে আৰম্ভ কৰিছিল নিজৰ ব্যৱসায়, লিজ্জত পাপড় কোম্পানীৰ আৰম্ভণি হৈছিল মাত্ৰ ১০ গৰাকী মহিলাক লৈ নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল আৰু আজিৰ তাৰিখত কোম্পানীটোৱে প্ৰায় ১০ লাখ মহিলাক কৰ্ম সংস্থাপন দি আছে।গতিকে এনেকুৱা উদাহৰণ হয়তো আৰু বহুত ওলাব যিবোৰ ব্যৱসায় বিশ্বৰ বাবেই এক অনুকৰণীয় দৃষ্টান্ত হৈ পৰিছে। আজি তেনেকুৱা এজন যুৱকৰ কাহিনী আমি ‘‘লাইফ ইন এ মেট্ৰ’’লৈ উলিয়াই আনিম যি জনে কেৱল ৪ হাজাৰ টকা বিনিয়োগেৰে নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল আৰু বৰ্তমান তেওঁ এজন সফল ব্যৱসায়ী৷ তেওঁৰ নাম দেৱাঙ্গ পল্লৱ শইকীয়া৷

ফটোত দেৱাঙ্গ পল্লৱ শইকীয়া

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত নতুন দিল্লীৰ এটা বহুজাতিক কোম্পানীৰ সৈতে কাম কৰা দেৱাঙ্গ পল্লৱ শইকীয়াই নিজৰ জন্মস্থানলৈ উভতি অহাৰ সিদ্ধান্ত লয়। দিল্লীত প্ৰায় ৬ বছৰ কৰ্ম কৰি তেওঁ ভাবিলে যে, অসমৰ দৰে ইমান সাৰুৱা মাটিৰ গোন্ধ থকা ঠাইখিনিতে কিবা এটা কৰিব পাৰি, সেই চিন্তাধাৰাই প্ৰথমে তেওঁৰ মনত গঢ় লৈছিল৷ লাহে-লাহে তেওঁৰ মনত গঢ় লোৱা সপোনটোৱে পৈনত হ’বলৈ ধৰিলে৷ তেওঁ এবাৰ বেলতলা বজাৰত বজাৰলৈ বুলি ওলাই গৈছিল আৰু খাৰ বিচাৰি হাবাথুৰি খোৱাৰ পাছতো তেওঁ খাৰ বিচাৰি নাপালে আৰু সেইদিনাই তেওঁ সিদ্ধান্ত লৈছিল যে, গুৱাহাটীৰ মানুহে হয়তো থলুৱা আৰু খাতি অসমীয়া জুতিৰ পৰা বঞ্চিত হৈ আছে আৰু তেওঁ সেই মানুহখিনিৰ বাবে থলুৱা নিভাঁজ খাদ্যৰ যোগান ধৰাৰ বাবে এটা ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰিব৷ যাত্ৰাটো আৰম্ভ হৈছিল এনেকৈয়ে, তেওঁৰ এজন বন্ধু অনুপম চৌধুৰীৰ সৈতে সমগ্ৰ পৰিকল্পনাটোৰ বিষয়ে কথা-পাতি দুয়োজনে হাতে কামে লাগি গ’ল৷

বিভিন্ন থলুৱা খাদ্য সামগ্ৰী

২০১৭ চনত ‘‘খাৰখোৱা’’ নামেৰে অনুষ্ঠানটোৰ নাম ৰাখি আৰম্ভ কৰিছিল তেওঁলোকৰ ব্যৱসায়, যিহেতু এই নামটোৱে সমগ্ৰ অসমীয়া জাতিটোক প্ৰতিনিধিত্ব কৰে৷ দেৱাঙ্গ পল্লৱ শইকীয়া আৰু তেওঁৰ বন্ধু অনুপম চৌধুৰীয়ে প্ৰথমে খাৰ আৰু অন্যান্য ঘৰুৱা খাদ্য সামগ্ৰী যেনে আচাৰ, জাম আৰু জেলী প্ৰস্তুত কৰিছিল আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে সেইবোৰৰ বিজ্ঞাপন দিছিল। বিজ্ঞাপন দিয়াৰ তিনি দিনৰ পাছতে গুৱাহাটীত তেওঁলোকে ২০০ টা অৰ্ডাৰ লাভ কৰিছিল৷ তেওঁলোকৰ এই ব্যৱসায়টোৰ লগত বেছিকৈ গাঁৱৰ মহিলাসকলক জড়িত কৰাইছিল যিসকলে অৰ্থ উপাৰ্জনৰ পথ বিছাৰি থাকে। তেওঁলোকৰ হাতেৰে বিভিন্ন থলুৱা খাদ্য সামগ্ৰী প্ৰস্তুত কৰোঁৱাই গ্ৰাহকৰ মাজলৈ উলিয়াই নিয়ে৷

বিভিন্ন থলুৱা খাদ্য সামগ্ৰী


গুৱাহাটীৰ বেলতলাৰ পৰা তেওঁলোকৰ এই খাদ্য সামগ্ৰীসমূহ ৰাইজলৈ বিতৰণ কৰে, বৰ্তমান তেওঁলোকৰ এই সামগ্ৰীসমূহ অনলাইনতো উপলদ্ধ হোৱাৰ লগতে অফলাইন ক্ৰেতাৰ সংখ্যাও বৃদ্ধি পাইছে৷ ‘খাৰখোৱা’ প্ৰতিষ্ঠাপক দেৱাঙ্গ পল্লৱ শইকীয়াই আগন্তুক দিনত ইয়াৰ পৰিসৰ আৰু বহল কৰাৰ মন পুহি ৰাখিছে আৰু অসমৰ কমেও ৩০% মহিলাক ‘‘খাৰখোৱা’’ৰ সৈতে জড়িত হ’ব পাৰে সেয়াই তেওঁৰ লক্ষ্য। অসমৰ নতুন প্ৰজন্মৰ লেখসকলৰ ভিতৰত এগৰাকী অতি জনপ্ৰিয় আৰু প্ৰতিভাৱান লেখক দেবাংগ পল্লৱ শইকীয়াৰ সৃজনীশীল মনৰ পৰশ তেওঁৰ ব্যৱসায়তো দেখা যায়। অনুভৱৰ আলাপ, নৈৰ দৰে আৰু জীৱনৰ গল্প গদ্যৰ দৰে জনপ্ৰিয় গ্ৰন্থৰ ৰচনা কৰিছে দেবাংগ পল্লৱ শইকীয়াই। তেওঁলোকৰ সামগ্ৰীসমূহৰ নামতো তেওঁৰ ব্যতিক্ৰমী চিন্তা আৰু পৰিকল্পনাৰ প্ৰতিফলন দেখা যায়। প্ৰতিবিধ সামগ্ৰীকে অতি আটোম-টোকাৰিকৈ গ্ৰাহকৰ হাতত তুলি দিবলৈ চেষ্টা কৰা দেবাংগ পল্লৱ শইকীয়াৰ খাৰখোৱা অসমৰ লাখ লাখ নিবনুৱাৰ বাবে এতিয়া হৈ পৰিছে অনুকৰণীয় আদৰ্শ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ