--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেইটাৰৰ ৰূপত ৰেষ্টুৰেণ্টত ৰবট ব্যৱহাৰ চলি আহিছে। ভাৰততো কেইবাখনো ৰেষ্টুৰেণ্ট আছে, য’ত ৰবটৰ সহায়ত খাদ্য পৰিবেশন কৰা হয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ৰবটে ৰেষ্টুৰেণ্টত চেফ অৰ্থাৎ ৰান্ধনিৰ ভূমিকা ল’ব? কেনেকুৱা লাগিব ৰবটে ৰন্ধা খাদ্য ভক্ষণ কৰি?

তেনে এটা পদক্ষেপেই লৈছে ক্ৰ’ৱেচিয়াৰ এখন ৰেষ্টুৰেণ্টত। তাত ৰবট চেফে প্ৰায় ৭০ ধৰণৰ খাদ্য প্ৰস্তুত কৰি আছে। ৰেষ্টুৰেণ্টখনৰ মালিকগৰাকীৰ মতে, ক্ৰ’ৱেছিয়াৰ ৰাজধানী জাগ্ৰেব চহৰৰ 'ব’টছ এণ্ড পটছ’ হৈছে বিশ্বৰ একমাত্ৰ ৰেষ্টুৰেণ্ট- য’ত ৰবটিক কুকাৰত তৈয়াৰী পাত্ৰৰ খাদ্য পৰিবেশন কৰে।

ৰেষ্টুৰেণ্টখনে দাবী কৰিছে যে পাত্ৰত সতেজ শাক-পাচলি আৰু মছলা যোগান ধৰাৰ বাহিৰে খাদ্য প্ৰস্তুত কৰাত মানুহৰ কোনো সহায়ৰ প্ৰয়োজন নাই। পিজ্জা আৰু বাৰ্গাৰ তৈয়াৰ কৰে ৰবটে।

ৰেষ্টুৰেণ্টৰ মালিকজনে জনোৱা মতে এই গোটেই ধাৰণাটো কাৰ্যকৰী কৰি ৰেষ্টুৰেণ্টখন খুলিবলৈ প্ৰায় ৭ বছৰ সময় লাগিছিল। এই ৰেষ্টুৰেণ্টখন যোৱা বছৰ মুকলি হৈছিল। ৰেষ্টুৰেণ্টখন নিৰ্মাণ কৰিবলৈ প্ৰায় ১০ লাখ ইউৰো (ভাৰতীয় মুদ্ৰাত প্ৰায় ৮৮ লাখ টকা) খৰচ হৈছিল।

ৰেষ্টুৰেণ্টখনৰ মালিকে কেৱল ফাষ্ট ফুড বনোৱাতেই নহয়, সুস্বাদু খাদ্য বনোৱাতো গুৰুত্ব দিছে। ৰেষ্টুৰেণ্টৰ ৰবটে ডিজিটেল মাধ্যমৰ জৰিয়তে ৰেষ্টুৰেণ্ট চেফসকলৰ পৰা প্ৰশিক্ষণ লাভ কৰিছে। ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ মতে, ১ ঘণ্টাত ১০০ টা সুস্বাদু পাত্ৰৰ আহাৰ তৈয়াৰ কৰি আছে এই ৰবটবোৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা