--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেইটাৰৰ ৰূপত ৰেষ্টুৰেণ্টত ৰবট ব্যৱহাৰ চলি আহিছে। ভাৰততো কেইবাখনো ৰেষ্টুৰেণ্ট আছে, য’ত ৰবটৰ সহায়ত খাদ্য পৰিবেশন কৰা হয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ৰবটে ৰেষ্টুৰেণ্টত চেফ অৰ্থাৎ ৰান্ধনিৰ ভূমিকা ল’ব? কেনেকুৱা লাগিব ৰবটে ৰন্ধা খাদ্য ভক্ষণ কৰি?

তেনে এটা পদক্ষেপেই লৈছে ক্ৰ’ৱেচিয়াৰ এখন ৰেষ্টুৰেণ্টত। তাত ৰবট চেফে প্ৰায় ৭০ ধৰণৰ খাদ্য প্ৰস্তুত কৰি আছে। ৰেষ্টুৰেণ্টখনৰ মালিকগৰাকীৰ মতে, ক্ৰ’ৱেছিয়াৰ ৰাজধানী জাগ্ৰেব চহৰৰ 'ব’টছ এণ্ড পটছ’ হৈছে বিশ্বৰ একমাত্ৰ ৰেষ্টুৰেণ্ট- য’ত ৰবটিক কুকাৰত তৈয়াৰী পাত্ৰৰ খাদ্য পৰিবেশন কৰে।

ৰেষ্টুৰেণ্টখনে দাবী কৰিছে যে পাত্ৰত সতেজ শাক-পাচলি আৰু মছলা যোগান ধৰাৰ বাহিৰে খাদ্য প্ৰস্তুত কৰাত মানুহৰ কোনো সহায়ৰ প্ৰয়োজন নাই। পিজ্জা আৰু বাৰ্গাৰ তৈয়াৰ কৰে ৰবটে।

ৰেষ্টুৰেণ্টৰ মালিকজনে জনোৱা মতে এই গোটেই ধাৰণাটো কাৰ্যকৰী কৰি ৰেষ্টুৰেণ্টখন খুলিবলৈ প্ৰায় ৭ বছৰ সময় লাগিছিল। এই ৰেষ্টুৰেণ্টখন যোৱা বছৰ মুকলি হৈছিল। ৰেষ্টুৰেণ্টখন নিৰ্মাণ কৰিবলৈ প্ৰায় ১০ লাখ ইউৰো (ভাৰতীয় মুদ্ৰাত প্ৰায় ৮৮ লাখ টকা) খৰচ হৈছিল।

ৰেষ্টুৰেণ্টখনৰ মালিকে কেৱল ফাষ্ট ফুড বনোৱাতেই নহয়, সুস্বাদু খাদ্য বনোৱাতো গুৰুত্ব দিছে। ৰেষ্টুৰেণ্টৰ ৰবটে ডিজিটেল মাধ্যমৰ জৰিয়তে ৰেষ্টুৰেণ্ট চেফসকলৰ পৰা প্ৰশিক্ষণ লাভ কৰিছে। ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ মতে, ১ ঘণ্টাত ১০০ টা সুস্বাদু পাত্ৰৰ আহাৰ তৈয়াৰ কৰি আছে এই ৰবটবোৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ