--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনিও চেম্পু ব্যৱহাৰ কৰে নেকি? ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ড্ৰাই শ্বেম্পু এটা নতুন ধাৰণা। কম সময়ত চুলি পৰিষ্কাৰ কৰাত ড্ৰাই চেম্পু ফলপ্ৰসূ। ইয়াৰ বাবেই বৃহৎ সংখ্যক লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ড্ৰাই চেম্পুৱে । কিন্তু যদি আপুনিও শুকান চেম্পুৰ প্ৰতি আকৰ্ষিত, তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ আছে। শেহতীয়াকৈ বিশ্বব্যাপী এফএমচিজিৰ ইউনিলিভাৰ পিএলচিয়ে কিছুমান জনপ্ৰিয় ব্ৰেণ্ডৰ ডাই চেম্পু ব্যৱহাৰত বাধা প্ৰদান কৰিছে। ইয়াৰ কাৰণ হ’ল এনে চেম্পুত বেনজিন সম্পৰ্কীয় দূষক পদাৰ্থ আছিল। জানি থওক যে বেনজিনে কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে।

উল্লেখযোগ্য  যে যিবোৰ ব্ৰেণ্ডৰ ড্ৰাই চেম্পু ইউনিলিভাৰে বজাৰৰ পৰা পুনৰ ঘূৰাই আনিছে , সেইবোৰৰ ভিতৰত আছে জনপ্ৰিয় ড’ভ আৰু ট্ৰেছিমিৰ ড্ৰাই চেম্পু। ইয়াৰ বাহিৰেও নেক্সাছ, ছুৱেভ আৰু টিগি। আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ ৱেবছাইটত প্ৰকাশ কৰা এক জাননী অনুসৰি সেইবোৰ হৈছে ৰকহলিক আৰু বেড হেড ড্ৰাই শ্বেম্পু।

প্ৰতিবেদন অনুসৰি, মূলতঃ ২০২১ চনৰ অক্টোবৰৰ পূৰ্বে নিৰ্মিত সামগ্ৰীসমূহ পুনৰ আহ্বান কৰা হৈছে। কিন্তু এই পদক্ষেপে ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰীত থকা এৰ’ছলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে যোৱা ১৮ মাহত আন কেইবাটাও সামগ্ৰী যেনে জনছন এণ্ড জনছনৰ নিউট্ৰ’জেনা, এজৱেল পাৰ্চনেল কেয়াৰ কোম্পানীৰ বেনানা ব’ট আৰু বিয়েৰছডৰ্ফ এজিৰ কপাৰটনক বজাৰৰ পৰা পুনৰ ঘূৰাই অনা হৈছে।

• ড্ৰাই চেম্পু কি?
ড্ৰাই চেম্পু স্প্ৰেৰ ৰূপত আহে আৰু চুলি তিয়াই নিদিয়াকৈ ব্যৱহাৰ কৰিব পাৰি। এলকহল বা ষ্টাৰচ ভিত্তিক স্প্ৰে’ই চুলিৰ পৰা গ্রীজ আৰু তেল আঁতৰাই ভলিউম বৃদ্ধি কৰে।

• চুলিৰ বাবে ড্ৰাই চেম্পু ভাল নেকি?
WebMD ৰ মতে, ইহঁত মাজে মাজে এবাৰ ব্যৱহাৰ কৰিব পাৰি, কিন্তু তৰল চেম্পুৰ পূৰ্ণকালীন বিকল্প হ’ব নালাগে। শুকান চেম্পুৱেও মূৰৰ ছালত অৱশিষ্ট ৰাখে। নিয়মীয়াকৈ চুলি ধুই নিদিলে শুকান চেম্পুৱে তাৰ অৱশিষ্টখিনি এৰি দিব পাৰে যিয়ে ফোহা আৰু প্ৰদাহৰ সৃষ্টি কৰিব পাৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক