--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনিও চেম্পু ব্যৱহাৰ কৰে নেকি? ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ড্ৰাই শ্বেম্পু এটা নতুন ধাৰণা। কম সময়ত চুলি পৰিষ্কাৰ কৰাত ড্ৰাই চেম্পু ফলপ্ৰসূ। ইয়াৰ বাবেই বৃহৎ সংখ্যক লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ড্ৰাই চেম্পুৱে । কিন্তু যদি আপুনিও শুকান চেম্পুৰ প্ৰতি আকৰ্ষিত, তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ আছে। শেহতীয়াকৈ বিশ্বব্যাপী এফএমচিজিৰ ইউনিলিভাৰ পিএলচিয়ে কিছুমান জনপ্ৰিয় ব্ৰেণ্ডৰ ডাই চেম্পু ব্যৱহাৰত বাধা প্ৰদান কৰিছে। ইয়াৰ কাৰণ হ’ল এনে চেম্পুত বেনজিন সম্পৰ্কীয় দূষক পদাৰ্থ আছিল। জানি থওক যে বেনজিনে কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে।

উল্লেখযোগ্য  যে যিবোৰ ব্ৰেণ্ডৰ ড্ৰাই চেম্পু ইউনিলিভাৰে বজাৰৰ পৰা পুনৰ ঘূৰাই আনিছে , সেইবোৰৰ ভিতৰত আছে জনপ্ৰিয় ড’ভ আৰু ট্ৰেছিমিৰ ড্ৰাই চেম্পু। ইয়াৰ বাহিৰেও নেক্সাছ, ছুৱেভ আৰু টিগি। আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ ৱেবছাইটত প্ৰকাশ কৰা এক জাননী অনুসৰি সেইবোৰ হৈছে ৰকহলিক আৰু বেড হেড ড্ৰাই শ্বেম্পু।

প্ৰতিবেদন অনুসৰি, মূলতঃ ২০২১ চনৰ অক্টোবৰৰ পূৰ্বে নিৰ্মিত সামগ্ৰীসমূহ পুনৰ আহ্বান কৰা হৈছে। কিন্তু এই পদক্ষেপে ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰীত থকা এৰ’ছলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে যোৱা ১৮ মাহত আন কেইবাটাও সামগ্ৰী যেনে জনছন এণ্ড জনছনৰ নিউট্ৰ’জেনা, এজৱেল পাৰ্চনেল কেয়াৰ কোম্পানীৰ বেনানা ব’ট আৰু বিয়েৰছডৰ্ফ এজিৰ কপাৰটনক বজাৰৰ পৰা পুনৰ ঘূৰাই অনা হৈছে।

• ড্ৰাই চেম্পু কি?
ড্ৰাই চেম্পু স্প্ৰেৰ ৰূপত আহে আৰু চুলি তিয়াই নিদিয়াকৈ ব্যৱহাৰ কৰিব পাৰি। এলকহল বা ষ্টাৰচ ভিত্তিক স্প্ৰে’ই চুলিৰ পৰা গ্রীজ আৰু তেল আঁতৰাই ভলিউম বৃদ্ধি কৰে।

• চুলিৰ বাবে ড্ৰাই চেম্পু ভাল নেকি?
WebMD ৰ মতে, ইহঁত মাজে মাজে এবাৰ ব্যৱহাৰ কৰিব পাৰি, কিন্তু তৰল চেম্পুৰ পূৰ্ণকালীন বিকল্প হ’ব নালাগে। শুকান চেম্পুৱেও মূৰৰ ছালত অৱশিষ্ট ৰাখে। নিয়মীয়াকৈ চুলি ধুই নিদিলে শুকান চেম্পুৱে তাৰ অৱশিষ্টখিনি এৰি দিব পাৰে যিয়ে ফোহা আৰু প্ৰদাহৰ সৃষ্টি কৰিব পাৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু