--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দ্বাৰকা‌‌ পীঠৰ শংকৰাচাৰ্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ আজি ৯৯ বছৰ বয়সত মৃত্যু হয়। মধ্যপ্ৰদেশৰ নৰসিংহপুৰত স্বামীজীয়ে শেষ নিশ্বাস ত্যাগ কৰে। ১৯২৪ চনৰ ২ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ চিওনীৰ দীঘোৰী গাঁৱত ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম ধনপতি উপাধ্যায় আৰু মাতৃৰ নাম গিৰিজা দেৱী। পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিছিল পোঠি ৰাম উপাধ্যায়। হিন্দুসকলৰ সৰ্বশ্ৰেষ্ঠ গুৰু হিচাপে বিবেচিত স্বৰূপানন্দ সৰস্বতীয়ে মাত্ৰ ৯ বছৰ বয়সতে ঘৰ এৰি ধৰ্মৰ যাত্ৰা আৰম্ভ কৰিছিল।

ধৰ্মীয় যাত্ৰাকালত তেওঁ কাশীত উপস্থিত হৈ স্বামী কৰপাত্ৰী মহাৰাজৰ পৰা বেদ আৰু শাস্ত্ৰৰ শিক্ষা লাভ কৰে। ব্ৰিটিছ যুগত ১৯ বছৰ বয়সত তেওঁক বিপ্লৱী ঋষি বুলি কোৱা হৈছিল। তেওঁ এই নামেৰে পৰিচিত হ’বলৈ ধৰিলে।

তীৰ্থযাত্ৰা অব্যাহত ৰখাৰ লগতে স্বামী স্বৰূপানন্দ সৰস্বতীয়েও স্বাধীনতাৰ বাবে যুঁজিছিল। ব্ৰিটিছৰ বিৰুদ্ধে চলা আন্দোলনত জড়িত হোৱাৰ বাবে তেওঁ ৯ মাহ বাৰাণসীত আৰু ৬ মাহ মধ্যপ্ৰদেশৰ কাৰাগাৰত কটাবলগীয়া হৈছিল। এই সময়ছোৱাত তেওঁক কৰপাত্ৰী মহাৰাজৰ ৰাজনৈতিক দল ৰাম ৰাজ্য পৰিষদৰ সভাপতি হিচাপেও ঘোষণা কৰা হয়।

১৯৫০ চনত স্বামী স্বৰূপানন্দই সন্ন্যাসী হৈ ১৯৮১ চনত শংকৰাচাৰ্য্য উপাধি লাভ কৰে। ১৯৫০ চনত বিপ্লৱী সাধু নামেৰে বিখ্যাত হোৱা জ্যোতিষ্পীঠৰ ব্ৰহ্মলিন শংকৰাচাৰ্য্য স্বামী ব্ৰহ্মানন্দ সৰস্বতিক দণ্ড-সন্ন্যাসত দীক্ষিত হয়। এই দীক্ষাৰ পিছত তেওঁ স্বামী স্বৰূপানন্দ সৰস্বতী নামেৰে জনাজাত হৈছিল। এইদৰে তেওঁ হিন্দুসকলৰ আটাইতকৈ ডাঙৰ ধৰ্মগুৰু হৈ পৰিছিল।

এসপ্তাহ পূৰ্বে হৰিয়ালী জীতৰ দিনা ৩ ছেপ্টেম্বৰত স্বামী স্বৰূপানন্দ সৰস্বতীয়ে ৯৯ সংখ্যক জন্মদিন উদযাপন কৰিছিল। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানকে ধৰি দেশৰ বহু বিশিষ্ট ব্যক্তিয়ে তেওঁক অভিনন্দন জনাইছিল।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। শেহতীয়াকৈ তেওঁ চিকিৎসা গ্ৰহণ কৰি বেংগালুৰু পৰা উভতি আহিছিল। দেওবাৰে নৰসিংহপুৰ জিলাৰ ঝোটেশ্বৰস্থিত পৰমহংসী গংগা আশ্ৰমত সামান্য হাৰ্ট এটেকত হয়। বিয়লি ৩.৫০ বজাত তেওঁ। শিষ্য ব্ৰহ্ম বিদ্যানন্দৰ মতে, সোমবাৰে সন্ধিয়া ৫ বজাত স্বামী স্বৰূপানন্দ সৰস্বতীক আশ্ৰমত সমাধি প্ৰদান কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ