--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দ্বাৰকা‌‌ পীঠৰ শংকৰাচাৰ্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ আজি ৯৯ বছৰ বয়সত মৃত্যু হয়। মধ্যপ্ৰদেশৰ নৰসিংহপুৰত স্বামীজীয়ে শেষ নিশ্বাস ত্যাগ কৰে। ১৯২৪ চনৰ ২ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ চিওনীৰ দীঘোৰী গাঁৱত ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম ধনপতি উপাধ্যায় আৰু মাতৃৰ নাম গিৰিজা দেৱী। পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিছিল পোঠি ৰাম উপাধ্যায়। হিন্দুসকলৰ সৰ্বশ্ৰেষ্ঠ গুৰু হিচাপে বিবেচিত স্বৰূপানন্দ সৰস্বতীয়ে মাত্ৰ ৯ বছৰ বয়সতে ঘৰ এৰি ধৰ্মৰ যাত্ৰা আৰম্ভ কৰিছিল।

ধৰ্মীয় যাত্ৰাকালত তেওঁ কাশীত উপস্থিত হৈ স্বামী কৰপাত্ৰী মহাৰাজৰ পৰা বেদ আৰু শাস্ত্ৰৰ শিক্ষা লাভ কৰে। ব্ৰিটিছ যুগত ১৯ বছৰ বয়সত তেওঁক বিপ্লৱী ঋষি বুলি কোৱা হৈছিল। তেওঁ এই নামেৰে পৰিচিত হ’বলৈ ধৰিলে।

তীৰ্থযাত্ৰা অব্যাহত ৰখাৰ লগতে স্বামী স্বৰূপানন্দ সৰস্বতীয়েও স্বাধীনতাৰ বাবে যুঁজিছিল। ব্ৰিটিছৰ বিৰুদ্ধে চলা আন্দোলনত জড়িত হোৱাৰ বাবে তেওঁ ৯ মাহ বাৰাণসীত আৰু ৬ মাহ মধ্যপ্ৰদেশৰ কাৰাগাৰত কটাবলগীয়া হৈছিল। এই সময়ছোৱাত তেওঁক কৰপাত্ৰী মহাৰাজৰ ৰাজনৈতিক দল ৰাম ৰাজ্য পৰিষদৰ সভাপতি হিচাপেও ঘোষণা কৰা হয়।

১৯৫০ চনত স্বামী স্বৰূপানন্দই সন্ন্যাসী হৈ ১৯৮১ চনত শংকৰাচাৰ্য্য উপাধি লাভ কৰে। ১৯৫০ চনত বিপ্লৱী সাধু নামেৰে বিখ্যাত হোৱা জ্যোতিষ্পীঠৰ ব্ৰহ্মলিন শংকৰাচাৰ্য্য স্বামী ব্ৰহ্মানন্দ সৰস্বতিক দণ্ড-সন্ন্যাসত দীক্ষিত হয়। এই দীক্ষাৰ পিছত তেওঁ স্বামী স্বৰূপানন্দ সৰস্বতী নামেৰে জনাজাত হৈছিল। এইদৰে তেওঁ হিন্দুসকলৰ আটাইতকৈ ডাঙৰ ধৰ্মগুৰু হৈ পৰিছিল।

এসপ্তাহ পূৰ্বে হৰিয়ালী জীতৰ দিনা ৩ ছেপ্টেম্বৰত স্বামী স্বৰূপানন্দ সৰস্বতীয়ে ৯৯ সংখ্যক জন্মদিন উদযাপন কৰিছিল। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানকে ধৰি দেশৰ বহু বিশিষ্ট ব্যক্তিয়ে তেওঁক অভিনন্দন জনাইছিল।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। শেহতীয়াকৈ তেওঁ চিকিৎসা গ্ৰহণ কৰি বেংগালুৰু পৰা উভতি আহিছিল। দেওবাৰে নৰসিংহপুৰ জিলাৰ ঝোটেশ্বৰস্থিত পৰমহংসী গংগা আশ্ৰমত সামান্য হাৰ্ট এটেকত হয়। বিয়লি ৩.৫০ বজাত তেওঁ। শিষ্য ব্ৰহ্ম বিদ্যানন্দৰ মতে, সোমবাৰে সন্ধিয়া ৫ বজাত স্বামী স্বৰূপানন্দ সৰস্বতীক আশ্ৰমত সমাধি প্ৰদান কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু