--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকাত সৃষ্টি হৈছে অগ্নিগৰ্ভ পৰিস্থিতিৰ। ব্যাপক অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি থকা দেশখনত নাগৰিকৰ প্ৰতিবাদে এতিয়া ভয়ংকৰ হিংসাত্মক ৰূপ লৈছে আৰু তাৰ ফলত কমেও ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে দুই শতাধিক লোক আহত হৈছে। হিংসাত্মক প্ৰতিবাদকাৰীয়ে আনকি দেশখনৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষেৰ পৈত্ৰিক ঘৰৰ লগতে ৪১জন ৰাজনীতিকৰ ঘৰত অগ্নিসংযোগ কৰিছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দেশজোৰা কাৰ্ফিউ জাৰি কৰা হৈছে। ২২ নিযুত জনসংখ্যাৰ দেশখনৰ পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে সেনাৰ সহায় লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে, বিগত ৯ এপ্ৰিলত চৰকাৰবিৰোধী শান্তিপূৰ্ণ প্ৰতিবাদ আৰম্ভ হৈছিল আৰু তাৰ পাছতে ই ক্ৰমান্বয়ে হিংসাত্মক ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। সোমবাৰে নিশাৰ ভাগত পৰিস্থিতিয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু দেশখনৰ বিভিন্ন গুৰুত্বপূ্ৰ্ণ স্থান আৰু ৰাজনীতিকৰ ঘৰত অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। ইয়াৰ ফলত ৫জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় আঢ়ৈশ লোক আহত হৈছে।

ইফালে, সোমবাৰে ৰাজধানী কলম্বোত শাসকীয় দলৰ সাংসদ আমাৰাকেৰ্তি আথুকোৰালাই তেওঁৰ বাহন অৱৰোধ কৰা প্ৰতিবাদকাৰীলৈ গুলী চালনা কৰাৰ কথা পোহৰলৈ আহিছে। যাৰ ফলত এজন ২৭ বছৰীয়া যুৱক নিহত হয় আৰু আন দুজন আহত হয়। আৰক্ষীয়ে সদৰি কৰা মতে সাংসদজনে পাছত আত্মহত্যা কৰিছে। কিন্তু তেওঁৰ দলৰ নেতাই প্ৰকাশ কৰা অনুসৰি কৈছিল যে তেওঁক উন্মত্ত প্ৰতিবাদকাৰীয়ে হত্যা কৰিছে। সাংসদজনৰ দেহৰক্ষীকো হত্যা কৰা বুলি জানিব পৰা গৈছে।

ৰাজপাক্ষেৰ দলৰ এজন প্ৰাদেশিক ৰাজনীতিবিদে সোমবাৰে দেশখনৰ দক্ষিণৰ ৱেৰাকেটিয়া চহৰত দুজন লোকক গুলীয়াই হত্যা কৰে। তেওঁৰ আক্ৰমণত আন তিনিজন লোকক আহত হৈছিল। এই ঘটনাৰ পাছৰে পৰা তেওঁ সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।
দেশজুৰি বলৱত হৈ থকা কাৰ্ফিউৰ মাজতে শাসকীয় দলৰ শীৰ্ষ ৰাজনীতিবিদসকলৰ কমেও ৪১ টা ঘৰ ৰাতিটোৰ ভিতৰতে জ্বলাই দিয়া হৈছিল। সেই ঘৰবোৰত ৰখাই থোৱা শ শ মটৰচাইকেলও জ্বলাই দিয়া হৈছিল। এজন মন্ত্ৰীৰ জ্বলন্ত ঘৰৰ সন্মুখত থকা এজন অচিনাক্ত ব্যক্তিয়ে স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, "এই কাম আমি আগতে কৰা উচিত আছিল। সেই কামত আগতে কৰিব নোৱাৰি আমি  দুখহে অনুভৱ কৰিছোঁ।" এনে মন্তব্যৰ জৰিয়তে মানুহৰ ক্ষোভৰ ৰূপটো আৰু পৰিস্থিতিৰ ভয়াৱহতা প্ৰকট হৈ পৰিছে।

আৰক্ষীয়ে জনোৱা মতে, দেশখনৰ দক্ষিণ প্ৰান্তত থকা থকা ৰাজাপাক্ষে পৰিয়ালৰ পৈতৃক গাঁও মেদা মুলানাত ৰাজপাক্ষে পৰিয়ালৰ বিভিন্ন বিষয় সম্বলিত এটা সংগ্ৰহালয়ত জনতাই আক্ৰমণ কৰে আৰু ইয়াক ধ্বংস কৰে। উত্তৰ-পশ্চিম চহৰ কুৰুনেগালাত ৰাজপাক্ষেৰ এটা ৰাজনৈতিক কাৰ্যালয়ো অগ্নিসংযোগ কৰি ধ্বংস কৰে প্ৰতিবাদকাৰীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?