--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত শৰীৰৰ পৰা অহা দুৰ্গন্ধ আঁতৰাবলৈ সাধাৰণতে প্ৰতিখন ঘৰত ডিঅ'ড্ৰেণ্ট(Deodorant)ব্যৱহাৰ কৰা হয়। কিন্তু ডিঅ'ড্ৰেণ্টে কাৰোবাৰ মৃত্যু ঘটাব পাৰে বুলি কলে হয়তো কোনেও বিশ্বাস নকৰিব। ঘৰৰ মজিয়াত মৃত অৱস্থাত উদ্ধাৰ হোৱা এজনী ছোৱালীয়ে এই কথা সত্য প্ৰমাণিত কৰিলে। তেওঁৰ হাতত এটা ডিঅ'ড্ৰেণ্ট আছিল আৰু তাৰ গোন্ধ পোৱাৰ পাছতই ছোৱালীজনীয়ে প্ৰাণ হেৰুৱাইছে বুলি ধাৰণা কৰা হৈছে।


এই ৰহস্যজনক ঘটনাটো অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছত সংঘটিত হৈছে। ব্ৰোকেন হিলছত বাস কৰা ব্ৰুক ৰিয়ান নামৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মৃতদেহ ঘৰৰ মজিয়াত পৰি থকা অৱস্থাত পোৱা গৈছিল। তেওঁৰ হাতত ডিঅ'ড্ৰেণ্টৰ এটা কেন আছিল। মজিয়াত পৰি থকা মৃতদেহটোৰ ওচৰত ডিঅ'ড্ৰেণ্টৰ লগতে এখন টাৱেল পোৱা গৈছিল। 

ছোৱালীজনী এগৰাকী প্ৰতিভাশালী খেলুৱৈ আছিল। ডিঅ'ড্ৰেণ্ট শুঙি তেওঁ সন্দেহজনক পৰিস্থিতিত মৃত্যু বৰণ কৰিছিল। বিশ্বাস কৰা হৈছে যে এৰোচ'ল শুঙি হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছিল। এই মাৰাত্মক কাৰ্যকলাপটোক 'ক্ৰপিং' বুলি কোৱা হয়। 


অৱশ্যে গোচৰটোৰ তদন্ত চলি আছে আৰু তাৰ প্ৰতিবেদন এতিয়াও অহা নাই। ব্ৰুক ৰিয়ানৰ মাতৃয়ে তেওঁৰ কন্যাৰ মৃত্যুৰ পাছত ডিঅ'ড্ৰেণ্ট সম্পৰ্কে মানুহক সজাগ কৰাত ব্যস্ত হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?