--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত শৰীৰৰ পৰা অহা দুৰ্গন্ধ আঁতৰাবলৈ সাধাৰণতে প্ৰতিখন ঘৰত ডিঅ'ড্ৰেণ্ট(Deodorant)ব্যৱহাৰ কৰা হয়। কিন্তু ডিঅ'ড্ৰেণ্টে কাৰোবাৰ মৃত্যু ঘটাব পাৰে বুলি কলে হয়তো কোনেও বিশ্বাস নকৰিব। ঘৰৰ মজিয়াত মৃত অৱস্থাত উদ্ধাৰ হোৱা এজনী ছোৱালীয়ে এই কথা সত্য প্ৰমাণিত কৰিলে। তেওঁৰ হাতত এটা ডিঅ'ড্ৰেণ্ট আছিল আৰু তাৰ গোন্ধ পোৱাৰ পাছতই ছোৱালীজনীয়ে প্ৰাণ হেৰুৱাইছে বুলি ধাৰণা কৰা হৈছে।


এই ৰহস্যজনক ঘটনাটো অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছত সংঘটিত হৈছে। ব্ৰোকেন হিলছত বাস কৰা ব্ৰুক ৰিয়ান নামৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মৃতদেহ ঘৰৰ মজিয়াত পৰি থকা অৱস্থাত পোৱা গৈছিল। তেওঁৰ হাতত ডিঅ'ড্ৰেণ্টৰ এটা কেন আছিল। মজিয়াত পৰি থকা মৃতদেহটোৰ ওচৰত ডিঅ'ড্ৰেণ্টৰ লগতে এখন টাৱেল পোৱা গৈছিল। 

ছোৱালীজনী এগৰাকী প্ৰতিভাশালী খেলুৱৈ আছিল। ডিঅ'ড্ৰেণ্ট শুঙি তেওঁ সন্দেহজনক পৰিস্থিতিত মৃত্যু বৰণ কৰিছিল। বিশ্বাস কৰা হৈছে যে এৰোচ'ল শুঙি হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছিল। এই মাৰাত্মক কাৰ্যকলাপটোক 'ক্ৰপিং' বুলি কোৱা হয়। 


অৱশ্যে গোচৰটোৰ তদন্ত চলি আছে আৰু তাৰ প্ৰতিবেদন এতিয়াও অহা নাই। ব্ৰুক ৰিয়ানৰ মাতৃয়ে তেওঁৰ কন্যাৰ মৃত্যুৰ পাছত ডিঅ'ড্ৰেণ্ট সম্পৰ্কে মানুহক সজাগ কৰাত ব্যস্ত হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন