--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ ছবি ‘ওম শান্তি ওম’ত এটা সংলাপ আছে, 'अगर किसी चीज को दिल से चाहो तो पूरी कायनात उसे तुमसे मिलाने में लग जाती है'. সংলাপটো যদিও ফিল্মী তথাপিও কিন্তু এই কথাবোৰ বাস্তৱ জীৱনতো সংঘটিত হোৱা মাজে-সময়ে দেখিবলৈ পোৱা যায়। চিনেমাৰ দৰে এক সঁচা প্ৰেম কাহিনী পোহৰলৈ আহিছে। ৭৮ বছৰৰ পাছত যেন পূূৰ্ণতা পালে এটি অসাধাৰণ প্ৰেম কাহিনীয়ে! যি আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত।

৭৮ বছৰৰ পাছত ৰেগে নামৰ এজন ইংৰাজ লোকে সেই ফৰাচী ছোৱালীজনীক লগ পায়, যাৰ ছবি তেওঁ মানিবেগত ৰাখি থৈছিল। দুয়োৰে প্ৰথম সাক্ষাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হৈছিল।

১৯৪৪ চনত,ব্ৰিটিছ সৈন্য ৰেগ পাই ফ্ৰান্সৰে নৰ্মাণ্ডি বীচৰ ওচৰত তেওঁৰ এটা গোটৰ সৈতে নিয়োজিত আছিল। সেই সময়তে ৰেগে এজনী ছোৱালী দেখিছিল।ৰেগে ছোৱালীজনীলৈ এখন ব্ৰেড আগবঢ়াই দিছিল, ব্ৰেডত জাম লগাই থোৱা আছিল।

ৰেগে জানিবলৈ দিয়া মতে যুৱতীগৰাকীয়ে ব্ৰেড লোৱা নাছিল আৰু সেই সময়তে যুৱতীগৰাকী ওচৰতে থকা গীৰ্জালৈ দৌৰি যোৱাৰ কথা তেওঁৰ মনত আছে। এই যুৱতীগৰাকীৰ নাম আছিল হুগেট।
Love Story: द्वितीय विश्व युद्ध के दौरान शुरू हुई एक अधूरी प्रेम कहानी जो 78 साल बाद हुई 'पूरी'
ৰেগেই কৈছিল যে ‘প্ৰথম সাক্ষাতৰ পাছদিনা মই ৰাতিপুৱা একে ঠাইতে উপস্থিত হৈছিলোঁ। আৰু আচৰিত যে হুগেটো সেই ঠাইলৈ আহিছিল। মই তেতিয়া হুগেটৰ এখন ফটো উঠাইছিলো। সেই ফটোখন মই মোৰ মানিবেগত সদায়ে ৰাখিছিলো। কিবা যেন অজান এক ভালপোৱা জাগি উঠিছিল তেওঁৰ মনত।’

কিন্তু তাৰ পিছত তেওঁলোকে কেতিয়াও আৰু ইজনে সিজনক লগ পোৱা নাছিল। কিন্তু যোৱা ৭৮ টা বছৰ ধৰি ৰেগেই হুগেটক আকৌ এবাৰ লগ পোৱাৰ হেঁপাহ পুহি ৰাখিছিল বুকুত।

সেয়েহে ২০১৫ চনৰ পাছত ৰেগে তেওঁৰ পুত্ৰৰ সহায়ত হুগেটক বিচাৰি উলিয়াবলৈ চেষ্টা আৰম্ভ কৰিছিল। আৰু অৱশেষত ৭৮ টা বছৰৰ পাছত ৰেগে হুগেটক লগ পাইছিল। ৰেগেই তেতিয়া হুগেটক এখন অস্পষ্ট ফটো দেখাইছিল। নিজৰ ফটোখন দেখি হুগেট আচৰিত হৈছিল। কাৰণ সেই ফটোখন তেওঁলোকৰ প্ৰথম সাক্ষাতৰ সময়ৰে আছিলে। তাৰ পিছতে হুগেট আৱেগিক হৈ পৰিছিল। প্ৰথম সাক্ষাৎকাৰ মনত পেলাবলৈ ৰেগেই লগত ব্ৰেড লৈ আহিছিল। ব্ৰেডৰ ওপৰত জাম আছিল। তেওঁ সেয়া হুগেটলৈ আগবঢ়াই দিলে, কিন্তু হুগেটে প্ৰথম সাক্ষাতৰ দৰেই এইবাৰো ল’বলৈ অস্বীকাৰ কৰিলে।

হুগেটে এটা কথা ভাবি আৱেগিক হৈ পৰিল যে ৰেগে ইমান বছৰৰ পাছতো তেওঁক বিচাৰি আহিছে, যাক তেওঁ জীৱনত এবাৰহে লগ পাইছিল। উল্লেখ্য যে দুয়ো কথা পাতিবৰ বাবে অনুবাদক নিয়োগ কৰিবলগীয়া হৈছিল। কাৰণ ইজনে সিজনৰ ভাষা বুজি পোৱা নাছিল। এনেদৰে জীৱনৰ ভাটি বেলাত লগ পাই আৱেগিক হৈ দুয়োজনে ইজনে সিজনক সাৱটি ধৰিলে। হুগেটে হাঁহি হাঁহি ধেমালিৰ সুৰত কয় যে এতিয়া তেওঁলোকৰ বিয়া হ’ব লাগিব। ৰেগেও হাঁহি হাঁহি ধেমালিতে উত্তৰ দিয়ে যে 'মই বিয়াৰ বাবে সাজু।'









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক