--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ ছবি ‘ওম শান্তি ওম’ত এটা সংলাপ আছে, 'अगर किसी चीज को दिल से चाहो तो पूरी कायनात उसे तुमसे मिलाने में लग जाती है'. সংলাপটো যদিও ফিল্মী তথাপিও কিন্তু এই কথাবোৰ বাস্তৱ জীৱনতো সংঘটিত হোৱা মাজে-সময়ে দেখিবলৈ পোৱা যায়। চিনেমাৰ দৰে এক সঁচা প্ৰেম কাহিনী পোহৰলৈ আহিছে। ৭৮ বছৰৰ পাছত যেন পূূৰ্ণতা পালে এটি অসাধাৰণ প্ৰেম কাহিনীয়ে! যি আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত।

৭৮ বছৰৰ পাছত ৰেগে নামৰ এজন ইংৰাজ লোকে সেই ফৰাচী ছোৱালীজনীক লগ পায়, যাৰ ছবি তেওঁ মানিবেগত ৰাখি থৈছিল। দুয়োৰে প্ৰথম সাক্ষাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হৈছিল।

১৯৪৪ চনত,ব্ৰিটিছ সৈন্য ৰেগ পাই ফ্ৰান্সৰে নৰ্মাণ্ডি বীচৰ ওচৰত তেওঁৰ এটা গোটৰ সৈতে নিয়োজিত আছিল। সেই সময়তে ৰেগে এজনী ছোৱালী দেখিছিল।ৰেগে ছোৱালীজনীলৈ এখন ব্ৰেড আগবঢ়াই দিছিল, ব্ৰেডত জাম লগাই থোৱা আছিল।

ৰেগে জানিবলৈ দিয়া মতে যুৱতীগৰাকীয়ে ব্ৰেড লোৱা নাছিল আৰু সেই সময়তে যুৱতীগৰাকী ওচৰতে থকা গীৰ্জালৈ দৌৰি যোৱাৰ কথা তেওঁৰ মনত আছে। এই যুৱতীগৰাকীৰ নাম আছিল হুগেট।
Love Story: द्वितीय विश्व युद्ध के दौरान शुरू हुई एक अधूरी प्रेम कहानी जो 78 साल बाद हुई 'पूरी'
ৰেগেই কৈছিল যে ‘প্ৰথম সাক্ষাতৰ পাছদিনা মই ৰাতিপুৱা একে ঠাইতে উপস্থিত হৈছিলোঁ। আৰু আচৰিত যে হুগেটো সেই ঠাইলৈ আহিছিল। মই তেতিয়া হুগেটৰ এখন ফটো উঠাইছিলো। সেই ফটোখন মই মোৰ মানিবেগত সদায়ে ৰাখিছিলো। কিবা যেন অজান এক ভালপোৱা জাগি উঠিছিল তেওঁৰ মনত।’

কিন্তু তাৰ পিছত তেওঁলোকে কেতিয়াও আৰু ইজনে সিজনক লগ পোৱা নাছিল। কিন্তু যোৱা ৭৮ টা বছৰ ধৰি ৰেগেই হুগেটক আকৌ এবাৰ লগ পোৱাৰ হেঁপাহ পুহি ৰাখিছিল বুকুত।

সেয়েহে ২০১৫ চনৰ পাছত ৰেগে তেওঁৰ পুত্ৰৰ সহায়ত হুগেটক বিচাৰি উলিয়াবলৈ চেষ্টা আৰম্ভ কৰিছিল। আৰু অৱশেষত ৭৮ টা বছৰৰ পাছত ৰেগে হুগেটক লগ পাইছিল। ৰেগেই তেতিয়া হুগেটক এখন অস্পষ্ট ফটো দেখাইছিল। নিজৰ ফটোখন দেখি হুগেট আচৰিত হৈছিল। কাৰণ সেই ফটোখন তেওঁলোকৰ প্ৰথম সাক্ষাতৰ সময়ৰে আছিলে। তাৰ পিছতে হুগেট আৱেগিক হৈ পৰিছিল। প্ৰথম সাক্ষাৎকাৰ মনত পেলাবলৈ ৰেগেই লগত ব্ৰেড লৈ আহিছিল। ব্ৰেডৰ ওপৰত জাম আছিল। তেওঁ সেয়া হুগেটলৈ আগবঢ়াই দিলে, কিন্তু হুগেটে প্ৰথম সাক্ষাতৰ দৰেই এইবাৰো ল’বলৈ অস্বীকাৰ কৰিলে।

হুগেটে এটা কথা ভাবি আৱেগিক হৈ পৰিল যে ৰেগে ইমান বছৰৰ পাছতো তেওঁক বিচাৰি আহিছে, যাক তেওঁ জীৱনত এবাৰহে লগ পাইছিল। উল্লেখ্য যে দুয়ো কথা পাতিবৰ বাবে অনুবাদক নিয়োগ কৰিবলগীয়া হৈছিল। কাৰণ ইজনে সিজনৰ ভাষা বুজি পোৱা নাছিল। এনেদৰে জীৱনৰ ভাটি বেলাত লগ পাই আৱেগিক হৈ দুয়োজনে ইজনে সিজনক সাৱটি ধৰিলে। হুগেটে হাঁহি হাঁহি ধেমালিৰ সুৰত কয় যে এতিয়া তেওঁলোকৰ বিয়া হ’ব লাগিব। ৰেগেও হাঁহি হাঁহি ধেমালিতে উত্তৰ দিয়ে যে 'মই বিয়াৰ বাবে সাজু।'









FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস