--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ হিজাব পৰিধানৰ বিষয়কলৈ এতিয়াও জ্বলি আছে ইৰান। ইৰানৰ এগৰাকী যুৱতী মাহচা আমিনীক ১৬ ছেপ্টেম্বৰত ইৰাণৰ নীতি আৰক্ষীয়ে হিজাব পৰিধান নকৰাৰ বাবে  হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে বিৰুদ্ধে দেশ খনৰ জনতা জগি উঠিছিল। প্ৰতিবাদ দমন কৰিবলৈ ইৰনৰ চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীৰ গুলীত প্ৰায় ৩০০ প্ৰতিবাদকাৰী নিহত হৈছে। 

ইয়াৰ মাজতে ইৰানৰ চৰকাৰে বহু প্ৰতিবাদকাৰীক মৃত্যুদণ্ড বিহা আৰম্ভ কৰিছে। দেশ খনত  তিনি দিনৰ ভিতৰত দ্বিতীয়গৰাকী প্ৰতিবাদকাৰীক  মৃত্যুদণ্ড বিহা হৈছে! ইৰাণৰ আয়াতুল্লাহ আলী খোমেনিৰ প্ৰশাসনে হিজাব বিদ্ৰোহ বন্ধ কৰিবলৈ এতিয়া মৃত্যুদণ্ড বিহা আৰম্ভ কৰিছে। ।চৰকাৰে প্ৰতিবাদকাৰীসকলক হত্যাৰ ভাবুকি দি সমগ্ৰ দেশতে 'মোল্লাতন্ত্ৰ' আৰু 'নীতি আৰক্ষী'ৰ বিৰুদ্ধে আন্দোলন কৰাসকলক দমন কৰিবলৈ চেষ্টা কৰি আছে।

ইৰাণৰ এখন আদালতে মাহচা আমিনীৰ মৃত্যুৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰাৰ বাবে এজন লোকক মৃত্যুদণ্ড প্ৰদান কৰিছে। ব্যক্তিজনৰ নাম প্ৰকাশ কৰা হোৱা নাই। হিংসা আৰু ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল। ন্যায়াধীশে শুনানিৰ নামত এক ভাৰ্চুৱেল প্ৰহসনৰ পিছত অভিযুক্তজনক মৃত্যুদণ্ড বিহে। খবৰ পোৱা গৈছে যে অভিযুক্তৰ  হৈ কোনো অধিবক্তা আদালতত নাছিল। গোটেই বিচাৰত কোনো সাক্ষী হাজিৰ কৰোৱা হোৱা নাছিল। বিচাৰকসকলৰ  ওপৰত হেঁচা প্ৰয়োগ কৰি মৃত্যুদণ্ড দিবলৈ বাধ্য কৰা হৈছে।

তিনিদিন আগতে তেহৰাণৰ এখন আদালতে এজন প্ৰতিবাদকাৰীক "ঈশ্বৰৰ বিৰুদ্ধে অপৰাধ"ৰ বাবে দোষী সাব্যস্ত কৰিছিল। বিৰোধীজনক শাস্তি হিচাপে মৃত্যুদণ্ড দিয়া হৈছিল। ইৰাণৰ আন এখন আদালতে পাঁচজন প্ৰতিবাদকাৰীক ১০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। শেহতীয়াকৈ ২০ জন প্ৰতিবাদকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । তেওঁলোক দোষী সাব্যস্ত হ'লেই মৃত্যুদণ্ড প্ৰদান কৰা হ'ব।

মাহচা আমিনীক ১৬ ছেপ্টেম্বৰত ইৰাণৰ নীতি আৰক্ষীয়ে হত্যা কৰিছিল। তেতিয়াৰে পৰা সমগ্ৰ দেশতে প্ৰতিবাদ চলি আছে। আৰৱ বিশ্বৰ যুৱতীসকলে একনায়কত্ববাদৰ বিৰোধিতা কৰিবলৈ ইটালীৰ  'বেলা চাও' গানটো গাই ইৰাণৰ ৰাজপথত প্ৰতিবাদ কৰি আছে। হিজাব বিৰোধী আন্দোলনত দেশ খনৰ ছবি জগতকে ধৰি আন ক্ষেত্ৰৰ লোকো জড়িত হৈ পৰিছে।  ইপিনে তেহৰানে দাবী কৰিছে যে আমেৰিকাৰ উচটনিতে এনে  প্ৰতিবাদ হৈ আছে। লগতে দাবী কৰিছে  যে এই আন্দোলনক ইৰাণৰ 'কোমলা' নামৰ এটা বামপন্থী সংগঠন আৰু কেইবাটাও উগ্ৰপন্থী গোটেও সমৰ্থন কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক