--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ হিজাব পৰিধানৰ বিষয়কলৈ এতিয়াও জ্বলি আছে ইৰান। ইৰানৰ এগৰাকী যুৱতী মাহচা আমিনীক ১৬ ছেপ্টেম্বৰত ইৰাণৰ নীতি আৰক্ষীয়ে হিজাব পৰিধান নকৰাৰ বাবে  হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে বিৰুদ্ধে দেশ খনৰ জনতা জগি উঠিছিল। প্ৰতিবাদ দমন কৰিবলৈ ইৰনৰ চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীৰ গুলীত প্ৰায় ৩০০ প্ৰতিবাদকাৰী নিহত হৈছে। 

ইয়াৰ মাজতে ইৰানৰ চৰকাৰে বহু প্ৰতিবাদকাৰীক মৃত্যুদণ্ড বিহা আৰম্ভ কৰিছে। দেশ খনত  তিনি দিনৰ ভিতৰত দ্বিতীয়গৰাকী প্ৰতিবাদকাৰীক  মৃত্যুদণ্ড বিহা হৈছে! ইৰাণৰ আয়াতুল্লাহ আলী খোমেনিৰ প্ৰশাসনে হিজাব বিদ্ৰোহ বন্ধ কৰিবলৈ এতিয়া মৃত্যুদণ্ড বিহা আৰম্ভ কৰিছে। ।চৰকাৰে প্ৰতিবাদকাৰীসকলক হত্যাৰ ভাবুকি দি সমগ্ৰ দেশতে 'মোল্লাতন্ত্ৰ' আৰু 'নীতি আৰক্ষী'ৰ বিৰুদ্ধে আন্দোলন কৰাসকলক দমন কৰিবলৈ চেষ্টা কৰি আছে।

ইৰাণৰ এখন আদালতে মাহচা আমিনীৰ মৃত্যুৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰাৰ বাবে এজন লোকক মৃত্যুদণ্ড প্ৰদান কৰিছে। ব্যক্তিজনৰ নাম প্ৰকাশ কৰা হোৱা নাই। হিংসা আৰু ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল। ন্যায়াধীশে শুনানিৰ নামত এক ভাৰ্চুৱেল প্ৰহসনৰ পিছত অভিযুক্তজনক মৃত্যুদণ্ড বিহে। খবৰ পোৱা গৈছে যে অভিযুক্তৰ  হৈ কোনো অধিবক্তা আদালতত নাছিল। গোটেই বিচাৰত কোনো সাক্ষী হাজিৰ কৰোৱা হোৱা নাছিল। বিচাৰকসকলৰ  ওপৰত হেঁচা প্ৰয়োগ কৰি মৃত্যুদণ্ড দিবলৈ বাধ্য কৰা হৈছে।

তিনিদিন আগতে তেহৰাণৰ এখন আদালতে এজন প্ৰতিবাদকাৰীক "ঈশ্বৰৰ বিৰুদ্ধে অপৰাধ"ৰ বাবে দোষী সাব্যস্ত কৰিছিল। বিৰোধীজনক শাস্তি হিচাপে মৃত্যুদণ্ড দিয়া হৈছিল। ইৰাণৰ আন এখন আদালতে পাঁচজন প্ৰতিবাদকাৰীক ১০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। শেহতীয়াকৈ ২০ জন প্ৰতিবাদকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । তেওঁলোক দোষী সাব্যস্ত হ'লেই মৃত্যুদণ্ড প্ৰদান কৰা হ'ব।

মাহচা আমিনীক ১৬ ছেপ্টেম্বৰত ইৰাণৰ নীতি আৰক্ষীয়ে হত্যা কৰিছিল। তেতিয়াৰে পৰা সমগ্ৰ দেশতে প্ৰতিবাদ চলি আছে। আৰৱ বিশ্বৰ যুৱতীসকলে একনায়কত্ববাদৰ বিৰোধিতা কৰিবলৈ ইটালীৰ  'বেলা চাও' গানটো গাই ইৰাণৰ ৰাজপথত প্ৰতিবাদ কৰি আছে। হিজাব বিৰোধী আন্দোলনত দেশ খনৰ ছবি জগতকে ধৰি আন ক্ষেত্ৰৰ লোকো জড়িত হৈ পৰিছে।  ইপিনে তেহৰানে দাবী কৰিছে যে আমেৰিকাৰ উচটনিতে এনে  প্ৰতিবাদ হৈ আছে। লগতে দাবী কৰিছে  যে এই আন্দোলনক ইৰাণৰ 'কোমলা' নামৰ এটা বামপন্থী সংগঠন আৰু কেইবাটাও উগ্ৰপন্থী গোটেও সমৰ্থন কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা