--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয়টো সন্তানৰ পিতৃ হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং। এটি কন্যা সন্তান জন্ম দি এতিয়া আনন্দিত হৈ পৰিছে  যুৱৰাজৰ পত্নী হেজেল কিচ। সুখৰ এনে মুহূৰ্তত যুৱৰাজে  তেওঁৰ অনুৰাগীসকলক  সুখবৰটো  জনাইছে।  ইনষ্টাগ্ৰামত যুৱৰাজে দ্বিতীয়টো সন্তানৰ পিতৃ হোৱাৰ খবৰটো প্ৰকাশ কৰিছে।  


Yuvraj Singh shared this picture on his Instagram. (Instagram/@YuvrajSingh)

এই সুখবৰটো পোৱাৰ পিছতে বহুতে দম্পতীহালক অভিনন্দন জনাইছে আৰু  শুভকামনা জ্ঞাপন কৰিছে। যুৱৰাজ সিঙে ইনষ্টাগ্ৰামত লিখিছে , "আমি আমাৰ সৰু ৰাজকুমাৰী আউৰাক স্বাগতম জনোৱাৰ লগতে আমাৰ পৰিয়ালটোক সম্পূৰ্ণ কৰি তোলাৰ  লগে লগে আমাৰ নিদ্ৰাহীন ৰাতিবোৰ বহুত আনন্দদায়ক হৈ পৰিছে।" তেওঁ তেওঁৰ কন্যা শিশুটিৰ  এখন ফটোও শ্বেয়াৰ কৰিছে।  আনহাতে হেজেল কিচক তেওঁলোকৰ পুত্ৰ অৰিয়ন কিচ সিঙৰ কাষত থকা দেখা গৈছে। 



এই পোষ্টটো  শ্বেয়াৰ কৰাৰ পিছত পাঁচ মিনিটৰ ভিতৰতে  এক লাখতকৈও অধিক লোকে লাইক কৰিছে। শ্বেয়াৰটোৱে বহুতে শুভেচ্ছামূলক  মন্তব্য  কৰিছে। এজন ব্যক্তিয়ে লিখিছে, "অভিনন্দন! ধন্য হৈ থাকক!" আন এজনে লিখিছে : "ঈশ্বৰে আপোনাৰ পৰিয়ালটোক আশীৰ্ব্বাদ কৰক।" তৃতীয় এজনে লিখিছে  "এয়া এক আনন্দদায়ক  ঘটনা।"আন বহুতে হূদয়ৰ ইমোজি ব্যৱহাৰ কৰি পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল