--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত তিনিখনীয়া টি-২০ শৃংখলাৰ প্ৰথম দুখন মেচত জয়েৰে ইতিমধ্যে শৃংখলা দখল কৰিছে ঘৰুৱা দল ভাৰতে। কাইলৈ আনুষ্ঠানিকতা ৰক্ষাৰ বাবে ইন্দোৰত তৃতীয় তথা অন্তিম মেচত অৱতীৰ্ণ হ’ব দুয়োটা দল। ভ্ৰমণকাৰী দলটোৰ বিৰুদ্ধে হৈ যোৱা দুয়োখন মেচতে প্ৰায় সহজেই বিজয় সাব্যস্ত কৰিছে ভাৰতে। প্ৰথমখন মেচত ৮ উইকেটত জয়ৰ পিছত দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয়খন মেচত এক হাইস্ক'ৰিং যুঁজৰ অন্তত ১৬ ৰানত জয়লাভ কৰি শৃংখলা হস্তগত কৰিছিল ভাৰতে। 

সেয়েহে প্ৰায় গুৰুত্বহীন তৃতীয়খন মেচত দলৰ তাৰকা বেটাৰ বিৰাট কোহলীক জিৰণি দিয়া হ’ব বুলি জানিব পৰা গৈছে।  বিচিচিআইৰ এগৰাকী বিষয়াই ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া মেচখনত কোহলী দলত নাথাকে বুলি জানিবলৈ দিছে। ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া মেচখনত অংশ লোৱাৰ বাবে ভাৰতীয় দল ইতিমধ্যে ইন্দোৰত উপস্থিত হৈছে। কিন্তু কোহলীয়ে আজি পুৱা ব্যক্তিগত কাৰণত ইন্দোৰৰ পৰিৱৰ্তে মুম্বাইলৈ উৰা মাৰে। 

মঙলবাৰে সমাপ্ত হ’বলগীয়া টি-২০ শৃংখলাটোৰ পিছতে কোহলীয়ে মুম্বাইত ভাৰতীয় দলটোৰ আন সদস্যসকলৰ সৈতে লগ লাগিব আৰু অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ৬ অক্টোবৰত দলৰ সৈতে ৰাওনা হ'ব। কাইলৈৰ মেচখনত কোহলীৰ অনুপস্থিতিৰ বাবে মিডল অৰ্ডাৰ বেটাৰ শ্ৰেয়স আয়াৰক প্লেয়িং ইলেভেনত স্থান দিয়াৰ সম্ভাৱনা আছে। যদি সেয়ে হয় আয়াৰে প্ৰথমবাৰৰ বাবে চলিত শৃংখলাটোত মূল একাদশত অন্তৰ্ভুক্ত হোৱাৰ সুযোগ পাব।

উল্লেখ্যে যে আয়াৰক এই শৃংখলাটোৰ বাবে প্ৰথমে ঘোষিত দলত স্থান দিয়া হোৱা নাছিল যদিও অলৰাউণ্ডাৰ দীপক হুডাই আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হোৱাৰ পিছত হুডাৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হয়। ইফালে আন এক সূত্ৰ অনুসৰি চলিত শৃংখলাত ক্ৰমাগত দুটাকৈ অৰ্ধশতক অৰ্জন কৰা তাৰকা বেটাৰ সূৰ্যকুমাৰ যাদৱকো কাইলৈৰ মেচখনত বিশ্ৰাম দিয়াৰ সম্ভাৱনা আছে।

যোৱা প্ৰায় তিনিবছৰ ধৰি ধাৰাবাহিকভাৱে নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন দাঙি ধৰা ব্যৰ্থ হোৱাৰ পিছত কোহলীয়ে বিগত এছিয়া কাপ টুৰ্ণামেণ্টত স্বাভাৱিক ছন্দলৈ উভতি আহিছিল। ফৰ্মহীনতাৰ অৱসান ঘটাই ফৰ্মলৈ উভতি অহাৰ পিছতে তাৰকাগৰাকীয়ে এছিয়া কাপৰ পৰা বৰ্তমানলৈকে ১০ টা ইনিংছত ১৪১.৭৫ ষ্ট্ৰাইক ৰেটেৰে তিনিটা অৰ্ধশতক আৰু এটা শতকসহ ৪০৪ ৰান সংগ্ৰহ কৰিছে।

কোহলীৰ এই ফৰ্ম ভাৰতীয় দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আগন্তুক বিশ্বকাপত ভাৰতে দীৰ্ঘদিনীয়া টি-২০ বিশ্বকাপ খিতাপ জয়ৰ খৰাঙৰ অৱসান ঘটাই দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। এইক্ষেত্ৰত দলৰ প্ৰধান বেটিং অস্ত্ৰ কোহলীৰ সহযোগিতা দলৰ বাবে প্ৰধান হাথিয়াৰ হ’ব। তদুপৰি অষ্ট্ৰেলিয়াৰ মাটিত কোহলীৰ অভিজ্ঞতা আৰু পূৰ্বৰ প্ৰদৰ্শন ভাৰতীয় দলৰ বাবে যথেষ্ট সহায়ক হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement