--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ বিশ্বৰ  বজাৰত এতিয়া বিভিন্ন প্ৰজাতিৰ পৰা উৎ পাদন হোৱা চাহ পোৱা যায়। কিন্তু বিশ্বত এনে এবিধ চাহো আছে যাৰ প্ৰতিকিলোগ্ৰামত দাম প্ৰায় ৯ কোটি টকা। আচৰিত কথাটো হ’ল তেনে প্ৰজাতিৰ মাত্ৰ ৬ জোপা চাহ গছহে এতিয়া জীয়াই আছে। কলম দি অথবা আন পদ্ধতিৰে সেই বিশেষ প্ৰজাতিৰ চাহ গছৰ বংশ বৃদ্ধি কৰাৰ চেষ্টা চলিছে যদিও সেয়া সফল হোৱা নাই।

আপুনি সোণতকৈয়ো চৰা চাহৰ দামৰ কথা কেতিয়াবা শুনিছেনে? যাৰ একাপ চাহৰ দামেই ৭লাখ টকাতকৈয়ো বেছি।  বিশ্বৰ অত্যন্ত দামী এই চাহৰ নাম ‘দ্য হোং পাও’। চীনৰ ফুজিয়ান প্ৰদেশৰ উয়ি পৰ্বতত উৎপাদন হয় অতি বিৰল প্ৰজাতিৰ এই চাহ।

কিন্তু এই চাহ ইমান মহাৰ্ঘ্য কিয়। ইয়াৰ আঁৰত নিশ্চিতভাৱে কিছু কাৰণ আছে।সমগ্ৰ বিশ্বৰ ভিতৰত অকল চীনতহৈ এই চাহৰ ছয় ডাল গছ আছে। ইয়াৰ উৎকৃষ্ট গুণ তথা বিৰল হোৱাৰ বাবে ইয়াক চাহৰ ৰজা বুলি কোৱা হয়। তিনিশ বছৰ ধৰি চীনত এই চাহৰ খেতি হৈছে।

২০০৬চনত চীনৰ চৰকাৰে এই ছয় ডাল গছৰ বাবে ১১৭কোটি টকাৰ বীমা  কৰিছে। এই চাহ ১কেজিৰ দাম প্ৰায় ৯কোটি টকা।

এই চাহত আছে কেফেইন, থিঅ’ফিলিন, পলিফেনলছ তথা ফ্ল্যাবোনয়ড। স্বাস্থ্যৰ বাবে এইবোৰ অত্যন্ত উপকাৰী।

এই চাহ নিয়মিত পান কৰিলে ছাল উজ্বল হৈ থাকে। বিশুদ্ধ পানীৰে মাটিৰ পাত্ৰত এই চাহ বনোৱা হয়। সুগন্ধিৰ বাবেও ইয়াৰ দাম ইমান বেছি।

দা হং পাওৰ নামৰ উৎপত্তি সম্পৰ্কে বহুতো কাহিনী আছে। আটাইতকৈ প্ৰচলিত কাহিনীটো হৈছে যে বহু দিনৰ আগতে এজন পণ্ডিত আছিল যিয়ে পৰীক্ষা দিবলৈ  বেইজিঙলৈ যাওঁতে অতি অসুস্থ হৈ পৰিছিল। তিয়ানক্সিন মন্দিৰৰ এজন সন্ন্যাসীয়ে তেওঁক পাইছিল আৰু পণ্ডিতজনৰ বাবে উয়ি পৰ্বতৰ পৰা  চাহৰ পাত আনি পানীয় এটা তৈয়াৰ কৰিছিল। চাহ খোৱাৰ পিছত, পণ্ডিতজনে বহুত ভাল আৰু উদ্যমী অনুভৱ কৰিছিল। কেইদিনমানৰ পিছত, তেওঁ পৰীক্ষাত প্ৰথম স্থান লাভ কৰে। তেওঁ মন্দিৰলৈ ঘূৰি আহিছিল, তেওঁক ৰক্ষা কৰা সন্ন্যাসীজনক ধন্যবাদ জনাবলৈ। 

পিছলৈ তেওঁ সম্ৰাটৰ অসুস্থতা নিৰাময়ৰ বাবেও এই চাহ ব্যৱহাৰ কৰে। সম্ৰাটে পণ্ডিতজনক ৰঙা পোছাকেৰে পুৰস্কৃত কৰিছিল আৰু পণ্ডিতজনক চাহ গছত ৰঙা পোছাক আঁৰি দিবলৈ কৈছিল। সেই সময়ত ৰঙা পোছাকক উচ্চ সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল।  চাহ গছবোৰৰ নামো বিগ ৰেড ৰোব ৰখা হৈছিল যিটো চীনা উচ্চাৰণত দা হং পাও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ