--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ এটা অট্টালিকাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এই অগ্নিকাণ্ডৰ ফলত ৯ জন লোকৰ মৃত্যু হৈছে।

জানিব পৰামতে, বহুমহলীয়া এপাৰ্টমেণ্ট কমপ্লেক্সটোৰ তলৰ মহলাৰ পৰাই জুই আৰম্ভণি হৈছিল, য’ত ৰাসায়নিক পদাৰ্থ থকা কিছুমান জমা কৰি ৰখা হৈছিল। তাৰ পিছতেই জুইৰ লেলিহান শিখাই সম্পূৰ্ণ অট্টালিকাটো আগুৰি ধৰিছিল আৰু এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল।

অগ্নিনিৰ্বাপক বাহিনীৰ এজন জ্যেষ্ঠ বিষয়াই সাংবাদিকৰ আগত জনোৱা মতে, এতিয়ালৈকে ২০ জনতকৈ অধিক লোকক অট্টালিকাৰ পৰা উদ্ধাৰ কৰা হৈছে।

গুৰুতৰভাৱে আঘতপ্ৰাপ্ত প্ৰায়বোৰ লোকেই প্ৰথম আৰু দ্বিতীয় মহলাৰ আৱাসী বুলি জানিব পৰা গৈছে। তৃতীয় আৰু চতুৰ্থ মহলাত বাস কৰা লোকসকল সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে।

অট্টালিকাটোৰ তলৰ মহলাটোক ৰমেশ জয়ছৱালে তেলৰ গুদাম হিচাপে ব্যৱহাৰ কৰি আছিল। অট্টালিকাটোৰ স্বত্বাধিকাৰী ৰমেশ জয়ছৱাল বৰ্তমান পলাতক অৱস্থাত আছে। ঘটনাটোত গভীৰ  শোকৰ ছাঁ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement