--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ আৰিয়ান খান ক্ৰুজ ড্ৰাগছ গোচৰৰ সৈতে জড়িত এনচিবিৰ এজন বিষয়াৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা। Narcotics Control Bureau (NCB)-এ এইগৰাকী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। ২০২১ চনত ক্ৰুজত অভিযান চলাই আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা বিষয়াসকলৰ ভিতৰত আছিল বৰ্খাস্ত কৰা এছপি বিশ্ব বিজয় সিং । সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা বছৰৰ এপ্ৰিল মাহত বিশ্ব বিজয় সিঙক নিলম্বন কৰা হৈছিল। ইয়াৰ পিছত হোৱা তদন্তত তেওঁৰ বিৰুদ্ধে উত্থাপিত অসৎ আচৰণৰ অভিযোগ প্ৰমাণিত হোৱাৰ পিছত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

এক প্ৰতিবেদন অনুসৰি আৰিয়ান খানৰ সৈতে জড়িত ড্ৰাগছৰ গোচৰত বিশ্ব বিজয় সিঙৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই যদিও আন এটা গোচৰত তেওঁ কৰা অসৎ আচৰণৰ দোষী সাব্যস্ত কৰা হৈছে। এই গোচৰত যোৱা বছৰৰ এপ্ৰিল মাহতেই তেওঁক নিলম্বন কৰা হৈছিল। তেতিয়াৰ পৰাই তদন্ত চলি আছিল। পৰবৰ্তী সময়ত এই অসংলগ্ন গোচৰৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত তেওঁক সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে। প্ৰতিবেদন অনুসৰি এনচিবিৰ ডিজি সত্য নাৰায়ণ প্ৰধানে এই কথা নিশ্চিত কৰিছে যদিও সম্প্ৰতি বিশ্ব বিজয় সিঙে এই বিষয়টো গৃহ মন্ত্ৰালয়ৰ ওচৰত বিচাৰাধীন বুলি কৈ কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে।

২০২১ চনৰ ২ অক্টোবৰত এনচিবিৰ প্ৰাক্তন খণ্ড সঞ্চালক সমীৰ ৱানখেদেৰ নেতৃত্বত কাৰ্ডেলিয়া ক্ৰুজ জাহাজখনত অভিযান চলাইছিল। মুম্বাই বন্দৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেলত চলোৱা অভিযানত আৰিয়ান খানকে ধৰি বহু লোকক ড্ৰাগছ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। কিন্তু এই গোচৰত আৰিয়ান খানৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰিব নোৱাৰিলে এনচিবিয়ে। ইয়াৰ পাছতো আৰিয়ানক প্ৰায় এমাহ জিম্মাত থাকিব লগা হৈছিল। ২০২১ চনৰ ২৮ অক্টোবৰত আৰিয়ান‌ খানক বম্বে উচ্চ ন্যায়ালয়ৰ পৰা জামিনত মুকলি কৰি দিয়া হয়। পাছত এনচিবিয়ে ২০২২ চনৰ মে’ মাহত চাৰ্জ শ্বীটতো আৰিয়ান খানক অভিযুক্ত নহয় বুলি উল্লেখ কৰে। ইয়াৰ পাছত এনচিবিয়ে ৱানখেদেকে ধৰি ৭জন বিষয়াৰ বিৰুদ্ধে সুকীয়া বিভাগীয় তদন্ত চলায়। এই তদন্ত ২০২১ চনৰ নৱেম্বৰ মাহত শেষ হৈছিল। এই তদন্তৰ প্ৰতিবেদন এতিয়াও ৰাজহুৱা হোৱা নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ