--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ আৰিয়ান খান ক্ৰুজ ড্ৰাগছ গোচৰৰ সৈতে জড়িত এনচিবিৰ এজন বিষয়াৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা। Narcotics Control Bureau (NCB)-এ এইগৰাকী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। ২০২১ চনত ক্ৰুজত অভিযান চলাই আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা বিষয়াসকলৰ ভিতৰত আছিল বৰ্খাস্ত কৰা এছপি বিশ্ব বিজয় সিং । সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা বছৰৰ এপ্ৰিল মাহত বিশ্ব বিজয় সিঙক নিলম্বন কৰা হৈছিল। ইয়াৰ পিছত হোৱা তদন্তত তেওঁৰ বিৰুদ্ধে উত্থাপিত অসৎ আচৰণৰ অভিযোগ প্ৰমাণিত হোৱাৰ পিছত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

এক প্ৰতিবেদন অনুসৰি আৰিয়ান খানৰ সৈতে জড়িত ড্ৰাগছৰ গোচৰত বিশ্ব বিজয় সিঙৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই যদিও আন এটা গোচৰত তেওঁ কৰা অসৎ আচৰণৰ দোষী সাব্যস্ত কৰা হৈছে। এই গোচৰত যোৱা বছৰৰ এপ্ৰিল মাহতেই তেওঁক নিলম্বন কৰা হৈছিল। তেতিয়াৰ পৰাই তদন্ত চলি আছিল। পৰবৰ্তী সময়ত এই অসংলগ্ন গোচৰৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত তেওঁক সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে। প্ৰতিবেদন অনুসৰি এনচিবিৰ ডিজি সত্য নাৰায়ণ প্ৰধানে এই কথা নিশ্চিত কৰিছে যদিও সম্প্ৰতি বিশ্ব বিজয় সিঙে এই বিষয়টো গৃহ মন্ত্ৰালয়ৰ ওচৰত বিচাৰাধীন বুলি কৈ কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে।

২০২১ চনৰ ২ অক্টোবৰত এনচিবিৰ প্ৰাক্তন খণ্ড সঞ্চালক সমীৰ ৱানখেদেৰ নেতৃত্বত কাৰ্ডেলিয়া ক্ৰুজ জাহাজখনত অভিযান চলাইছিল। মুম্বাই বন্দৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেলত চলোৱা অভিযানত আৰিয়ান খানকে ধৰি বহু লোকক ড্ৰাগছ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। কিন্তু এই গোচৰত আৰিয়ান খানৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰিব নোৱাৰিলে এনচিবিয়ে। ইয়াৰ পাছতো আৰিয়ানক প্ৰায় এমাহ জিম্মাত থাকিব লগা হৈছিল। ২০২১ চনৰ ২৮ অক্টোবৰত আৰিয়ান‌ খানক বম্বে উচ্চ ন্যায়ালয়ৰ পৰা জামিনত মুকলি কৰি দিয়া হয়। পাছত এনচিবিয়ে ২০২২ চনৰ মে’ মাহত চাৰ্জ শ্বীটতো আৰিয়ান খানক অভিযুক্ত নহয় বুলি উল্লেখ কৰে। ইয়াৰ পাছত এনচিবিয়ে ৱানখেদেকে ধৰি ৭জন বিষয়াৰ বিৰুদ্ধে সুকীয়া বিভাগীয় তদন্ত চলায়। এই তদন্ত ২০২১ চনৰ নৱেম্বৰ মাহত শেষ হৈছিল। এই তদন্তৰ প্ৰতিবেদন এতিয়াও ৰাজহুৱা হোৱা নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে