--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএখন চিনেমা। ২০২২ চনত মুক্তি পোৱা এই চিনেমা খনৰ প্ৰচাৰত নামি পৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপি শাসিত প্ৰতি খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল। এটা ব্যক্তিগত প্ৰযোজনা প্ৰতিষ্ঠানে প্ৰযোজনা কৰা বিবেক অগ্নিহোত্ৰী পৰিচালিত 'দ্য কাশ্মীৰ ফাইলছ' নামৰ ছবি খন কাশ্মীৰৰ নিৰ্যাতিত কাশ্মীৰী পণ্ডিতসকলৰ জীৱন সংগ্ৰামকলৈ নিৰ্মাণ কৰা হৈছিল। ছবি খনৰ প্ৰচাৰত খোদ দেশৰ প্ৰধানমন্ত্ৰীয়েই নামি পৰাত স্বাভাৱিকতে ছবি খনে কম দিনৰ ভিতৰতে কোটি কোটি টকা অৰ্জন কৰিছিল।

 বহুতে ছবি খনত দেখুওৱা কাশ্মীৰী পণ্ডিতৰ সুৰক্ষাৰ কথাবোৰেই এতিয়া বাস্তৱিক অৰ্থত ঘটি আছে বুলি সকলো মানুহকে পতিয়ন নিয়াব বিচাৰিছিল। কিন্তু 'ৰীল'ৰ জীৱনেই 'ৰিয়েল' জীৱন নহয় বুলি প্ৰচলিত কথাষাৰ এইবাৰ পুনৰ প্ৰমাণ হৈছে কাশ্মীৰত। কাশ্মীৰ ফাইলছ ছবি খনেৰে দেশত একপ্ৰকাৰৰ আবেগৰ ঢৌ বোৱাই দিয়া ছবি খনে কাশ্মীৰী পণ্ডিতৰ সুৰক্ষা চুলিৰ সমানো নিশ্চিত কৰিব পৰা নাই। 

ছবি খনে এক কথাত কেৱল ব্যৱসায়হে কৰিলে, কাশ্মীৰী পণ্ডিতকসকলক পিছে সুৰক্ষাৰ তিলমানো নিশ্চিতি দিব নোৱাৰিলে। সেই কথাৰ প্ৰমাণ শেহতীয়াকৈ পোৱা গৈছে ।  ‘দ্য কাশ্মীৰী ফাইলছ্’ৰ  প্ৰচাৰত নামি পৰিছিল বিজেপিৰ নেতা-কৰ্মী। কেইবাখনো বিজেপি শাসিত ৰাজ্যত ছবিখন কৰমুক্ত কৰা হৈছিল।সমগ্ৰ দেশতে বিজেপি দেৱালে দেৱালে ‘দ্য কাশ্মীৰ ফাইলছ্’ৰ পোষ্টাৰ লগোৱাত ব্যস্ত বুলি উপহাস কৰি বিধানসভাত কেজৰিৱালে “ছবিৰ পোষ্টাৰ লগাবলৈ আপোনালোকে ৰাজনীতিত যোগদান কৰিছে নেকি?” বুলি প্ৰশ্ন কৰিছিল।“আপোনালোকৰ সন্তানে আপোনাৰ কামৰ বিষয়ে সুধিলে আপুনি কি কয়? আপুনি তেওঁলোকক কয় নেকি যে মই চিনেমাৰ পোষ্টাৰ লগাইছো!”- বিজেপিৰ নেতা-কৰ্মীক উদ্দেশ্যি এইদৰেও ব্যঙ্গ কৰিছিল কেজৰিৱালে।

বিধানসভাত দিয়া ভাষণত কেজৰিৱালে কৈছিল, “কিছুমান লোকে কাশ্মীৰী পণ্ডিতসকলৰ নামত কোটি কোটি টকা উপাৰ্জন কৰিছে আৰু বিজেপিক ছবিখনৰ পোষ্টাৰ লগোৱাৰ দায়িত্ব দিছে।”

চৰকাৰৰ পৰা নিৰাপত্তাৰ কোনো নিশ্চিতি লাভ নকৰি এতিয়া কাশ্মীৰ ত্যাগ কৰিছে ১০০ ৰো অধিক কাশ্মীৰী পণ্ডিতে। শেহতীয়াকৈ  সন্ত্ৰাসবাদীয়ে কাৰ্যালয়ৰ ভিতৰতে এজন কাশ্মীৰী পণ্ডিতক হত্যা কৰাৰ পিছত পুনৰ এগৰাকী শিক্ষয়িত্ৰীক বিদ্যালয়ৰ চৌহদতে সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে।

নিহত শিক্ষয়িত্ৰীগৰাকী গৰাকীয়ে কাশ্মীৰৰ কুলগাম জিলাৰ গোপালপোৰাৰ এখন হাইস্কুলত কৰ্মৰত আছিল।

সন্ত্ৰাসবাদীৰ গুলীত মৃত্যু হোৱা কাশ্মীৰি শিক্ষয়িত্ৰী গৰাকীৰ নাম ৰজনী বালা বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স হৈছিল ৩৬ বছৰ।ৰজনী বালা জম্মুৰ চাম্বাৰ বাসিন্দা আছিল।  এই হত্যাৰ প্ৰতিবাদত  কাশ্মীৰী পণ্ডিতসকলে শ্ল'গান দিয়ে আৰু অনন্তনাগৰ কাজিগুণ্ডত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

কুলগামত এনেদৰে কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ শিক্ষয়িত্ৰীক হত্যা কৰাৰ  পিছত আতংক বিয়পি পৰিছে সমগ্ৰ উপত্যকাটোতে।
চৰকাৰৰ পৰা নিৰাপ্ত্তাৰ কোনো নিশ্চিতি নাপাই  ১০০ ৰো অধিক কাশ্মীৰী পণ্ডিত পৰিয়ালে কাশ্মীৰৰ পৰা পলায়ন কৰিছে।

বাৰামুলাৰ কাশ্মীৰী পণ্ডিত কলনিৰ সভাপতি অৱতাৰ কৃষ্ণ ভাটে কয় যে অঞ্চলটোত বাস কৰা ৩০০ টা পৰিয়ালৰ প্ৰায় আধা সংখ্যকে পলায়ন কৰিছে।

 লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই যোৱা মাহত কাশ্মীৰী পণ্ডিতসকলক আশ্বাস দিছিল যে তেওঁলোকৰ নিৰাপত্তাৰ বাবে ব্যৱস্থা লোৱা হ'ব।কিন্তু সেয়া ফুটুকাৰ ফেনতহে পৰিণত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ