--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ দেহত কিমানটা গুলী লাগিছিল? পঞ্জাৱ আৰক্ষীয়ে প্ৰকাশ কৰা মতে মুছেৱালাক লক্ষ্য কৰি আক্ৰমণকাৰীয়ে ৩০ জাঁই গুলী চলাইছিল। তিনিটা পিষ্টলেৰে মুছেৱালাৰ ওপৰত গুলীবৰ্ষণ হোৱা বুলিও পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধানে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল।শেহতীয়াকৈ আহি পৰিছে শিল্পী মুছেৱালাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।  মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি মুছেৱালাৰ শৰীৰত ১৯ জাঁই গুলীয়ে আঘাত কৰিছিল।

কেৱল সেয়াই নহয়, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি গুলীচালনাৰ ১৫ মিনিটৰ ভিতৰতে শিল্পীগৰাকীৰ মৃত্যু হৈছিল।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি  গুলীয়ে মুছেৱালাৰ  বৃক্ক, যকৃত, হাঁওফাঁও আৰু মেৰুদণ্ডত আঘাত কৰিছিল। পাঁচজন চিকিৎসকৰ দ্বাৰা কৰা মৰণোত্তৰ পৰীক্ষাৰ  সম্পূৰ্ণ ভিডিঅ'গ্ৰাফীও কৰা হৈছে। যাতে কোনো ধৰণৰ সন্দেহ ৰৈ নাযায়।

মৰণোত্তৰ পৰীক্ষাত কোৱা হৈছে যে গুলীৰ সৰ্বাধিক আঘাত মুছেৱালাৰ শৰীৰৰ সোঁফালে লাগিছিল।

 উল্লেখ্য সিদ্ধু মুছেৱালাক  দেওবাৰে গুলীয়াই হত্যা কৰা হৈছিল। চৰকাৰী নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ এদিন পিছতেই তেওঁক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল।কংগ্ৰেছৰ টিকটত পঞ্জাৱৰ বিধানসভা  নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা গায়কগৰাকীয়ে তেওঁৰ মহিন্দ্ৰা থাৰ এছইউভি বাহনেৰে গৈ থকাৰ সময়তে প্ৰায় আঠৰ পৰা ১০ জন লোকে মুছেৱালাক লক্ষ্য কৰি  স্বয়ংক্ৰিয় এছল্ট ৰাইফলৰে গুলীয়াইছিল। আক্ৰমণটোত এ এন ৯৪ ৰাছিয়ান এছল্ট ৰাইফল ব্যৱহাৰ কৰা হৈছিল বুলিও তথ্য লাভ কৰা হৈছে।

ইতিমধ্যে উত্তৰাখণ্ডত মুছেৱালাক হত্যাৰ  সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে জনপ্ৰিয় গায়কগৰাকীৰ  নিৰাপত্তা কিয় হ্ৰাস কৰা হৈছিল সেই বিষয়ত অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে।
উল্লেখ্য পঞ্জাৱ চৰকাৰে  ৪২৪ জন লোকৰ চৰকাৰী নিৰাপত্তা প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল। সেই তালিকাত মুছেৱালাও আছিল।

মুছেৱালাৰ হত্যাৰ পিছতে পঞ্জাৱ চৰকাৰে চৰকাৰী নিৰাপত্তা প্ৰত্যাহাৰ কৰা ৪২৪ গৰাকী লোকৰ নিৰাপত্তাৰক্ষী পুনৰ নিয়োগ কৰিবলৈ নিৰ্দেশ দিছে।

ইপিনে কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰে ফেচবুকত সিদ্ধু মুছেৱালাক হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে৷ গোল্ডি ব্ৰাৰ হৈছে আন্ধাৰ জগতৰ ডন  লৰেন্স বিষ্ণোইৰ এজন ঘনিষ্ঠ সহযোগী।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ