--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ দেহত কিমানটা গুলী লাগিছিল? পঞ্জাৱ আৰক্ষীয়ে প্ৰকাশ কৰা মতে মুছেৱালাক লক্ষ্য কৰি আক্ৰমণকাৰীয়ে ৩০ জাঁই গুলী চলাইছিল। তিনিটা পিষ্টলেৰে মুছেৱালাৰ ওপৰত গুলীবৰ্ষণ হোৱা বুলিও পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধানে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল।শেহতীয়াকৈ আহি পৰিছে শিল্পী মুছেৱালাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।  মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি মুছেৱালাৰ শৰীৰত ১৯ জাঁই গুলীয়ে আঘাত কৰিছিল।

কেৱল সেয়াই নহয়, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি গুলীচালনাৰ ১৫ মিনিটৰ ভিতৰতে শিল্পীগৰাকীৰ মৃত্যু হৈছিল।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি  গুলীয়ে মুছেৱালাৰ  বৃক্ক, যকৃত, হাঁওফাঁও আৰু মেৰুদণ্ডত আঘাত কৰিছিল। পাঁচজন চিকিৎসকৰ দ্বাৰা কৰা মৰণোত্তৰ পৰীক্ষাৰ  সম্পূৰ্ণ ভিডিঅ'গ্ৰাফীও কৰা হৈছে। যাতে কোনো ধৰণৰ সন্দেহ ৰৈ নাযায়।

মৰণোত্তৰ পৰীক্ষাত কোৱা হৈছে যে গুলীৰ সৰ্বাধিক আঘাত মুছেৱালাৰ শৰীৰৰ সোঁফালে লাগিছিল।

 উল্লেখ্য সিদ্ধু মুছেৱালাক  দেওবাৰে গুলীয়াই হত্যা কৰা হৈছিল। চৰকাৰী নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ এদিন পিছতেই তেওঁক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল।কংগ্ৰেছৰ টিকটত পঞ্জাৱৰ বিধানসভা  নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা গায়কগৰাকীয়ে তেওঁৰ মহিন্দ্ৰা থাৰ এছইউভি বাহনেৰে গৈ থকাৰ সময়তে প্ৰায় আঠৰ পৰা ১০ জন লোকে মুছেৱালাক লক্ষ্য কৰি  স্বয়ংক্ৰিয় এছল্ট ৰাইফলৰে গুলীয়াইছিল। আক্ৰমণটোত এ এন ৯৪ ৰাছিয়ান এছল্ট ৰাইফল ব্যৱহাৰ কৰা হৈছিল বুলিও তথ্য লাভ কৰা হৈছে।

ইতিমধ্যে উত্তৰাখণ্ডত মুছেৱালাক হত্যাৰ  সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে জনপ্ৰিয় গায়কগৰাকীৰ  নিৰাপত্তা কিয় হ্ৰাস কৰা হৈছিল সেই বিষয়ত অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে।
উল্লেখ্য পঞ্জাৱ চৰকাৰে  ৪২৪ জন লোকৰ চৰকাৰী নিৰাপত্তা প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল। সেই তালিকাত মুছেৱালাও আছিল।

মুছেৱালাৰ হত্যাৰ পিছতে পঞ্জাৱ চৰকাৰে চৰকাৰী নিৰাপত্তা প্ৰত্যাহাৰ কৰা ৪২৪ গৰাকী লোকৰ নিৰাপত্তাৰক্ষী পুনৰ নিয়োগ কৰিবলৈ নিৰ্দেশ দিছে।

ইপিনে কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰে ফেচবুকত সিদ্ধু মুছেৱালাক হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে৷ গোল্ডি ব্ৰাৰ হৈছে আন্ধাৰ জগতৰ ডন  লৰেন্স বিষ্ণোইৰ এজন ঘনিষ্ঠ সহযোগী।




FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন