--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰথম অৱস্থাত ইয়াৰ লক্ষণসমূহ মৃদু, যেনে- ভাগৰুৱা, পেটত গধুৰ হোৱা বা দুৰ্বলতা। মানুহে প্ৰায়ে ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ চিনি নাপায়।

ডিজিটেল ডেস্কঃ  লিভাৰৰ কোষত অত্যধিক চৰ্বি জমা হ’লেই আৰম্ভ হোৱা এক বিপজ্জনক সমস্যা হৈছে ফেটী লিভাৰ। প্ৰথম অৱস্থাত ইয়াৰ লক্ষণসমূহ মৃদু, যেনে- ভাগৰুৱা, পেটত গধুৰ হোৱা বা দুৰ্বলতা। মানুহে প্ৰায়ে ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ চিনি নাপায়।


পালেংঃ পালেঙত ভিটামিন ই, চি, আৰু আঁহ থাকে, যিয়ে লিভাৰক ক্ষতি আৰু প্ৰদাহৰ পৰা ৰক্ষা কৰে। দৈনিক খালে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰি লিভাৰত চৰ্বি জমা হোৱাত বাধা দিয়ে। ইয়াৰ উপৰিও ই হজম শক্তি উন্নত কৰে, লিভাৰত অতিৰিক্ত চৰ্বি জমা হোৱাত বাধা দিয়ে।


ব্ৰকলি: যদি আপোনাৰ ফেটী লিভাৰৰ সমস্যা আছে তেন্তে ব্ৰকলি খাদ্যত নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক। ইয়াত থকা গ্লুক’চিন’লেটে লিভাৰক বিষমুক্ত কৰাত সহায় কৰে আৰু চৰ্বি হ্ৰাস কৰে। ইহঁতে যকৃতত প্ৰদাহ আৰু অক্সিডেটিভ চাপ হ্ৰাস কৰে, লগতে বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস কৰে।


ব্ৰাছেলছ স্প্ৰাউট: ব্ৰাছেলছ স্প্ৰাউটত থকা ইণ্ডোলে লিভাৰত চৰ্বি জমা হোৱাত বাধা দিয়ে আৰু বিষমুক্তকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰে। ইয়াক খালে লিভাৰৰ এনজাইমৰো ভাৰসাম্য ৰক্ষা হয় আৰু লিভাৰৰ ক্ষতি হ্ৰাস পায়। দৈনিক খালে ফেটী লিভাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে।


বন্ধাকবি: এণ্টিঅক্সিডেণ্ট আৰু মেগনেছিয়ামযুক্ত বন্ধাকবি ফেটী লিভাৰৰ বাবেও উপকাৰী। ইয়াক দৈনিক খালে লিভাৰৰ এনজাইম স্বাভাৱিক হোৱাত সহায় কৰে আৰু চৰ্বি জমা হোৱাটো হ্ৰাস কৰে। বন্ধাকবিত থকা নাইট্ৰেটে তেজৰ সোঁত উন্নত কৰাৰ লগতে লিভাৰৰ প্ৰদাহ কমায়।


গাজৰ: গাজৰৰ বিটা-কেৰটিন ভিটামিন এলৈ ৰূপান্তৰিত হৈ লিভাৰৰ কোষ মেৰামতি কৰে। গাজৰত আঁহ থাকে, যিয়ে তেজৰ চেনি নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গাজৰ খালে ক্ৰমান্বয়ে লিভাৰত চৰ্বি জমা হোৱা কমি যায়, বিপাকীয় ক্ৰিয়া উন্নত হয়, লগতে ওজন কমাবলৈও সহায় কৰে।


উল্লেখ্য যে সুস্থ জীৱনশৈলীৰ সৈতে সঠিক খাদ্যৰ সংমিশ্ৰণে ফেটী লিভাৰ কমোৱাত সহায় কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ