ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়া ৯১-৭। তেনে পৰিস্থিতিৰ পৰা ইতিমধ্যে শেষ হোৱা বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত গ্লেন মেক্সৱেলে প্ৰায় এককভাৱে অষ্ট্ৰেলিয়াক জয়ী কৰে। অভিলেখ ভংগকাৰী দ্বৈত শতক অৰ্জন কৰিছিল মেক্সৱেলে। তাকো আঘাতপ্ৰাপ্ত হাত-ভৰিৰে! আফগানিস্তানৰ বিৰুদ্ধে ছেমিত উপনিত হোৱাৰ যুঁজত মেক্সৱেলৰ এই ইনিংছটোৱেই এতিয়ালৈকে দেখা আটাইতকৈ শ্ৰেষ্ঠ এদিনীয়া ইনিংছ নেকি? ১৯৭১ চনৰ পৰা খেলা ৪৯৬৯ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত ইয়াতকৈ শ্ৰেষ্ঠ প্ৰদৰ্শন হৈছিলনে? এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা আন কিছুমান এদিনীয়া ইনিংছৰ বিষয়ে চাওঁ আহকঃ
ভিভ ৰিচাৰ্ডছ ১৮৯ নট আউট, ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ড, ১৯৮৪ঃ যি যুগত এদিনীয়াক ২২০ ৰান সংগ্ৰহ কৰাটো ডিফেণ্ডযোগ্য বুলি গণ্য কৰা হৈছিল, সেই যুগত ৰিচাৰ্ডছৰ ১৭০ বলৰ পৰা অপৰাজিত ১৮৯ ৰাণক এতিয়াও এতিয়ালৈকে খেলা শ্ৰেষ্ঠ এদিনীয়া ইনিংছৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। মেক্সৱেলৰ দৰেই ভিভ ৰিচাৰ্ডছেও ২৬টা বাউণ্ডেৰী আঘাত কৰে। ৱেষ্ট ইণ্ডিজক ইংলেণ্ডে মুঠ ২৭২ ৰানৰ টাৰ্গেট দিছিল। মাইকেল হোল্ডিঙৰ সৈতে শেষ উইকেটত ১০৬ ৰান সংগ্ৰহ কৰি দলক বিজয়ী কৰিছিল ভিভে।
কপিল দেৱ ১৭৫ নট আউট, ভাৰত বনাম জিম্বাবুৱে, ১৯৮৩ঃ ১৯৮৩ চনৰ জিম্বাবুৱেৰ বিৰুদ্ধে বিশ্বকাপত একেধৰণৰ ইনিংছ খেলিছিল কপিল দেৱে। সেই সময়ত ভাৰতৰ অৱস্থা আছিল ৯ ৰানত ৪ উইকেট। ৮ উইকেটত আছিল ১৪০ ৰান। কিন্তু কপিল দেৱে ১৩৮ বলত ১৭৫ ৰান সংগ্ৰহ কৰি ভাৰতক ২৬৬ ৰানলৈ লৈ যায়।
ৰোহিত শৰ্মা ২৬৪, ভাৰত বনাম শ্ৰীলংকা, ২০১৪ঃ ভাৰতীয় বেটছমেন ৰোহিত শৰ্মাই ২০১৪ চনত এদিনীয়া খেলত ২৫০ ৰান পাছ কৰা প্ৰথমজন – আৰু একমাত্ৰ – খেলুৱৈ হিচাপে পৰিগণিত হৈছিল যেতিয়া তেওঁ ইডেন গাৰ্ডেনছত হোৱা মেচ এখনত শ্ৰীলংকাৰ বলাৰসকলক তুলাধুনা দিছিল। শৰ্মাই ৩৩টা বাউণ্ডেৰী আৰু ৯টা ছয় মাৰিছিল। লক্ষণীয়ভাৱে শৰ্মাই এদিনীয়াত তিনিটাকৈ দ্বৈত শতক অৰ্জন কৰিছে, ২০১৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০৯টা, আৰু ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ২০৮টা নটআউট কৰিছে।
এডাম গিলক্ৰিষ্ট ১৪৯, অষ্ট্ৰেলিয়া বনাম শ্ৰীলংকা, ২০০৭ঃ শ্ৰীলংকাৰ বিৰুদ্ধে ২০০৭ বিশ্বকাপৰ ফাইনেলত ১৪৯ ৰানেৰে অষ্ট্ৰেলিয়াৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কীপাৰ-বেটছমেনগৰাকীয়ে। বেটিং মুকলি কৰি আৰু গ্ল’ভছত স্কোয়াছ বল লৈ গিলক্ৰিষ্টে ১০৪ বলত ১৪৯ ৰান কৰে।
মাৰ্টিন গুপটিল ২৩৭ নট আউট, নিউজিলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, ২০১৫ঃ ২০১৫ চনৰ বিশ্বকাপত ৱেলিংটনত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত নিউজিলেণ্ডৰ মাৰ্টিন গুপটিলে ২৩৭ ৰান সংগ্ৰহ কৰিছিল। গুপটিলে ২৪টা চাৰি আৰু ১১টা ছয় মাৰিছিল। একেখন বিশ্বকাপতে কেনবেৰাত জিম্বাবুৱেৰ বিৰুদ্ধে ক্ৰীছ গেইলে ২১৫ ৰান সংগ্ৰহ কৰিছিল।
এ বি ডি ভিলিয়াৰ্ছ ১৪৯, দক্ষিণ আফ্ৰিকা বনাম ৱেষ্ট ইণ্ডিজ, ২০১৫ঃ ২০১৫ চনত এবি ডি ভিলিয়াৰ্ছে ৪৪ বলত ১৪৯ ৰান সংগ্ৰহ কৰাতকৈ হয়তো উন্মাদ এদিনীয়া বেটিং কোনেও দেখা নাছিল। দক্ষিণ আফ্ৰিকানগৰাকীয়ে জোহান্সবাৰ্গত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই শতক কৰিছিল। সেই সময়ত আটাইতকৈ দ্ৰুততম শতকো আছিল ই। মাত্ৰ ৩১টা বলতে ১৬টা ছয়সহ শতক অৰ্জন কৰিছিল।
শচীন টেণ্ডুলকাৰ ২০০ নট আউট, ভাৰত বনাম দক্ষিণ আফ্ৰিকা, ২০১০ঃ এদিনীয়াত ২০০ ৰান কৰা প্ৰথমজন ব্যক্তি আছিল লিটিল মাষ্টাৰ। ২০১০ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই দ্বিশতক কৰিছিল। এতিয়া ১১টা এদিনীয়া ডাবল চেঞ্চুৰী হৈছে।