--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উগাণ্ডা টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা শেষ দল হিচাপে পৰিগণিত হৈছে। এই দেশে প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিব। উগাণ্ডাই জিম্বাবুৱে আৰু কেনিয়াক পৰাস্ত কৰি যোগ্যতা অৰ্জন কৰে। ইয়াৰ পূৰ্বে আফ্ৰিকাৰ পৰা নামিবিয়াই যোগ্যতা অৰ্জন কৰিছিল।

এইবাৰ ২০ টা দলে টি-২০ বিশ্বকাপত খেলিব। উগাণ্ডাই শেষ দল হিচাপে যোগ্যতা অৰ্জন কৰে। ছয়খন খেলৰ ভিতৰত ৫খনত জয়লাভ কৰে। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব বিশ্বকাপ। উগাণ্ডাই তাত খেলিব। কোৱালিফাইং ৰাউণ্ডৰ প্ৰথমখন খেলত তাঞ্জানিয়াক পৰাস্ত কৰে। কিন্তু পৰৱৰ্তী মেচত নামিবিয়াৰ বিৰুদ্ধে উগাণ্ডা পৰাস্ত হয়। ইয়াৰ পিছত তেওঁলোকে একেৰাহে চাৰিখন মেচত জয়লাভ কৰে। জিম্বাবুৱেকো পৰাস্ত কৰে। উগাণ্ডাই নাইজেৰিয়া আৰু কেনিয়াকো পৰাস্ত কৰে। অন্তিমখন খেলত ৰাৱাণ্ডাক পৰাস্ত কৰে।

কোৱালিফাইং ৰাউণ্ডত উগাণ্ডা আৰু নামিবিয়াৰ বিৰুদ্ধে জিম্বাবুৱে পৰাস্ত হয়। সেই দুয়োটা দলেই টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। ২০টা দলৰ বিশ্বকাপত একাধিক দলে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

২০টা দলৰ ভিতৰত আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে আয়োজক দেশ হিচাপে খেলিব। ইয়াৰ বাহিৰেও ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ডৰ দৰে দেশসমূহে ৰেংকিং তালিকাৰ ভিত্তিত এই সুযোগ লাভ কৰিছে। নেপাল, ওমান, পাপুয়া নিউগিনিৰ দৰে দেশেও খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক