--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এসময়ত সংযুক্ত বাহিনী অসমৰ ঘাটী হৈ পৰা বাংলাদেশৰ চিটাগং সমুদ্ৰবন্দৰ এতিয়া ভাৰতে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বাংলাদেশ চৰকাৰে৷ যিটো সমুদ্ৰবন্দৰৰ পৰাই আলফাই পৰিচালনা কৰিছিল নিজৰ কাম-কাজ, সেইটো চিটাগং সমুদ্ৰবন্দৰেই এতিয়া ভাৰত চৰকাৰে দুয়োখন দেশৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ বাংলাদেশ ভ্ৰমণৰ সময়ছোৱাত এই তথ্য সদৰী কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই৷ 

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কালি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাৎ কৰে৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশখনৰ মুখ্য সমুদ্ৰবন্দৰ ‘চিটাগং বন্দৰ’ অসম আৰু ত্ৰিপুৰাৰ দৰে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক দুয়োখন চুবুৰীয়া দেশৰ মাজত যোগাযোগ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিবলৈ আগবঢ়ায়।

বৃহস্পতিবাৰে এক চমু চৰকাৰী ভ্ৰমণসূচীৰে বাংলাদেশত উপস্থিত হোৱা এছ জয়শংকৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ নতুন দিল্লী ভ্ৰমণৰ বাবে হাছিনাক আমন্ত্ৰণ জনায়। এছ জয়শংকৰে টুইটযোগে জনাই যে, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক তেওঁৰ উষ্ম অভ্যৰ্থনাৰ বাবে ধন্যবাদ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগত শুভেচ্ছা জ্ঞাপন কৰে। দুয়োগৰাকী নেতাৰ নিৰ্দেশনাত আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আগবাঢ়িছে৷ 

বৈঠকত প্ৰধানমন্ত্ৰী হাছিনাই কয় যে দুয়োখন দেশে যোগাযোগ আৰু বৃদ্ধি কৰিব লাগিব বুলি মন্তব্য কৰে৷ ইপিনে, বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰেছ সচিব ইহছানুল কৰিমে জয়শংকৰক কয় যে পাৰস্পৰিক লাভালাভৰ বাবে বৰ্ধিত সংযোগৰ প্ৰয়োজন আছিল৷ আনহাতে বাংলাদেশৰ দক্ষিণ-পূব চিটাগং বন্দৰ ব্যৱহাৰ কৰাত ভাৰতৰ উত্তৰ-পূব অঞ্চলক বিশেষভাৱে লাভান্বিত কৰিব বুলিও কৰিমে সদৰী কৰে৷ তেওঁ লগতে কয় যে, যদি যোগাযোগ বৃদ্ধি কৰা হয়, ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ, যেনে অসম আৰু ত্ৰিপুৰা চট্টগ্ৰামৰ সমুদ্ৰবন্দৰলৈ যাব পাৰে৷

বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পূৰ্বে বাংলাদেশ আৰু ভাৰতৰ মাজত সীমান্তপাৰ পথ পুনৰ আৰম্ভ কৰাৰ বাবে পদক্ষেপ লোৱা হৈছিল, যিবোৰ ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত বন্ধ কৰা হৈছিল, যেতিয়া বাংলাদেশ পাকিস্তানৰ পূব শাখা আছিল।
কৰিমে কৈছিল যে প্ৰধানমন্ত্ৰী হাছিনাৰ জয়শংকৰৰ সৈতে আধা ঘণ্টাতকৈও অধিক দীঘলীয়া বৈঠকত কেইবাটাও দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় আলোচনা কৰা হৈছিল।
জয়শংকৰে পিছত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী একে আব্দুল মোমেনৰ সৈতে আলোচনা কৰিছিল আৰু তাৰ পিছত যুটীয়াভাৱে সংবাদ মাধ্যমক অৱগত কৰিছিল।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে টুইট কৰি কযয় যে, ড° মোমেন আৰু এছ জয়শংকৰে বাংলাদেশ আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক বিষয়ত আলোচনা কৰে। তেওঁলোকে চলিত বাংলাদেশ-ভাৰত সহযোগিতাৰ বিষয়ে সন্তুষ্টি ব্যক্ত কৰে, দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, সামগ্ৰিকভাৱে আৰ্থ-সামাজিক উন্নয়নৰ বাবে আঞ্চলিক স্থিৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক