--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সংসদক এক পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয়। জনগণে অৰ্পন কৰা গধুৰ দায়িত্ব লৈ এই পবিত্ৰ সংসদত ভৰি থয় একো একোগৰাকী সাংসদে। কিন্তু তাত যদিহে তেওঁলোকে নিজৰ দায়িত্ব পাহৰি অনৈতিক কামত লিপ্ত হয় সেয়া স্বৰূপাৰ্থতে হৈ পৰে দুৰ্ভাগ্যজনক কথা। এতিয়া তেনে এক ঘটনাই সংঘটিত হৈছে। সংসদত বহি ‘ব্লু ফিল্ম’ চাই থকাৰ অভিযোগ উঠিছে এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে। তাৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিবলগীয়া হৈছে।

সংসদত এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে সংসদত বহি থকাৰ সময়ত তেওঁৰ মোবাইল ফোনত ‘ব্লু ফিল্ম’ চাই থকাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাটোৰ পুংখানুপুংখ তদন্তৰ দাবী উত্থাপন কৰা হৈছে যাতে সত্য বিতংভাৱে সন্মুখলৈ অনা হয়। এই ঘটনা পোহৰলৈ অহাৰ পাছতে ব্ৰিটিছ সংসদত ব্যাপক বিতৰ্কৰ সূত্ৰপাত ঘটিছে। সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশৰ পাছতে ব্ৰিটিছ নাগৰিকসকলৰ মাজত কৌতূহল আৰু ক্ষোভৰ সৃষ্টি হৈছে। সূত্ৰ অনুসৰি, মন্ত্ৰীজনে সংসদৰ অধিৱেশনৰ সময়ত ‘হাউছ অৱ কমন্স’ত তেওঁৰ আসনত বহি আছিল। সেই সময়ত  তেওঁৰ চকু আৰু মনোযোগ ম'বাইল স্ক্ৰীণত আবদ্ধ আছিল। তেওঁ মোবাইলত ব্লু ফিল্ম চাই আছিল। মন্ত্ৰীজনৰ কাৰ্যৰ বিষয়ে সদৰি হোৱাৰ পাছতে বিষয়টোৰ তদন্তৰ দাবী জনোৱা হয়।

এই সন্দৰ্ভত ইতিমধ্যে দলটোৰ মুখ্য হুইপ ক্ৰিছ হেটন হেৰিছে এখন জাননী জাৰি কৰিছে। তাত কোৱা হৈছে যে সংসদৰ সংশ্লিষ্ট স্বতন্ত্ৰ বিভাগক অভিযোগবোৰ বিতংভাৱে পৰীক্ষা কৰিবলৈ কোৱা হৈছে। যদি তেওঁলোকে তদন্ত সম্পূৰ্ণ কৰে, যদি দেখা যায় যে মন্ত্ৰীজনৰ বিৰুদ্ধে থকা অভিযোগবোৰ সঁচা, তেন্তে আইন অনুসৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব।
সূত্ৰ অনুসৰি, ঘটনাটো কেইমাহমান আগতে সংঘটিত হৈছিল। সেই সময়ত এখন জৰুৰী সভা চলি আছিল। সংসদত এগৰাকী মহিলা প্ৰতিনিধি অভিযুক্ত মন্ত্ৰীৰ কাষত বহি আছিল। মন্ত্ৰীজনে তেওঁৰ বিষয়ে চিন্তা নকৰাকৈ তেওঁৰ মোবাইলত আপত্তিজনক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছিল!

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা  ব্ৰিটিছ সংসদত মহিলা প্ৰতিনিধিৰ ওপৰত যযৌন নিৰ্যাতন আৰু অশালীন মন্তব্যক লৈ ব্ৰিটিছ সংসদত হুলস্থূলৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। প্ৰধানমন্ত্ৰী বৰিছ জনছনেও ইয়াৰ বিষয়ে মুখ খুলিবলগীয়া হৈছে। এতিয়ালৈকে সংসদৰ মুঠ ৫৬ জন সদস্যৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্তসকলৰ তিনিজন মন্ত্ৰীসভাৰ সদস্য! 

এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দি বৰিছ জনছনে মন্তব্য কৰিছে যে, সংসদৰ ভিতৰত এনে ধৰণৰ ঘটনা একেবাৰে আকাংক্ষিত নহয়। এই সন্দৰ্ভত তেওঁ কয়, "কোনো পৰিস্থিতিত যৌন নিৰ্যাতনৰ দৰে বিষয় সহ্য কৰা নহ'ব। তাৰ পাছতো যদি এনে ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়, তেন্তে এক নিৰ্দিষ্ট ব্যৱস্থা ৰখা প্ৰয়োজন যাতে সংসদৰ সদস্যসকলে তেওঁলোকৰ অভিযোগ ৰাজহুৱা কৰিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন