--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সংসদক এক পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয়। জনগণে অৰ্পন কৰা গধুৰ দায়িত্ব লৈ এই পবিত্ৰ সংসদত ভৰি থয় একো একোগৰাকী সাংসদে। কিন্তু তাত যদিহে তেওঁলোকে নিজৰ দায়িত্ব পাহৰি অনৈতিক কামত লিপ্ত হয় সেয়া স্বৰূপাৰ্থতে হৈ পৰে দুৰ্ভাগ্যজনক কথা। এতিয়া তেনে এক ঘটনাই সংঘটিত হৈছে। সংসদত বহি ‘ব্লু ফিল্ম’ চাই থকাৰ অভিযোগ উঠিছে এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে। তাৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিবলগীয়া হৈছে।

সংসদত এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে সংসদত বহি থকাৰ সময়ত তেওঁৰ মোবাইল ফোনত ‘ব্লু ফিল্ম’ চাই থকাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাটোৰ পুংখানুপুংখ তদন্তৰ দাবী উত্থাপন কৰা হৈছে যাতে সত্য বিতংভাৱে সন্মুখলৈ অনা হয়। এই ঘটনা পোহৰলৈ অহাৰ পাছতে ব্ৰিটিছ সংসদত ব্যাপক বিতৰ্কৰ সূত্ৰপাত ঘটিছে। সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশৰ পাছতে ব্ৰিটিছ নাগৰিকসকলৰ মাজত কৌতূহল আৰু ক্ষোভৰ সৃষ্টি হৈছে। সূত্ৰ অনুসৰি, মন্ত্ৰীজনে সংসদৰ অধিৱেশনৰ সময়ত ‘হাউছ অৱ কমন্স’ত তেওঁৰ আসনত বহি আছিল। সেই সময়ত  তেওঁৰ চকু আৰু মনোযোগ ম'বাইল স্ক্ৰীণত আবদ্ধ আছিল। তেওঁ মোবাইলত ব্লু ফিল্ম চাই আছিল। মন্ত্ৰীজনৰ কাৰ্যৰ বিষয়ে সদৰি হোৱাৰ পাছতে বিষয়টোৰ তদন্তৰ দাবী জনোৱা হয়।

এই সন্দৰ্ভত ইতিমধ্যে দলটোৰ মুখ্য হুইপ ক্ৰিছ হেটন হেৰিছে এখন জাননী জাৰি কৰিছে। তাত কোৱা হৈছে যে সংসদৰ সংশ্লিষ্ট স্বতন্ত্ৰ বিভাগক অভিযোগবোৰ বিতংভাৱে পৰীক্ষা কৰিবলৈ কোৱা হৈছে। যদি তেওঁলোকে তদন্ত সম্পূৰ্ণ কৰে, যদি দেখা যায় যে মন্ত্ৰীজনৰ বিৰুদ্ধে থকা অভিযোগবোৰ সঁচা, তেন্তে আইন অনুসৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব।
সূত্ৰ অনুসৰি, ঘটনাটো কেইমাহমান আগতে সংঘটিত হৈছিল। সেই সময়ত এখন জৰুৰী সভা চলি আছিল। সংসদত এগৰাকী মহিলা প্ৰতিনিধি অভিযুক্ত মন্ত্ৰীৰ কাষত বহি আছিল। মন্ত্ৰীজনে তেওঁৰ বিষয়ে চিন্তা নকৰাকৈ তেওঁৰ মোবাইলত আপত্তিজনক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছিল!

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা  ব্ৰিটিছ সংসদত মহিলা প্ৰতিনিধিৰ ওপৰত যযৌন নিৰ্যাতন আৰু অশালীন মন্তব্যক লৈ ব্ৰিটিছ সংসদত হুলস্থূলৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। প্ৰধানমন্ত্ৰী বৰিছ জনছনেও ইয়াৰ বিষয়ে মুখ খুলিবলগীয়া হৈছে। এতিয়ালৈকে সংসদৰ মুঠ ৫৬ জন সদস্যৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্তসকলৰ তিনিজন মন্ত্ৰীসভাৰ সদস্য! 

এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দি বৰিছ জনছনে মন্তব্য কৰিছে যে, সংসদৰ ভিতৰত এনে ধৰণৰ ঘটনা একেবাৰে আকাংক্ষিত নহয়। এই সন্দৰ্ভত তেওঁ কয়, "কোনো পৰিস্থিতিত যৌন নিৰ্যাতনৰ দৰে বিষয় সহ্য কৰা নহ'ব। তাৰ পাছতো যদি এনে ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়, তেন্তে এক নিৰ্দিষ্ট ব্যৱস্থা ৰখা প্ৰয়োজন যাতে সংসদৰ সদস্যসকলে তেওঁলোকৰ অভিযোগ ৰাজহুৱা কৰিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক