--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়াডত অব্যাহত ভাৰতৰ জয়যাত্ৰা৷এছিয়ান গেমছ ২০২৩ৰ প্ৰথমখন ছেমি ফাইনেলত ভাৰতীয় পুৰুষ ক্ৰিকেট দলে বাংলাদেশক পৰাস্ত কৰে। শুকুৰবাৰে হাংঝুত অনুষ্ঠিত হোৱা খেলখনত ৯ উইকেটত জয়লাভ কৰে টিম ইণ্ডিয়াই। এতিয়া ভাৰতীয় দলে শনিবাৰে স্বৰ্ণ পদকৰ বাবে ফাইনেন খেলিব। ছেমি ফাইনেলত তিলক বাৰ্মা আৰু ঋতুৰাজ গাইকোৱাদে শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। অপৰাজিত অৰ্ধশতক অৰ্জন কৰে তিলকে। ঋতুৰাজে অপৰাজিত ৪০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ছাই কিশোৰ আৰু ৱাশ্বিংটন সুন্দৰে বলিঙত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়ায়।

বাংলাদেশে দিয়া লক্ষ্য খেদি ভাৰতীয় দলৰ হৈ অ’পেন কৰিবলৈ আহিছিল যশস্বী জয়ছোৱাল আৰু অধিনায়ক ঋতুৰাজ। যশস্বী শূন্যত আউট হৈছিল। আৰু ইয়াৰ পাছত তিলক বাৰ্মা বেটিং কৰিবলৈ আহিছিল। তিলক আৰু ঋতুৰাজে দায়িত্ব লৈ আগ্ৰাসী বেটিং আৰম্ভ কৰে। তিলক অহাৰ লগে লগে দ্বিতীয় অভাৰত ছয় মাৰে। তৃতীয় অভাৰত তেওঁ একেৰাহে দুটা ছিক্সাৰ মাৰে। ইয়াৰ পাছত তেওঁ একেৰাহে দুটা বাউণ্ডেৰী সংগ্ৰহ কৰে।

এইদৰে ঋতুৰাজে অপৰাজিত ৪০ ৰান সংগ্ৰহ কৰে। ২৬টা বলৰ সন্মুখীন হৈ তেওঁ ৩টা ছয় আৰু ৪টা চাৰি সংগ্ৰহ কৰে। আনহাতে তিলকে অপৰাজিত ৫৫ ৰান সংগ্ৰহ কৰে। তেওঁ ৬টা ছয় আৰু ২টা চাৰি সংগ্ৰহ কৰে। এইদৰে ভাৰতে ৯.২ অভাৰত এটা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে।




টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। এই সময়ছোৱাত বাংলাদেশে ৯টা উইকেট হেৰুৱাই ২০ অভাৰত ৯৬ ৰান সংগ্ৰহ কৰে। দলটোৰ আৰম্ভণি বেয়া আছিল। মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি আউট হৈছিল অ’পেনাৰ মাহমুদুল। অধিনায়ক ছাইফ হাছানে ১ ৰান সংগ্ৰহ কৰি ৱাক আউট কৰে। দলটোৰ হৈ জাকিৰ আলীয়ে সৰ্বাধিক ২৪ ৰান সংগ্ৰহ কৰে। পাৰভেজে ২৩ ৰানৰ অৰিহণা যোগায়। ভাৰতীয় বলাৰসকলে বাংলাদেশত সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে। ছাই কিশোৰে ৪ অভাৰত ১২ ৰানত ৩ উইকেট দখল কৰে। ৱাশ্বিংটন সুন্দৰে ২ উইকেট দখল কৰে। অৰ্শদীপ সিং, তিলক বাৰ্মা, ৰবি বিষ্ণোই আৰু শ্বাহবাজ আহমেদে এটাকৈ উইকেট দখল কৰে।

ছেমি ফাইনেলত বাংলাদেশক পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শনিবাৰে স্বৰ্ণ পদকৰ বাবে খেলিব টিম ইণ্ডিয়াই। এছিয়ান গেমছৰ দ্বিতীয়খন ছেমি ফাইনেল খেল পাকিস্তান আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’ব। এইখনত জয়ী হোৱা দলটোৱেই ফাইনেলত প্ৰৱেশ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু