--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়াডত অব্যাহত ভাৰতৰ জয়যাত্ৰা৷এছিয়ান গেমছ ২০২৩ৰ প্ৰথমখন ছেমি ফাইনেলত ভাৰতীয় পুৰুষ ক্ৰিকেট দলে বাংলাদেশক পৰাস্ত কৰে। শুকুৰবাৰে হাংঝুত অনুষ্ঠিত হোৱা খেলখনত ৯ উইকেটত জয়লাভ কৰে টিম ইণ্ডিয়াই। এতিয়া ভাৰতীয় দলে শনিবাৰে স্বৰ্ণ পদকৰ বাবে ফাইনেন খেলিব। ছেমি ফাইনেলত তিলক বাৰ্মা আৰু ঋতুৰাজ গাইকোৱাদে শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। অপৰাজিত অৰ্ধশতক অৰ্জন কৰে তিলকে। ঋতুৰাজে অপৰাজিত ৪০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ছাই কিশোৰ আৰু ৱাশ্বিংটন সুন্দৰে বলিঙত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়ায়।

বাংলাদেশে দিয়া লক্ষ্য খেদি ভাৰতীয় দলৰ হৈ অ’পেন কৰিবলৈ আহিছিল যশস্বী জয়ছোৱাল আৰু অধিনায়ক ঋতুৰাজ। যশস্বী শূন্যত আউট হৈছিল। আৰু ইয়াৰ পাছত তিলক বাৰ্মা বেটিং কৰিবলৈ আহিছিল। তিলক আৰু ঋতুৰাজে দায়িত্ব লৈ আগ্ৰাসী বেটিং আৰম্ভ কৰে। তিলক অহাৰ লগে লগে দ্বিতীয় অভাৰত ছয় মাৰে। তৃতীয় অভাৰত তেওঁ একেৰাহে দুটা ছিক্সাৰ মাৰে। ইয়াৰ পাছত তেওঁ একেৰাহে দুটা বাউণ্ডেৰী সংগ্ৰহ কৰে।

এইদৰে ঋতুৰাজে অপৰাজিত ৪০ ৰান সংগ্ৰহ কৰে। ২৬টা বলৰ সন্মুখীন হৈ তেওঁ ৩টা ছয় আৰু ৪টা চাৰি সংগ্ৰহ কৰে। আনহাতে তিলকে অপৰাজিত ৫৫ ৰান সংগ্ৰহ কৰে। তেওঁ ৬টা ছয় আৰু ২টা চাৰি সংগ্ৰহ কৰে। এইদৰে ভাৰতে ৯.২ অভাৰত এটা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে।




টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। এই সময়ছোৱাত বাংলাদেশে ৯টা উইকেট হেৰুৱাই ২০ অভাৰত ৯৬ ৰান সংগ্ৰহ কৰে। দলটোৰ আৰম্ভণি বেয়া আছিল। মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি আউট হৈছিল অ’পেনাৰ মাহমুদুল। অধিনায়ক ছাইফ হাছানে ১ ৰান সংগ্ৰহ কৰি ৱাক আউট কৰে। দলটোৰ হৈ জাকিৰ আলীয়ে সৰ্বাধিক ২৪ ৰান সংগ্ৰহ কৰে। পাৰভেজে ২৩ ৰানৰ অৰিহণা যোগায়। ভাৰতীয় বলাৰসকলে বাংলাদেশত সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে। ছাই কিশোৰে ৪ অভাৰত ১২ ৰানত ৩ উইকেট দখল কৰে। ৱাশ্বিংটন সুন্দৰে ২ উইকেট দখল কৰে। অৰ্শদীপ সিং, তিলক বাৰ্মা, ৰবি বিষ্ণোই আৰু শ্বাহবাজ আহমেদে এটাকৈ উইকেট দখল কৰে।

ছেমি ফাইনেলত বাংলাদেশক পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শনিবাৰে স্বৰ্ণ পদকৰ বাবে খেলিব টিম ইণ্ডিয়াই। এছিয়ান গেমছৰ দ্বিতীয়খন ছেমি ফাইনেল খেল পাকিস্তান আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’ব। এইখনত জয়ী হোৱা দলটোৱেই ফাইনেলত প্ৰৱেশ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ