--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ প্ৰথমখন মেচৰ পূৰ্বে ভাৰতীয় দলত এক মোক্ষম আঘাত৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ উদ্বোধনী খেলখনৰ পূৰ্বে ভাৰতীয় দলটোৰ উদ্বেগ বৃদ্ধি পাইছে৷ ফৰ্মত থকা ভাৰতীয় তাৰকা ক্ৰিকেটাৰ শুভমন গীলৰ স্বাস্থ্যজনিত সমস্যাই সকলোকে চিন্তিত কৰি তুলিছে৷ গীলক দলৰ পৰা বাদ দিয়াৰ ক্ষেত্ৰত সেই স্থানত ঈশান কিষাণ স্থলাভিষিক্ত হ’ব পাৰে। শেহতীয়াকৈ এদিনীয়াত ভাৰতৰ শক্তিশালী বেটছমেন শুভমন গীলৰ জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ আহিছে আৰু এই বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে শুকুৰবাৰে অৰ্থাৎ আজি ডেংগুৰ পৰীক্ষা কৰা হ’ব।

দলৰ অগ্ৰগতিৰ বিষয়ে জ্ঞাত বিচিচিআইৰ এক সূত্ৰই পিটিআইক জনায় যে, "চেন্নাইত অৱতৰণ কৰাৰ পাছৰে পৰা শুভমনৰ তীব্ৰ জ্বৰ হৈছে। তেওঁৰ পৰীক্ষা চলি আছে। শুকুৰবাৰে তেওঁৰ পৰীক্ষা কৰা হ'ব আৰু মুকলি খেলত অংশগ্ৰহণ কৰাৰ বাবে ফোন কৰা হ'ব।"জানিব পৰা মতে গিলৰ ডেংগুৰ পৰীক্ষা চলি আছে আৰু সেই ক্ষেত্ৰত তেওঁ দুখনমান খেল খেলিব নোৱাৰিব পাৰে।ডেংগু ৰোগীৰ শাৰীৰিক প্ৰভাৱ ভিন্ন হয় আৰু সাধাৰণতে ইয়াৰ পৰা উঠি মেচৰ বাবে সাজু হ’বলৈ প্ৰায় ৭-১০ দিন সময় লাগে।সূত্ৰটোৱে লগতে কয় যে, "যদি স্বাভাৱিক ভাইৰেল জ্বৰ হয়, তেন্তে তেওঁ এন্টিবায়টিক লৈ খেলিব পাৰে কিন্তু সেয়া সম্পূৰ্ণৰূপে চিকিৎসা দলৰ মতামতৰ ওপৰত নিৰ্ভৰশীল।"





FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু