--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিছে পাকিস্তান। দলত আছে হাছান আলী। এই পাকিস্তানী পেচাৰৰ শহুৰেকৰ ঘৰ ভাৰতৰ হাৰিয়ানাত। জোঁৱাই ভাৰতলৈ অহাৰ লগে লগে শাহুৱেকে তেওঁক লগ কৰিবলৈ উদ্বাউল হৈ পৰিছে শাহু-শহুৰ। বোৱাৰীজনীৰ লগতে একমাত্ৰ নাতিনীয়েককো চাবলৈ আগ্ৰহী তেওঁলোক।

২০১৯ চনত হাৰিয়ানাৰ নুহ জিলাৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী লিয়াকুৱাট খানৰ কন্যা ছামিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় হাছানে। ডুবাইত অনুষ্ঠিত হয় এই বিবাহ অনুষ্ঠান। তেতিয়াৰ পৰাই পাকিস্তানত থাকে ছামিয়া। মাক ছোৱালীজনীক এবাৰহে লগ পাইছিল। কিন্তু দেউতাক সেই দেশলৈ যাব পৰা নাছিল। লিয়াকুৱেটে ইমান দিনৰ মূৰতহে কন্যা, জোঁৱাই, নাতিনীয়েকক দেখা পাব।

১৪ অক্টোবৰত আহমেদাবাদত ভাৰতৰ বিৰুদ্ধে খেলিব পাকিস্তান। তাতেই লগ হ’ব দুয়ো। লিয়াকুৱেটে কয়- ''২০২১ চনত মোৰ জীয়ৰীয়ে এগৰাকী কন্যা সন্তান জন্ম দিয়াৰ সময়ত মোৰ স্ত্ৰী তালৈ গৈছিল। কিন্তু মই যাব নোৱাৰিলোঁ। ৪ বছৰে তাইক দেখা নাই। প্ৰথমবাৰৰ বাবে নাতিনীক দেখা পাম। আশাকৰোঁ আহমেদাবাদত তেওঁলোকক লগ পোৱাত কোনো সমস্যা নহ'ব।’’

কন্যাই পাকিস্তানী ক্ৰিকেটাৰক বিয়া কৰাক লৈ লিয়াকোৱাটৰ কোনো আক্ষেপ নাই। চৌপাশৰ মানুহে কি ক’ব তাক লৈ তেওঁ একো গুৰুত্ব নিদিলে। লিয়াকোৱাটে ক'লে, "মোৰ ছোৱালী শিক্ষিত। তেওঁ নিজক ভালকৈ জানে। মোৰ ছোৱালী সুখী হ’লে আমি সুখী হওঁ। পাকিস্তানত আমাৰ বহু আত্মীয় আছে। হাছান বৰ ভাল ল'ৰা। আমি সুখী।''

অৱশ্যে লিয়াকুৱাটে খেলখনত ভাৰতকে সমৰ্থন কৰিব। কয়- ‘মই সুনীল গাভাস্কাৰ, কপিল দেৱ, শচীন তেণ্ডুলকাৰ, মহম্মদ আজহাৰুদ্দিনৰ খেল দেখিছোঁ। কিন্তু মোৰ প্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলী।’’




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ