--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: প্ৰেমৰ অনুভূতি কিমান গভীৰ হ’লে এগৰাকী আহত প্ৰেমিকাই পুনৰ আকোৱালি ল’ব পাৰে আক্ৰমণকাৰী প্ৰেমিকক৷ প্ৰেম প্ৰত্যাখ্যান, প্ৰেম বিচ্ছেদ আদিয়ে কিমান ভয়াৱহতাৰ ৰূপ ল’ব সেয়া বৰ্তমান সময়ত কল্পনাও কৰিব নোৱাৰি৷ এই প্ৰেমৰ বাবেই চিৰদিনলৈ ঘূণীয়াও হৈছে বহু যুৱতী৷ আক্ৰমণ হৈছে এচিড আক্ৰমণৰ৷ কিন্তু তু্ৰ্কীৰ এগৰাকী এচিড আক্ৰমণৰ বলি হোৱা যুৱতীয়ে প্ৰাক্তন প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছতে এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷

বেৰফিন অ’যেক নামৰ যুৱতীগৰাকী ২০১৯ চনত তেওঁৰ প্ৰাক্তন প্ৰেমিক কাছিম অ’জান চেলটিকৰ সৈতে প্ৰেম বিচ্ছেদ হৈছিল৷ তাৰ পাছতে কাছিমে প্ৰেমিকা বেৰফিনৰ ওপৰত এচিড আক্ৰমণ কৰিছিল৷ এই আক্ৰমণৰ পাছতে বেৰফিনৰ মুখমণ্ডল সম্পূৰ্ণ জ্বলি গৈছিল৷ কেৱল সিমানেই নহয়, বেৰফিনে এচিড আক্ৰমণৰ পাছৰে পৰা সোঁফালৰ চকুৰে সম্পূৰ্ণ নেদেখা হৈ যোৱাৰ লগতে আনটো চকুৰেও ভালকৈ নেদেখা হৈ পৰিছিল৷ বিচ্ছেদৰ সিদ্ধান্ত লোৱাৰ পাছৰে পৰাই এই আক্ৰমণৰ বলি হৈ এক জটিল অস্ত্ৰোপচাৰৰ পাছত বেৰফিনে সেই আক্ৰমণকাৰী প্ৰাক্তন প্ৰেমিক কাছিমৰ সৈতে অলপতে বিবাহপাশত আবদ্ধ হয়৷

উল্লেখ্য যে, এই ঘটনাৰ পাছতে প্ৰেমিকাৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত কাছিম ২০২০ চনৰ জানুৱাৰী মাহত গ্ৰেপ্তাৰ হোৱাৰ লগতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল৷ ইয়াৰ পাছতে বেৰফিনে ২০২০ চনৰে এপ্ৰিল মাহত এই অভিযোগ উঠাই লয় আৰু কাছিমক ভালপাওঁ বুলি ব্যক্ত কৰে৷ লগতে বেৰফিনে কাছিমক বিয়া কৰাৰো ইচ্ছা প্ৰকাশৰ কথা জানিবলৈ দিয়ে৷

যুৱতীগৰাকীৰ এই সিদ্ধান্তৰ পাছতে তেঁওৰ পিতৃয়ে ছ’চিয়েল মিডিয়াৰ যোগে যুৱতীগৰাকীৰ সৈতে কোনো সম্পৰ্ক নাই বুলি মত প্ৰকাশ কৰে৷ তেওঁ কয়, “তাইৰ কাৰণে মই যিমান সম্ভৱ সকলো কামেই কৰিছিলো৷ কিন্তু ইয়াৰ পাছত মই আৰু তাইৰ সৈতে নাই৷ তাই কেৱল আমাৰা পৰিয়ালটোকেই নহয়, তাইক ভালপোৱা সকলো মানুহক অপমান কৰিলে৷ বেৰফিন নামৰ আমাৰ কোনো কন্যা নাই৷”


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ