--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: প্ৰেমৰ অনুভূতি কিমান গভীৰ হ’লে এগৰাকী আহত প্ৰেমিকাই পুনৰ আকোৱালি ল’ব পাৰে আক্ৰমণকাৰী প্ৰেমিকক৷ প্ৰেম প্ৰত্যাখ্যান, প্ৰেম বিচ্ছেদ আদিয়ে কিমান ভয়াৱহতাৰ ৰূপ ল’ব সেয়া বৰ্তমান সময়ত কল্পনাও কৰিব নোৱাৰি৷ এই প্ৰেমৰ বাবেই চিৰদিনলৈ ঘূণীয়াও হৈছে বহু যুৱতী৷ আক্ৰমণ হৈছে এচিড আক্ৰমণৰ৷ কিন্তু তু্ৰ্কীৰ এগৰাকী এচিড আক্ৰমণৰ বলি হোৱা যুৱতীয়ে প্ৰাক্তন প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছতে এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷

বেৰফিন অ’যেক নামৰ যুৱতীগৰাকী ২০১৯ চনত তেওঁৰ প্ৰাক্তন প্ৰেমিক কাছিম অ’জান চেলটিকৰ সৈতে প্ৰেম বিচ্ছেদ হৈছিল৷ তাৰ পাছতে কাছিমে প্ৰেমিকা বেৰফিনৰ ওপৰত এচিড আক্ৰমণ কৰিছিল৷ এই আক্ৰমণৰ পাছতে বেৰফিনৰ মুখমণ্ডল সম্পূৰ্ণ জ্বলি গৈছিল৷ কেৱল সিমানেই নহয়, বেৰফিনে এচিড আক্ৰমণৰ পাছৰে পৰা সোঁফালৰ চকুৰে সম্পূৰ্ণ নেদেখা হৈ যোৱাৰ লগতে আনটো চকুৰেও ভালকৈ নেদেখা হৈ পৰিছিল৷ বিচ্ছেদৰ সিদ্ধান্ত লোৱাৰ পাছৰে পৰাই এই আক্ৰমণৰ বলি হৈ এক জটিল অস্ত্ৰোপচাৰৰ পাছত বেৰফিনে সেই আক্ৰমণকাৰী প্ৰাক্তন প্ৰেমিক কাছিমৰ সৈতে অলপতে বিবাহপাশত আবদ্ধ হয়৷

উল্লেখ্য যে, এই ঘটনাৰ পাছতে প্ৰেমিকাৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত কাছিম ২০২০ চনৰ জানুৱাৰী মাহত গ্ৰেপ্তাৰ হোৱাৰ লগতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল৷ ইয়াৰ পাছতে বেৰফিনে ২০২০ চনৰে এপ্ৰিল মাহত এই অভিযোগ উঠাই লয় আৰু কাছিমক ভালপাওঁ বুলি ব্যক্ত কৰে৷ লগতে বেৰফিনে কাছিমক বিয়া কৰাৰো ইচ্ছা প্ৰকাশৰ কথা জানিবলৈ দিয়ে৷

যুৱতীগৰাকীৰ এই সিদ্ধান্তৰ পাছতে তেঁওৰ পিতৃয়ে ছ’চিয়েল মিডিয়াৰ যোগে যুৱতীগৰাকীৰ সৈতে কোনো সম্পৰ্ক নাই বুলি মত প্ৰকাশ কৰে৷ তেওঁ কয়, “তাইৰ কাৰণে মই যিমান সম্ভৱ সকলো কামেই কৰিছিলো৷ কিন্তু ইয়াৰ পাছত মই আৰু তাইৰ সৈতে নাই৷ তাই কেৱল আমাৰা পৰিয়ালটোকেই নহয়, তাইক ভালপোৱা সকলো মানুহক অপমান কৰিলে৷ বেৰফিন নামৰ আমাৰ কোনো কন্যা নাই৷”


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু