--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এমি জেকচন আৰু ‘গছিপ গাৰ্ল’ৰ অভিনেতা এড ৱেষ্টউইক বিগত কেইবামাহৰ পৰা ইজনে আনজনৰ সৈতে সম্পৰ্কত আছে। দুদিন পূৰ্বে এডে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এমিৰ সৈতে বিবাহৰ কথা ঘোষণা কৰিছিল। তেওঁ পৰিয়াল আৰু ঘনিষ্ঠ লোকৰ সৈতেও পাৰ্টিৰ আভাস শ্বেয়াৰ কৰিছিল।

অভিনেত্ৰী এমি জেকচনে ২০১০ চনত অভিনয়ৰ জগতখনত প্ৰৱেশ কৰিছিল। তামিল ছবি ‘মাদ্ৰাসপত্টনম’ৰ জৰিয়তে তেওঁ এই জগতত প্ৰথম খোজ দিয়ে । বলীউডত প্ৰতীক বব্বৰৰ সৈতে ‘এক দীৱানা থা’ ছবিৰে প্ৰথম বলীউডত কাম কৰে । ৰজনীকান্তৰ ৰবট ২.০ ছবিতো দেখা গৈছিল অভিনেত্ৰীগৰাকীক। মডেললৈ পৰিণত অভিনেত্ৰী এমি জেকচনে বহু তেলেগু আৰু কানাড়া ছবিত কাম কৰিছে। অক্ষয় কুমাৰৰ ‘সিং ইজ ব্লিং’ আৰু ‘ফ্ৰিকি আলী’ৰ দৰে বলীউডৰ ছবিত তেওঁ অভিনয় কৰিছে।

উল্লেখ্য যে ২০২২ চনত এড ৱেষ্টউইক এমি জেকচনে খেলৰ সময়ত লগ পাইছিল আৰু ইজনে সিজনৰ প্ৰেমত পৰিছিল। তেতিয়াৰ পৰা দুয়োজনে ডেটিং আৰম্ভ কৰিলে। দুয়োজনে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলতো প্ৰায়ে বিদেশী ছুটীৰ আভাস শ্বেয়াৰ কৰিছে। এডো যোৱা বছৰ মুম্বাইলৈ আহিছিল আৰু ইয়াত এমিৰ অনুৰাগীয়ে তেওঁক এক বৃহৎ আদৰণি জনাইছিল।

দেওবাৰে এমি আৰু এড দুয়োজনে নিজৰ বিয়াৰ ফটো নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিলে। দুয়োজনৰ একেলগে জীৱনযাত্ৰা আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিলে। বগা আৰু ক’লা চুট পিন্ধি এডক দেখাত সু্ন্দৰ লাগিছে আৰু লগতে বগা বিবাহৰ সাজ পিন্ধি এমি জেকচনক সৰগৰ পৰি যেন লাগিছে।

অভিনেত্ৰীগৰাকীয়ে নিজৰ বিশেষ দিনটোত কম পৰিমানৰ মেকআপ আৰু হীৰৰ হাৰ পিন্ধিছিল। তেওঁলোকৰ বিয়াৰ ফটো শ্বেয়াৰ কৰাৰ সময়ত তেওঁ লিখিছে, ‘যাত্ৰা আৰম্ভ হৈছে মাত্ৰ।’ ফটোখন শ্বেয়াৰ কৰাৰ পিছত অনুৰাগীয়ে কমেণ্টৰ শাখাত দুয়োকে অভিনন্দন জনাবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ