--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৮ চনত প্ৰযোজক দীনেশ বিজানৰ প্ৰডাকচন হাউচ মেডক ফিল্মছৰ উদ্যোগত হৰৰ কমেডী ‘স্ত্ৰী’ৰ আৰম্ভণি হৈছিল। এই ছবিখনৰ শিৰোনামৰ আঁৰত এটা আমোদজনক কাহিনী আছে। এই তথ্য জানি আপুনিও আচৰিত হ’ব যে আগতে এই চিনেমাখনৰ নাম ‘স্ত্ৰী’ নাছিল।

ছয়বছৰ পূৰ্বে পৰিচালক অমৰ কৌশিকে ‘স্ত্ৰী’ ছবিখনৰ জৰিয়তে বলিউডত প্ৰথম খোজ দিছিল ৷এই হৰৰ কমেডীৰ যাদুৱে অনুৰাগীক আপ্লুত কৰিছিল আৰু চিনেমাখন হিট বুলি প্ৰমাণিত হৈছিল। এতিয়া ‘স্ত্ৰী’ৰ ছিকুৱেলে ‘স্ত্ৰী-২’ বক্স অফিচৰ পৰা চিনেমাগৃহলৈকে আলোড়নৰ সৃষ্টি কৰিছে আৰু সকলোতে ইয়াৰ কাহিনী চৰ্চা হৈছে।

প্ৰশ্ন হয়, ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰৰ এই ছবিখনে কেনেকৈ ‘স্ত্ৰী’ নাম পালে, আৰু কোনজন ব্যক্তিয়ে এই শিৰোনামটোৰ পৰামৰ্শ দিলে। জানো আহক —

আচলতে আই এম ডি বিৰ প্ৰতিবেদনৰ ভিত্তিত নিৰ্মাতাসকলে এই ছবিখনৰ নাম ‘ অ’ স্ত্ৰী কাল আনা’ ৰাখিছিল। পিছত এই ছবিখনৰ বাবে ৰাজকুমাৰ ৰাওক নিৰ্বাচিত কৰা হয় আৰু গোটেই কাহিনীটো শুনাৰ পিছত ৰাজকুমাৰেই শিৰোনামটি চুটি কৰি কেৱল ‘স্ত্ৰী’ ৰাখিবলৈ পৰামৰ্শ দিলে ৷

এইদৰে হিন্দী চিনেমা জগতত ‘স্ত্ৰী’ৰ নাম পঞ্জীয়ন হ’ল। উল্লেখ্য যে ৰাজকুমাৰ ৰাওৰ আগতে এই ছবিখন এজন বিখ্যাত অভিনেতাক অফাৰ কৰা হৈছিল।

চান্দেৰীৰ ৰক্ষক বিট্টু অৰ্থাৎ ৰাজকুমাৰ ৰাও ‘স্ত্ৰী’ ছবিখনৰ নিৰ্মাতাসকলৰ বিকল্পহে আছিল। তেওঁৰ পূৰ্বে প্ৰযোজকসকলে এই প্ৰস্তাৱ দিছিল অভিনেতা আয়ুষমান খুৰানাক। কিন্তু তেওঁৰ লগত মন্তব্য নিমিলিল আৰু তাৰ পিছতেই এই ছবিখন ৰাজকুমাৰ ৰাওৰ হাতত পৰিল। ইয়াৰ পিছত সকলোৱে জানে যে ৰাজকুমাৰে নিজৰ শ্ৰেষ্ঠ অভিনয়ৰ ভিত্তিত কেনেদৰে ‘স্ত্ৰী’ আৰু ‘স্ত্ৰী-২’ক সফলতাৰ দিশলৈ আগুৱাই আনিছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ