--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে কাউণ্টডাউন। মাত্ৰ কেইঘণ্টামানৰ অপেক্ষা। ইতিমধ্যে উত্তেজনা বাঢ়িছে। ৯৫ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠিত হ’ব ১৩ মাৰ্চ তাৰিখে। 

এইবাৰৰ অস্কাৰত এটা ডাঙৰ পৰিৱৰ্তন কৰা হৈছে। অস্কাৰৰ কাৰ্পেটৰ ৰং সলনি হৈছে। ৰঙা নহয়, তাৰকাসকলে এই বছৰ চেম্পেইন ৰঙৰ কাৰ্পেটত খোজ কাঢ়িব। অৰ্থাৎ ৰঙাৰ সলনি এইবাৰ অস্কাৰৰ ৰেড কাৰ্পেটৰ ৰং পাতল হালধীয়া হ’বলৈ গৈ আছে। এইবাৰৰ আয়োজক জিমি কিমেলে একাডেমী বঁটাৰ প্ৰাকক্ষণত কাৰ্পেটৰ ৰং সলনি কৰাৰ কথা ঘোষণা কৰে।

সাধাৰণতে যিকোনো বঁটা প্ৰদান অনুষ্ঠানত ৰেড কাৰ্পেট ব্যৱহাৰ কৰা হয়। অস্কাৰতো ছয় দশকৰো অধিক সময় ধৰি চলি আহিছে এই প্ৰথা। বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে ৰেড কাৰ্পেটত খোজকাঢ়ে তাৰকাসকল।  সাধাৰণ দৰ্শক ৰেড কাৰ্পেটত তাৰকাসকলে খোজকঢ়াৰ দৃশ্যত অভ্যস্ত।

কিন্তু এইবাৰ অস্কাৰ বঁটা প্ৰদানৰ স্থান ডলবি থিয়েটাৰ এলেকাত চেম্পিয়ন ৰঙৰ কাৰ্পেটেৰে সজাই তোলা হৈছে। কিন্তু ৬২ বছৰত এই পৰিৱৰ্তনৰ কাৰণ কি?

ইণ্টেৰিয়ৰৰ দায়িত্বত থকা শিল্পীসকলৰ মতে, প্ৰায় দুপৰীয়া-বিয়লিৰ পৰাই কাৰ্পেটত তাৰকাসকল আহিবলৈ আৰম্ভ কৰে। সোণালী ৰঙৰ কাৰ্পেট জৰিয়তে কৰ্তৃপক্ষই ৰ’দক বুজাব পাৰিছে।  সোণালী কাৰ্পেটৰ জৰিয়তে ছবি জগতখনৰ "গোল্ডেন আৱাৰ"ৰ ধাৰণাক উজ্জ্বল কৰি তুলিব বিচৰা হৈছে৷

ইয়াৰ উপৰিও শেহতীয়াকৈ ৰেড কাৰ্পেটৰ ঠাইত কেইবাখনো ছবিৰ প্ৰিমিয়াৰৰ পৰা আৰম্ভ কৰি বঁটা প্ৰদান অনুষ্ঠানলৈকে অন্যান্য ৰঙীন কাৰ্পেটে ঠাই লোৱা দেখা গৈছে৷ উদাহৰণস্বৰূপে মেট গালাত গোলাপী কাৰ্পেট, ডিজনীত নীলা কাৰ্পেট, ‘ব্লেক পেন্থাৰ: ৱাকাণ্ডা ফৰ এভাৰ’ৰ প্ৰিমিয়াৰত বেঙুনীয়া কাৰ্পেট ব্যৱহাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ