--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে কাউণ্টডাউন। মাত্ৰ কেইঘণ্টামানৰ অপেক্ষা। ইতিমধ্যে উত্তেজনা বাঢ়িছে। ৯৫ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠিত হ’ব ১৩ মাৰ্চ তাৰিখে। 

এইবাৰৰ অস্কাৰত এটা ডাঙৰ পৰিৱৰ্তন কৰা হৈছে। অস্কাৰৰ কাৰ্পেটৰ ৰং সলনি হৈছে। ৰঙা নহয়, তাৰকাসকলে এই বছৰ চেম্পেইন ৰঙৰ কাৰ্পেটত খোজ কাঢ়িব। অৰ্থাৎ ৰঙাৰ সলনি এইবাৰ অস্কাৰৰ ৰেড কাৰ্পেটৰ ৰং পাতল হালধীয়া হ’বলৈ গৈ আছে। এইবাৰৰ আয়োজক জিমি কিমেলে একাডেমী বঁটাৰ প্ৰাকক্ষণত কাৰ্পেটৰ ৰং সলনি কৰাৰ কথা ঘোষণা কৰে।

সাধাৰণতে যিকোনো বঁটা প্ৰদান অনুষ্ঠানত ৰেড কাৰ্পেট ব্যৱহাৰ কৰা হয়। অস্কাৰতো ছয় দশকৰো অধিক সময় ধৰি চলি আহিছে এই প্ৰথা। বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে ৰেড কাৰ্পেটত খোজকাঢ়ে তাৰকাসকল।  সাধাৰণ দৰ্শক ৰেড কাৰ্পেটত তাৰকাসকলে খোজকঢ়াৰ দৃশ্যত অভ্যস্ত।

কিন্তু এইবাৰ অস্কাৰ বঁটা প্ৰদানৰ স্থান ডলবি থিয়েটাৰ এলেকাত চেম্পিয়ন ৰঙৰ কাৰ্পেটেৰে সজাই তোলা হৈছে। কিন্তু ৬২ বছৰত এই পৰিৱৰ্তনৰ কাৰণ কি?

ইণ্টেৰিয়ৰৰ দায়িত্বত থকা শিল্পীসকলৰ মতে, প্ৰায় দুপৰীয়া-বিয়লিৰ পৰাই কাৰ্পেটত তাৰকাসকল আহিবলৈ আৰম্ভ কৰে। সোণালী ৰঙৰ কাৰ্পেট জৰিয়তে কৰ্তৃপক্ষই ৰ’দক বুজাব পাৰিছে।  সোণালী কাৰ্পেটৰ জৰিয়তে ছবি জগতখনৰ "গোল্ডেন আৱাৰ"ৰ ধাৰণাক উজ্জ্বল কৰি তুলিব বিচৰা হৈছে৷

ইয়াৰ উপৰিও শেহতীয়াকৈ ৰেড কাৰ্পেটৰ ঠাইত কেইবাখনো ছবিৰ প্ৰিমিয়াৰৰ পৰা আৰম্ভ কৰি বঁটা প্ৰদান অনুষ্ঠানলৈকে অন্যান্য ৰঙীন কাৰ্পেটে ঠাই লোৱা দেখা গৈছে৷ উদাহৰণস্বৰূপে মেট গালাত গোলাপী কাৰ্পেট, ডিজনীত নীলা কাৰ্পেট, ‘ব্লেক পেন্থাৰ: ৱাকাণ্ডা ফৰ এভাৰ’ৰ প্ৰিমিয়াৰত বেঙুনীয়া কাৰ্পেট ব্যৱহাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী